নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনৈতিক নেতাৰ পদূলিত কিয় বাৰে বাৰে থমকে চিআইডিৰ তদন্ত

কোনে মেনেজ কৰে তদন্তকাৰী সংস্থাক

নিয়মীয়া বাৰ্তা ৩০ ছেপ্টেম্বৰঃ   ৰাজ্যত যিকোনো অনিয়ম–দুর্নীতি সংঘটিত হ’লেই তদন্তৰ দায়িত্ব দিয়া হয় অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ অর্থাৎ চিআইডিক৷ চিআইডি তদন্ত ঘোষণাৰে ৰাজ্যবাসীক আশ্বস্ত কৰিব বিচৰাটো মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ সহজ কৌশলত পৰিণত হৈছে৷ কিন্তু দুর্ভাগ্যৰ বিষয়টো হ’ল আৰক্ষীৰ এই বিয়াগোম বিভাগটোৱে কোনো এটা বৃহৎ কেলেংকাৰিৰে ঘাইশিপা উৎখাত কৰিবলৈ সক্ষম নহ’ল৷ বৰং ৰাজনীতিক বা ক্ষমতাশালী ব্যক্তিৰ নাম ওলালেই চিআইডিৰ তদন্ত থমকি ৰয়৷ সোণোৱাল চৰকাৰৰ বিগত চাৰে চাৰি বছৰীয়া কার্যকালত প্রতিটো তদন্তই আধৰুৱা হৈ ৰোৱা পৰিলক্ষিত হৈছে৷ তদন্তৰ নামত প্রথমতে ঢ়াক–ঢ়োল বজোৱা আৰু পৰৱর্তী সময়ত তাক গাপ দিয়াটোৱে যেন দুর্নীতি সন্দর্ভত চৰকাৰী নীতিত পৰিণত হৈছে৷ যাৰ বাবে আৰক্ষীৰ উপ–পৰিদর্শক পদৰ নিযুক্তি কেলেংকাৰিৰ চিআইডি তদন্তও প্রথমৰ পৰাই সন্দেহৰ আৱর্তত সোমাই পৰিছে৷

