নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এজনে আনজনলৈ দোষ ঠেলি বিভ্রান্ত কৰিছে সোনম–ৰাজে

🔹 ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড কোন?

🔹 ভাৰাতীয়া হত্যাকাৰীক ধন দিছিল সোনমৰ সম্পর্কীয় ভাতৃ জিতেন্দ্র ৰঘুবংশীয়ে

🔹 অভিযুক্ত আকাশ ৰাজপুতে চোকা অস্ত্রৰে প্রথম আঘাত কৰিছিল ৰাজাক

🔹 সোনমৰ পৰিকল্পনা অনুসৰি আগবাঢ়িবলৈ অস্বীকাৰ কৰিছিল প্ৰেমিক ৰাজে

বিশেষ বাৰ্তা, ১৩ জুন : ইন্দোৰৰ বাসিন্দা ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডক লৈ সৃষ্টি হোৱা ৰহস্যৰ ওৰ এতিয়াও পৰা নাই৷ বৰঞ্চ তদন্ত কৰিবলৈ গৈ বিভ্রান্তিৰ সন্মুখীন হ’বলগীয়া হৈছে মেঘালয় আৰক্ষীয়ে গঠন কৰা বিশেষ তদন্তকাৰী গোট (এছআইটি)৷ ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড কোন, তাক লৈ এছআইটি বিমোৰত পৰিছে৷ কিয়নো এজনে আনজনলৈ দোষ ঠেলি হত্যাকাণ্ডৰ মূল অভিযুক্ত সোনম ৰঘুবংশী আৰু ৰাজ কুছৱাহাই এছআইটিক বিভ্রান্ত কৰি তুলিছে৷ সম্প্রতি আৰক্ষীৰ জিম্মাত থকা সোনমে এই সমগ্র হত্যাকাণ্ডৰ পৰিকল্পনাৰ আঁৰত ৰাজ কুছৱাহা আছিল বুলি ভাষ্য প্রদান কৰিছে৷ ইয়াৰ বিপৰীতে ৰাজ কুছৱাহাৰ মতে, ৰাজাক হত্যা কৰাৰ সমগ্র পৰিকল্পনা কৰিছিল সোনমে৷

এক উচ্চস্তৰীয় সূত্রই সদৰী কৰা তথ্য অনুসৰি ৰাজ কুছৱাহাই প্রকাশ কৰিছে যে শেষ মুহূর্তত তেওঁ মেঘালয়লৈ যাবলৈ অস্বীকাৰ কৰিছিল৷ আনকি এই হত্যাকাণ্ডৰ আন অভিযুক্তসকলকো এই পৰিকল্পনা প্রত্যাহাৰ কৰিবলৈ তেওঁ হেঁচা দিছিল৷ এই সন্দর্ভত এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই এইদৰে কয়– ‘ৰাজে দাবী কৰিছে যে সোনমৰ পৰিকল্পনা তেওঁ সমর্থন কৰিব বিচৰা নাছিল আৰু মেঘালয় ভ্রমণৰ পূর্বে পৰিকল্পনা অনুসৰি আগবাঢ়িবলৈ অস্বীকাৰ কৰিছিল৷ কিন্তু আন অভিযুক্তসকলৰ মনত ৰাজা ৰঘুবংশীক হত্যা কৰাৰ দ্বিতীয় পৰিকল্পনাও আছিল৷ অৱশ্যে সোনমে ইতিমধ্যে বিমানৰ টিকট বুক কৰাৰ বাবে বাৰম্বাৰ অভিযুক্তসকলক পূর্বৰ পৰিকল্পনা অনুসৰিয়েই আগবাঢ়িবলৈ জোৰ দিছিল৷ ইয়াৰ বাবদ সোনমে ১৫ লাখ টকাৰ প্রস্তাৱ অভিযুক্তসকলক দিছিল৷’ ইতিমধ্যে আৰক্ষীয়ে ৰাজৰ এই ভাষ্যৰ সত্যাসত্য পৰীক্ষা কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে৷

