নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগন্তুক লোকসভা নির্বাচনক লৈ ৰাজ্যিক বিজেপিৰ বিশেষ প্রস্তুতিঃ ৩০ মে’ৰ পৰা ৩০ জুনলৈ মহাসম্পর্ক অভিযান

  •  এক লাখ লোকক স্পর্শ কৰাৰ লক্ষ্য
  • সমালোচকৰ কাষ চাপিব ৰাজ্যিক নেতৃত্ব

 

নিয়মীয়া বাৰ্তা, ২০ মে’: একাংশ জ্যেষ্ঠ নেতাৰ অসন্তুষ্টিৰ সমান্তৰালকৈ একাংশ বিষয়ববীয়াৰ অপৰাধৰ সৈতে সম্পর্কক লৈ ৰাজ্যিক বিজেপিত সৃষ্টি হৈ থকা কিছু খাম–খেয়ালিৰ মাজতে ২০২৪ চনৰ লোকসভা নির্বাচনৰ বাবে দলটোৱে আৰম্ভ কৰিছে বিশেষ প্রস্তুতি৷ মুখ্যতঃ দলৰ একাংশ নেতা–কর্মীৰ অসন্তুষ্টি আঁতৰোৱাৰ লগতে ভোটাৰৰ ওচৰ চপাৰ লক্ষ্যৰে ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰিব বিচাৰিছে জনসম্পর্ক অভিযান৷ এই উদ্দেশ্যে আজি মহানগৰীৰ বশিষ্ঠত থকা ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত অনুষ্ঠিত হয় বিষয়ববীয়া সভাৰ লগতে কেইবাখনো সাংগঠনিক সভা৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিষয়ববীয়াৰ সভাখনত ৰাজ্যিক বিজেপিৰ প্রভাৰী তথা ৰাষ্ট্রীয় উপ–সভাপতি বৈজয়ন্ত পাণ্ডা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মাৰ লগতে সাধাৰণ সম্পাদক, সম্পাদক, উপ–সভাপতি, মুখ্য মুখপাত্র আদিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত শেহতীয়াকৈ দলৰ ভাবমূর্তি নষ্ট কৰা একাংশ অপৰাধী বিষয়ববীয়াক লৈ যথেষ্ট চর্চা চলে৷ এই বৈঠকতে দলে অনাগত দিনত যিকোনো অপৰাধৰ সৈতে জড়িত থকা বুলি প্রমাণিত হ’লে তেনে নেতা–বিষয়ববীয়াক দলৰ পৰা তৎকালে আঁতৰ কৰাৰো সিদ্ধান্ত গ্রহণ কৰা হয়৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ এই সন্দর্ভত স্পষ্ট মন্তব্য– দলত স্থান নাই কোনো দাগী অপৰাধীৰ৷ দাগী লোকৰ দ্বাৰা দল পৰিচালিত নহয়৷ উল্লেখ্য যে শেহতীয়াকৈ নকল সোণ সৰবৰাহত জড়িত হৈ থকা লখিমপুৰৰ বিজেপিৰ সংখ্যালঘু কোষৰ কোষাধ্যক্ষ আবু ছহিদক লৈ সৃষ্টি হৈছিল তুমুল প্রতিক্রিয়াৰ, যাৰ বাবে দলে খৰখেদাকৈ আবু ছহিদক দলৰ পৰা অব্যাহতি দিবলৈ বাধ্য হয়৷ ইফালে এই বৈঠকতে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰৰ নৱম বর্ষপূর্তি উপলক্ষে অহা ৩০ মে’ৰ পৰা ৩০ জুনলৈকে দেশজুৰি মাহজোৰা মহাসম্পর্ক অভিযান কার্যসূচী গ্রহণ কৰাৰ সিদ্ধান্ত লোৱা হয়৷ সভাপতি ভৱেশ কলিতাই প্রকাশ কৰা অনুসৰি এই অভিযান প্রতিটো লোকসভা, বিধানসভা সমষ্টিৰ লগতে বুথ তথা মণ্ডল পর্যায়লৈকে চলিব৷ এক লাখ লোকক স্পর্শ কৰাৰ লক্ষ্যৰে আৰম্ভ হ’বলগীয়া এই অভিযানত দলৰ সকলো মন্ত্রী–বিধায়ক, সাংসদ, ৰাজ্যিক আৰু জিলা বিষয়ববীয়াসকলে অংশগ্রহণ কৰিব৷ উল্লেখ্য যে শাসকীয় দলটোৱে গ্রহণ কৰা একাংশ নীতিক লৈ বিভিন্ন সময়ত সমালোচনাৰ সৃষ্টি হৈ আহিছে৷ এনে সমালোচনা কৰা লোকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ মনৰ কথা জানিবলৈও জনসম্পর্ক অভিযানৰ জৰিয়তে চেষ্টা চলাব ৰাজ্যিক বিজেপিয়ে৷ এই সন্দর্ভত সভাপতি কলিতাই কয় যে সমালোচনা মানেই বিৰোধ নহয়৷ এই নীতিৰে সমাজৰ বিভিন্ন স্তৰত ব্যক্তিৰ ওচৰলৈ যাব দলৰ বিষয়ববীয়া৷ মন কৰিবলগীয়া যে আজিৰ বিষয়ববীয়াৰ সভাৰ পিছতে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ উপস্থিতিত দলত ৩৯খন সাংগঠনিক জিলা সভাপতি আৰু জিলা প্রভাৰীসকলক লৈ বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালেও দলৰ কার্যকর্তাসকলক উদ্দেশ্যি সাংগঠনিক দিশৰ ওপৰত বক্তব্য ৰাখে৷

You might also like