উল্লেখ্য যে সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখন প্রথমবাৰৰ বাবে বিৰোধীৰ তীব্র আক্রমণৰ সন্মুখীন হৈছিল কয়লা কেলেংকাৰিৰ ক্ষেত্রত৷ উজনি অসমত চলা কয়লাৰ অবৈধ খনন আৰু তাৰ সৰবৰাহৰ ক্ষেত্রত সংঘটিত বৃহৎ অনিয়মৰ অভিযোগে ৰাজ্য চৰকাৰৰ ভেটিত জোকাৰণি তুলিছিল৷ শাসকীয় দলৰ বিধায়কৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্রীৰ ঘনিষ্ঠলৈ সকলোৰে নাম সাঙোৰ খাইছিল কয়লা কেলেংকাৰিৰ লগত৷ চৰম অস্বস্তিৰ সন্মুখীন হৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ঘোষণা কৰিছিল কয়লা কেলেংকাৰিৰ চিআইডি তদন্ত৷ তাৰ পিছতে চিআইডিয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৩৭৯/৪২০/৪৬৮/৪৭ ধাৰাৰ অধীনত ৬/১৮নং গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ কয়লাৰ অবৈধ সৰবৰাহৰ লগত জড়িত ১৩গৰাকী চৰকাৰী বিষয়াৰ লগতে ছিণ্ডিকেট বাহিনীৰ কেইবাজনো সদস্য সেই সময়ত আৰক্ষীৰ জালত পৰে৷ চিআইডিয়ে গ্রেপ্তাৰ কৰা বিষয়াসকল আছিল– ডিটিঅ’ প্রসেনজিৎ ঘোষ, এনফ’চমেণ্ট ইন্সপেক্টৰ চিত্ত কুমাৰ নাথ, টাপুৰাম বৰা, বিশ্বজিৎ ভট্টাচার্য, অঞ্জনজ্যোতি ভট্টাচার্য, এনফ’চমেণ্ট চেকাৰ মাধৱ নেওগ, অনুৰাগ শাণ্ডিল্য, সহকাৰী এনফ’চমেণ্ট ইন্সপেক্টৰ মৃগেন শর্মা, বাবুল মণ্ডল আৰু কৰ অধীক্ষক স্বজল দাস৷ তদন্তৰ আওতালৈ আহিছিল কৰ অধীক্ষক জন সোণাও৷ আনহাতে, কয়লা ছিণ্ডিকেটৰ লগত জড়িত কুলদীপ সিং, মোবাৰক আলী, আছান এ খান, হবিবুৰ ৰহমান, ফাৰুক আহমেদ আদিকো চিআইডিয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ কিন্তু তদন্তৰ বছৰ দিন উকলি যোৱাৰ পিছতো আজিকোপতি কয়লা কেলেংকাৰিৰ চার্জশ্বীট দখল কৰিব পৰা নাই চিআইডিয়ে৷ ইয়াৰ মূল কাৰণটোৱে হ’ল তদন্তকাৰী সংস্থাটোৱে গ্রেপ্তাৰ কৰা পৰিবহণ আৰু কৰ বিভাগৰ বিষয়াসকলৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি দিয়া নাই ৰাজ্য চৰকাৰে৷ সেই সময়ত শাসকীয় দলৰ বহু নেতা, জনপ্রতিনিধি, আৰক্ষী প্রশাসনৰ লগত জড়িত অনেক ক্ষমতাশালী ব্যক্তিৰ নামো তদন্তত পোহৰলৈ আহিছিল৷ কিন্তু এজনো ৰাজনীতিক বা ক্ষমতাশালী লোকৰ নোম এডালেই লৰাব নোৱাৰিলে চিআইডিয়ে৷ চৰকাৰৰ ওপৰত প্রভাৱশালী লোকৰ নাম কয়লা কেলেংকাৰিৰ লগত সাঙোৰ খোৱাৰ লগে লগে সমগ্র অনুসন্ধান প্রক্রিয়াৰ যতি পৰিল৷ তাৰ পূর্বে কংগ্রেছ চৰকাৰৰ আমোলতে কৃষি বিভাগত সংঘটিত বিয়াগোম কেলেংকাৰি সন্দর্ভত ৰুজু হৈছিল দুটা গোচৰ৷ ৭০০ কোটি টকীয়া কৃষি কেলেংকাৰি সন্দর্ভত চিআইডিয়ে ৰুজু কৰা ৫৬/২০১৪ আৰু ১/২০১৫নং গোচৰৰ তদন্ততো বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছিল৷ ৰাষ্ট্রীয় কৃষি বিকাশ যোজনা আৰু ব্রিং গ্রীন ৰিভলুচন টু ইষ্টার্ন ইণ্ডিয়া নামৰ আঁচনি দুখনৰ ৰূপায়ণৰ নামত অসমত এই বৃহৎ দুর্নীতি সংঘটিত হৈছিল৷ কেলেংকাৰিৰ লগত প্রাক্তন কৃষিমন্ত্রী নীলমণি সেন ডেকাৰ পৰা আৰম্ভ কৰি কৃষি বিভাগৰ বহু শীর্ষ বিষয়া দুর্নীতিত লিপ্ত হোৱাৰ স্পষ্ট অভিযোগ উত্থাপন হৈছিল৷ তদন্তৰ অগ্রগতিৰ লগে লগে কৃষি বিষয়াসহ ১৩জন অভিযুক্তক চিআইডিয়ে গ্রেপ্তাৰ কৰে৷ ইয়াৰে মাত্র কেইজনমান বিষয়াৰ বিৰুদ্ধেহে গোচৰ চলোৱাৰ অনুমতি দিছে ৰাজ্য চৰকাৰে৷ অথচ আঁচনি দুখনৰ ন’ডেল বিষয়া কৈলাস তালুকদাৰক অতি কৌশলেৰে ৰক্ষণাবেক্ষণ দিয়া হ’ল৷ কাৰণ তেওঁক গ্রেপ্তাৰ কৰিলেই বহু বিয়াগোম ৰাজনীতিকৰ মুখ খোল খোৱাৰ ভয় আছিল৷ সকলোৱে আশা কৰিছিল যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ ‘দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল’ চৰকাৰখনে কৃষি কেলেংকাৰিত জড়িত প্রতিজন ব্যক্তিকে কাৰাগাৰলৈ নিক্ষেপ কৰিব৷ কিন্তু কেলেংকাৰিটোৰ লগত ৰাজনৈতিক নেতাৰ প্রত্যক্ষ সম্পর্ক প্রমাণ হ’বলৈ লওঁতেই দিছপুৰৰ পৰা নির্দেশ আহিল যে তদন্ত সামৰিব লাগে৷