আনহাতে, অভিযুক্ত ৰাজৰ ভাষ্যৰ সম্পূর্ণ বিপৰীত স্বীকাৰোক্তি দিছে স্বামীহন্তা সোনমে৷ আৰক্ষীৰ আগত সোনমে প্রকাশ কৰিছে যে এই সমগ্র ঘটনাৰ আঁৰত আছে ৰাজ৷ প্রকৃততে এজনে আনজনলৈ দোষ ঠেলি সোনম আৰু ৰাজে সমগ্র ঘটনাক আন এক ৰহস্যৰ মাজলৈ ঠেলি দিছে৷ সোনমৰ মতে, ৰাজে এই হত্যাকাণ্ডৰ বাবে প্রয়োজনীয় অস্ত্র–শস্ত্রৰ ব্যৱস্থা কৰাই নহয়, ভাৰাতীয়া হত্যাকাৰীক দিবলগীয়া ধনৰ পৰিমাণ তথা পৰিকল্পনা মতে কাম কৰাৰ বাবেও তেওঁলোকক সন্মত কৰোৱাইছিল৷ দুয়োজনৰ পৰস্পৰবিৰোধী ভাষ্যই তদন্ত প্রক্রিয়া জটিল কৰি তুলিলেও এছআইটিয়ে সঠিক তথ্যৰ বাবে ফৰনছিক তথ্য, মেছেজ আৰু সাক্ষীৰ ভাষ্যও সংগ্রহ কৰিছে৷

উল্লেখ্য যে যোৱা ১১ মে’ত ৰাজা আৰু সোনম বিবাহপাশত আবদ্ধ হৈছিল৷ ইয়াৰ পাছতে নৱদম্পতী কামাখ্যা মন্দিৰ দর্শনৰ লগতে মেঘালয়ত হনীমুনৰ সিদ্ধান্ত গ্রহণ কৰে৷ সেই অনুসৰি তেওঁলোক মেঘালয়ত উপস্থিত হোৱাৰ পাছতে ৰাজা আৰু সোনম সন্ধানহীন হৈ পৰে৷ ২ জুনত ৰাজাৰ মৃতদেহ এটা দ খাৱৈৰ পৰা উদ্ধাৰ কৰা হয়৷ প্রাৰম্ভিক অৱস্থাত নৱদম্পতী ডকাইতি কাণ্ডৰ বলি হোৱা বুলি সন্দেহ কৰা হৈছিল যদিও সোনমে গাজীপুৰত আত্মসমর্পণ কৰাৰ পাছতে সমগ্র ঘটনা পোহৰলৈ আহে৷ ইতিমধ্যে আৰক্ষীয়ে সোনমৰ লগতে তেওঁৰ অবৈধ প্রেমিক ৰাজ আৰু ভাৰাতীয়া হত্যাকাৰী আকাশ ৰাজপুত, বিশাল সিং চৌহান আৰু আনন্দ কুর্মীক গ্রেপ্তাৰ কৰিছে৷

