নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাংমা Vs চাংমা : মেঘালয়ৰ বিধানসভা নিৰ্বাচনত সম্পত্তিৰ ৰজা কোন?

বিশেষ বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ অহা ২৭ ফেব্ৰুৱাৰীত মেঘালয়ত বিধানসভা নিৰ্বাচন। সেই সময়তে আহিছে ৰাজ্যখনৰ আটাইতকৈ ধনী প্ৰাৰ্থীৰ কথা। উল্লেখ্য যে মেঘালয় বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সৰ্বাধিক ধনী প্ৰাৰ্থী মেঘালয়ৰ বিধানসভাৰ অধ্যক্ষ মেটবাহ লিংডোৰ সম্পত্তি বিগত পাঁচ বছৰত ৬৮ শতাংশ বৃদ্ধি পাই ১৪৬.৩১ কোটি টকা হৈছে। এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ এণ্ড মেঘালয় ইলেকচন ৱাচৰ এক প্ৰতিবেদন অনুসৰি ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী লিংডোই ৮৭.২৬ কোটি টকাৰ সম্পত্তি দাখিল কৰিছিল। যিটো এতিয়া ১৪৬.৩১ কোটিলৈ বৃদ্ধি পাইছে। এইবাৰ তেওঁ পুনৰ মৰাং আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ উপৰি নিৰ্বাচনত মনোনয়ন দাখিল কৰা ৬১জন প্ৰাৰ্থীৰ সম্পত্তি গড়ে ৭৭ শতাংশ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সম্পত্তি ১৬৪ শতাংশ বৃদ্ধি পাইছে। ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ ৫.৩৩ কোটি টকা দাখিল কৰিছিল, যিটো এতিয়া ১৪.০৬ কোটি টকালৈ বৃদ্ধি পাইছে। আনহাতে, যোৱা পাঁচ বছৰত নগৰ পৰিক্ৰমা মন্ত্ৰী স্নিয়াভলাং ধৰৰ সম্পত্তি ৬০৭ শতাংশ বৃদ্ধি পাইছে, যিটো সাংমা চৰকাৰৰ সৰ্বোচ্চ। প্রতিবেদনত উল্লেখ কৰা অনুসৰি এন পি পিৰ প্রার্থী হিচাপে নার্তিয়াঙৰ আসনৰ পৰা পুনৰ নির্বাচিত হোৱা ধৰে ২০১৮ চনত ৬ কোটি টকাৰ সম্পত্তি ঘোষণা কৰিছিল, যিটো সম্পত্তি ৪৫ কোটিলৈ বৃদ্ধি পাইছিল৷ আনহাতে, ডাডেংৰে সমষ্টিৰ পৰা পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা শক্তিমন্ত্ৰী জেমছ পি কে চাংমাৰ সম্পত্তি ২০১৮ চনত ৭ কোটি টকাৰ পৰা ২০২৩ চনত ৫৩ কোটি টকালৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰি বিৰোধী দলপতি মুকুল চাংমা আৰু তেওঁৰ পত্নী ডি ডি শ্বিৰাৰ সম্পত্তিও ১০৮ শতাংশ বৃদ্ধি পাইছে। ২০১৮ চনত তেওঁ ১৩.৫৯ কোটি টকাৰ সম্পত্তি ঘোষণা কৰিছিল, যিটো ২০২৩ চনত ২৮.২১ কোটি টকালৈ বৃদ্ধি পাইছিল।

You might also like