এনেদৰেই ৭০০ কোটি টকীয়া কৃষি কেলেংকাৰিৰ তদন্ত আধৰুৱা হৈ ৰৈ গ’ল৷ ইফালে, এছআই নিযুক্তি কেলেংকাৰিৰ পূর্বে সোণোৱাল চৰকাৰৰ এক মচিব নোৱাৰা কলংক হৈ পৰিছিল পঞ্চায়ত আৰু গ্রামোন্নয়নৰ নিযুক্তি কেলেংকাৰি৷ ২০১৮ চনৰ ২০ মে’ত অনুষ্ঠিত বিভাগীয় পৰীক্ষাত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত চিআইডিত ৰুজু হৈছিল ১৪/২০১৮নং গোচৰটো৷ তদন্ত চলি থকাৰ মাজতে পঞ্চায়ত আৰু গ্রামোন্নয়নত নিযুক্তিপ্রাপ্তৰ তালিকা প্রকাশ হ’ল৷ বিভাগটোত নিযুক্তি লাভ কৰা ‘মেধাৱী’ প্রার্থীসকলৰ ভিতৰত অন্যতম আছিল মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ ভাইবোৱাৰী নিভা হালৈ পাটোৱাৰী, তেওঁৰ ঘনিষ্ঠ উদয় বর্মনৰ ভতিজা জিতুমণি কলিতা, মন্ত্রী পাটোৱাৰীৰ আন এগৰাকী ঘনিষ্ঠ সর্বেশ্বৰ বর্মনৰ ভতিজা নিতুল বর্মন, তেতিয়াৰ নলবাৰী জিলা বিজেপিৰ সভাপতি বনদীপ ডেকাৰ পত্নী ভণিতা বর্মন, খুলশালী নিজৰা বর্মন, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকাৰ পত্নী নমিতা হালৈ, ঘগ্রাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকাৰ পত্নী মলয়া নেওগ, বড়িগোগ মণ্ডল বিজেপিৰ সভাপতি মৃদুল কলিতা, যুৱ মর্চাৰ তেতিয়াৰ ৰাজ্যিক সম্পাদক জয়ন্ত শইকীয়াৰ পত্নী বর্ণালী দেৱী, দৰং জিলা বিজেপিৰ সভানেত্রী নীলিমা দেৱীৰ কন্যা মধুলেখা দেৱী, খোদ পঞ্চায়ত মন্ত্রী নৱ কুমাৰ দলেৰ আত্মীয় অণিমা পেগু, জহৰজ্যোতি পেগু, প্রিজু দলে, তুলতুল পেগু, দীপালী পাটিৰ, মাজুলীৰ বিজেপি নেতা হেমচন্দ্র দলেৰ আত্মীয় কাংকান দলে, অৰূপ কুলী, কেমন কুলী আদি৷ নিযুক্তিপ্রাপ্তৰ তালিকাৰ পৰা পঞ্চায়ত আৰু গ্রামোন্নয়নত সংঘটিত স্বজন–তোষণ স্পষ্ট হৈ পৰে৷ একে সময়তে পঞ্চায়ত আৰু গ্রামোন্নয়নৰ নিযুক্তিৰ নামত দালাল চক্রই ৮–৯ লাখ টকাকৈ সংগ্রহ কৰাৰো অভিযোগ উত্থাপন হৈছিল৷ কিন্তু চিআইডিয়ে তদন্তৰ নামত মাত্র তিনিজন প্রার্থী নয়নমণি বর্মন, ছাইদুল হক, আক্রাম হুছেইনৰ লগতে এজন নিৰীক্ষকক গ্রেপ্তাৰ কৰিয়ে অভিযান সামৰে৷ নিযুক্তিপ্রাপ্তৰ তালিকাৰ পৰাই চিআইডিৰ তদন্ত আধৰুৱা হৈ ৰোৱাৰ ৰহস্য উদ্ঘাটন হৈ পৰে৷ বিজেপিৰ বিয়াগোম মন্ত্রীৰ পৰা আৰম্ভ কৰি বহু নেতা–পালিনেতাৰ নাম সাঙোৰ খাই থকা পঞ্চায়ত–গ্রামোন্নয় নিযুক্তি কেলেংকাৰিৰ তদন্তও কালক্রমত ফুটুকাৰ ফেন হৈ পৰিল৷ ইফালে, এপিএছচিৰ চৰম দুর্নীতিগ্রস্ত প্রাক্তন অধ্যক্ষ ৰাকেশ পালৰ বিৰুদ্ধে চিআইডিত ৰুজু হোৱা ২৭/২০১৮নং গোচৰটোৰ তদন্তও চৰকাৰৰ অসহযোগিতাত সম্প্রতি গেঁঠেলা মাৰিছে৷ প্রতিটো বৃহৎ কেলেংকাৰিৰ চিআইডিৰ তদন্তৰ শেষ পৰিণতি কি হ’ব পাৰে, ওপৰত উল্লিখিত ঘটনাৰাজিৰ পৰাই তাৰ পূর্বানুমান কৰিব পাৰি৷ এতিয়া ৰাজ্য কঁপোৱা আৰক্ষী নিযুক্তি কেলেংকাৰিত বিজেপি নেতা দিবন ডেকা, পূর্বৰ প্রভাৱশালী আৰক্ষী বিষয়া পি কে দত্তৰ নাম জড়িত হৈ পৰাৰ পিছত এইবাৰো চি আই ডি তদন্তৰ একেই পৰিণতি হ’ব বুলি ৰাইজে আশংকা প্রকাশ কৰিছে৷

You might also like