ইফালে, তদন্ত প্রক্রিয়া আগবাঢ়ি যোৱাৰ লগে লগে সমগ্র ঘটনাৰ সৈতে নতুনকৈ নাম সাঙোৰ খাইছে সোনমৰ সম্পর্কীয় ভাতৃ জিতেন্দ্র ৰঘুবংশীৰ ৷ আৰক্ষীয়ে প্রকাশ কৰা অনুসৰি, সোনমৰ হৈ ভাৰাতীয়া হত্যাকাৰীক ধন যোগান ধৰিছিল জিতেন্দ্র ৰঘুবংশীয়ে৷ তেওঁ ইউপিআই একাউণ্টৰ জৰিয়তে আকাশ ৰাজপুত, বিশাল সিং চৌহান আৰু আনন্দ কুর্মীক যোৱা ২৩ মে’ত প্রতিশ্রুতি অনুসৰি প্রথম কিস্তিৰ ধন প্রদান কৰিছিল৷ সেইদিনাই ৰাজাক মেঘালয়ত হত্যা কৰা হৈছিল৷ অৱশ্যে ৰাজাক হত্যা কৰাৰ পূর্বে নে পাছত জিতেন্দ্র ৰঘুবংশীয়ে এই ধন প্রদান কৰিছিল, সেয়া তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই৷ আৰক্ষীয়ে সদৰী কৰা অনুসৰি সোনমে পৰিচালনা কৰা ব্যৱসায়িক কাম–কাজৰ সৈতে দীর্ঘদিন ধৰি জিতেন্দ্র ৰঘুবংশী জড়িত হৈ আছে৷ বিশেষকৈ সমগ্র ব্যৱসায়ৰ বিত্তীয় ব্যয় চোৱাচিতা কৰি আহিছে জিতেন্দ্র ৰঘুবংশীয়ে৷ সেয়েহে হত্যাকাণ্ডৰ বিষয়ে জিতেন্দ্র ৰঘুবংশী অৱগত হৈছিল নে নাই সেয়া আৰক্ষীয়ে পৰীক্ষা কৰি আছে৷ বিশেষকৈ তেওঁলোকক এই ধন কি কাৰণে প্রদান কৰিবলৈ সোনমে নির্দেশ দিছিল তাৰ বিষয়ে জিতেন্দ্র ৰঘুবংশী জ্ঞাত আছিল নে নাই সেয়া জানিবলৈ চেষ্টা কৰিছে আৰক্ষীয়ে৷ বিভিন্ন সূত্রই প্রকাশ কৰা অনুসৰি সোনমে ভাৰাতীয়া হত্যাকাৰীক ২০ লাখ টকা দিয়াৰ প্রতিশ্রুতি দিছিল৷ এই তথ্য কিমান সত্য, তাক লৈও আৰক্ষীয়ে বিশেষ তথ্য প্রদান কৰা নাই৷ আৰক্ষীয়ে প্রকাশ কৰা অনুসৰি বিশালে প্রথমে চোকা অস্ত্রৰে ৰাজাক আক্রমণ কৰিছিল৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে এটা ট্রলী বেগ আৰু তাৰ ভিতৰত থকা এডাল মংগলসূত্রই সমগ্র ঘটনাৰ তদন্তৰ ক্ষেত্রত আৰক্ষীক বিশেষভাৱে সহায় কৰিছিল৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, সদ্যবিবাহিত ৰাজা আৰু সোনম যোৱা ২২ মে’ত মেঘালয়ৰ পূব খাচি জিলাৰ ছোহৰাৰ এটা হোমষ্টেলৈ আহিছিল৷ কিন্তু লক্ষণীয়ভাৱে সেই হোমষ্টেটোত তেওঁলোকৰ কোনো আগতীয়া বুকিং নাছিল৷ সেই সময়ত হোমষ্টেটোত কোনো কোঠাও খালী নাছিল৷ যাৰ পৰিপ্রেক্ষিতত নৱদম্পতীয়ে হোমষ্টেটোত তেওঁলোকৰ ট্রলী বেগ ৰাখি নংৰিয়া গাঁও অভিমুখে ৰাওনা হৈছিল৷ যিহেতু তিনি হাজাৰ খটখটি বগাই উক্ত গাঁওখনত উপস্থিত হ’ব লাগে সেইবাবেই তেওঁলোকে হোমষ্টেত ট্রলী বেগ ৰাখি থৈ গৈছিল৷ ২৩ মে’ত ছোহৰাৰ পৰা উভতি আহি তেওঁলোক ৱেইশ্বডং জলপ্রপাত চাবলৈ যায়৷ এই জলপ্রপাতৰ ওচৰতে ২ জুনত আৰক্ষীয়ে ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰে৷ তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে মেঘালয় আৰক্ষীয়ে ছোহৰাৰ হোমষ্টেৰ পৰা সোনমে এৰি থৈ যোৱা ট্রলী বেগ উদ্ধাৰ কৰে৷ ট্রলী বেগৰ ভিতৰত তদন্তকাৰীয়ে আন সা–সামগ্রীৰ লগতে এটা আঙঠি আৰু এডাল মংগলসূত্র লাভ কৰে৷ বিবাহিত মহিলাৰ বাবে পৱিত্র এই দুয়োবিধ গহনা সোনমে এৰি থৈ যোৱাক লৈ আৰক্ষীৰ মনত সন্দেহৰ সৃষ্টি কৰে৷ কিয়নো কোনো পৰিস্থিতিতে এনে সামগ্রী সচৰাচৰ এৰি থৈ নাযায় আৰু সেই মতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে৷ ইয়াৰ মাজতে যোৱা ৮ জুনত উত্তৰ প্রদেশৰ গাজীপুৰত সোনমে আত্মসমর্পণ কৰাৰ লগে লগে ৰাজা হত্যাকাণ্ডৰ কাহিনী জনচক্ষুলৈ আহিবলৈ আৰম্ভ কৰে৷ কিন্তু এই তদন্ত যে অধিক দীঘলীয়া হ’ব সেয়া ধুৰূপ৷

You might also like