নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিবেদনত কিয় বাৰে বাৰে ব্যৱহাৰ কৰিছে এপ্রক্সিমেট শব্দঃ জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’টত চূড়ান্ত গাফিলতিৰ অভিযোগ

  • জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’টত চূড়ান্ত গাফিলতিৰ অভিযোগ
  • জিএমচিএইচৰ ফৰেনছিক বিভাগৰ প্রাক্তন মুৰব্বী অধ্যাপক ডাঃ প্রতাপ চন্দ্র শর্মাৰ প্রত্যাহ্বান
  • এয়া চিকিৎসকৰ ৰিপ’ট হ’বই নোৱাৰে
  • অৱহেলিতভাৱে প্রস্তুত কৰা হৈছিল মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ট
  • প্রতিবেদনত কিয় বাৰে বাৰে ব্যৱহাৰ কৰিছে এপ্রক্সিমেট শব্দ
  • মূৰৰ সোঁফালে নে বাঁওফালে, শৰীৰৰ ওপৰ অংশ কিমান চেণ্টিমিটাৰ আঁতৰত আঘাত হৈছে, এই বিষয়বোৰ স্পষ্টকৈ উল্লেখ কৰা নাই

 

নিয়মীয়া বাৰ্তা, ২০ মে’: খৰধৰকৈ উপ–পৰিদর্শক জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল নেকি? ৰহস্যজনকভাৱে মৃত্যু হোৱা সত্ত্বেও জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাত ল’বলগীয়া সতর্কতা আৰু পর্যবেক্ষণত আৰক্ষীয়ে গুৰুত্ব নিদিলে নেকি? এনে একাধিক বিষয়ক লৈ চলি থকা চর্চাৰ মাজতে জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনত চূড়ান্ত গাফিলতিৰ অভিযোগ উত্থাপন হৈছে৷ আনকি চৰম অৱহেলিতভাৱে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল বুলিও মুকলিকৈ অভিযোগ তুলিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ফৰেনছিক বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ প্রতাপ শর্মাই৷ উল্লেখ্য যে নগাঁও অসামৰিক হাস্পতালত সম্পন্ন হোৱা মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন কালি ৰাজহুৱা হৈছে৷ এই প্রতিবেদন মতে মগজুৰ ৰক্তক্ষৰণৰ ফলত হূদক্রিয়া বন্ধ হৈ জোনমণি ৰাভাৰ মৃত্যু হোৱা বুলি উল্লেখ কৰাৰ লগতে প্রতিবেদনত উল্লেখ কৰিছিল যে উপ–আৰক্ষী পৰিদর্শকগৰাকীৰ দুয়োফালৰ বুকুৰ হাঁড় ভাঙি যোৱাৰ লগতে আঁঠু, ভৰি, কিলাকুটিত আঁচোৰৰ চিন স্পষ্ট আছিল৷ তদুপৰি মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনত মূৰৰ পিছফালে আঘাত থকাৰ কথাও উল্লেখ কৰা হৈছিল৷ কিন্তু সমগ্র প্রতিবেদনখনক লৈ সৰৱ হৈ পৰিছে ডাঃ প্রতাপ শর্মা৷ অৱসৰপ্রাপ্ত চিকিৎসকগৰাকীৰ মুকলি অভিযোগ– সম্পূর্ণ অৱহেলিতভাৱে প্রস্তুত কৰা হৈছিল জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন৷ এই প্রতিবেদনত আৰক্ষী বিষয়াগৰাকীয়ে আঘাত পোৱাৰ কথা লিখিছে যদিও আঘাতৰ চিনৰ কথা স্পষ্টকৈ লিখা নাই৷ ইয়াৰ বিপৰীতে বাৰে বাৰে ব্যৱহাৰ কৰিছে এপ্রক্সিমেট শব্দ৷

চিকিৎসকগৰাকীৰ অভিযোগ– যিয়ে এই প্রতিবেদন লিখিছে তেওঁ এক্সপার্ট নহয়৷ এপ্রক্সিমেট শব্দ লিখিব নোৱাৰে৷ আঘাত ক’ত ক’ত হৈছে স্পষ্টকৈ লিখিব লাগিব আৰু কিমান চেণ্টিমিটাৰ জোখত আঘাত হৈছে সেয়া লিখিব লাগিছিল৷ ইয়াৰ বিপৰীতে মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনত বহু দিশ উলাই কৰা হৈছে৷ আনকি দেহৰ আঘাতৰ বহু দিশ উল্লেখ কৰা নাই৷ এয়া চিকিৎসকে লিখা মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন নহয়৷ চূড়ান্ত গাফিলতি কৰা হৈছে, মই প্রত্যাহ্বান জনাইছোঁ৷ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন প্রস্তুত কৰা চিকিৎসকে আইনী মেৰপেঁচলৈ গ’লে ধোঁৱা–কোঁৱা দেখিব৷ আনহাতে মূৰত আঘাত পোৱা বুলি লিখিছে৷ কিন্তু মূৰৰ সোঁফালে নে বাঁওফালে, শৰীৰৰ ওপৰ অংশৰ কিমান চেণ্টিমিটাৰ জোখত আঘাত হৈছে, এই বিষয়বোৰ স্পষ্টকৈ উল্লেখ কৰা নাই৷ কোনো ফৰেনছিক বিজ্ঞান জনা লোকে এই কথা লিখিব নোৱাৰে৷ প্রতিবেদন স্পষ্ট নহ’লে মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃত্যুৰ কাৰণ স্পষ্ট হ’ব নোৱাৰে৷ তদুপৰি এনে আসোঁৱাহৰ বাবে মৃত্যুৰ মূল কাৰণ কি সেয়াও স্পষ্টকৈ ওলাই নপৰে৷ এই বিষয়বোৰ গুৰুত্ব নিদিলে মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসক জে’ললৈ যাব লাগিব৷ উল্লেখ্য যে কালি জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন প্রকাশৰ পিছতে আৰক্ষী বিষয়াগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ ভিডি’ ৰেকর্ডিং কিয় কৰা নহ’ল তাক লৈও প্রশ্ণ উঠিছে৷ বিষেকৈ এগৰাকী মহিলাৰ মৰণোত্তৰ পৰীক্ষাৰ ক্ষেত্রত আৰক্ষী তথা নগাঁও অসামৰিক চিকিৎসালয়ে যিসমূহ বিশেষ ব্যৱস্থা ল’ব লাগিছিল তাক আওকাণ কৰা বুলিও অভিযোগ উঠিছে৷

You might also like