নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ

নিয়মীয়া বাৰ্তা, ২০ মে’: বিমুদ্রাকৰণৰ পিছত প্রচলিত ২০০০ টকীয়া নোটৰ প্রচলন বন্ধ কৰাৰ বৃহৎ সিদ্ধান্ত ভাৰতীয় ৰিজার্ভ বেংক (আৰবিআই)ৰ৷ আৰবিআয়ে ২০০০ টকীয়া নোটৰ প্রচলন বন্ধ কৰিলেও ইয়াৰ বৈধতা থাকিব৷ চলি থকা এই ২০০০ টকীয়া নোট ব্যৱহাৰ কৰি থাকিব পাৰিব৷ আৰবিআয়ে নির্দেশনাযোগে বেংকসমূহক ২০০০ টকীয়া নোটৰ প্রচলন বন্ধ কৰাৰ নির্দেশ দিয়াৰ লগতে অহা ২৩ মে’ৰ পৰা এই নোটসমূহ বেংকত জমা কৰাৰ পদক্ষেপ ল’বলৈ দিছে৷ অহা ৩০ ছেপ্ঢেম্বৰৰ ভিতৰত ২০০০টকীয়া নোট বেংকসমূহত জমা ৰাখিবলৈ নির্দেশ দিছে৷ ৩০ ছেপ্ঢেম্বৰলৈকে ২০০০টকীয়া নোটৰ সালসলনি কৰা প্রক্রিয়া বেংকসমূহক চলাই যাবলৈ আজি নির্দেশনাটোত আৰবিআয়ে উল্লেখ কৰিছে৷ ২৩ মে’ৰ পৰা ২০০০টকীয়া নোটৰ পৰিৱর্তে বেংকসমূহে এবাৰত ২০ হাজাৰ টকা সালসলনি কৰিবলৈও সীমা নির্ধাৰণ কৰি দিছে৷ উল্লেখ্য যে আৰবিআই আইন ১৯৩৪ৰ ধাৰা ২৪ (১)ৰ অধীনত ২০১৬ চনৰ নৱেম্বৰ মাহত ২০০০টকীয়া নোটৰ প্রচলন কৰা হৈছিল৷ ২০০০টকীয়া নোটৰ ৮৯ শতাংশই ২০১৭ চনৰ মার্চৰ ভিতৰতেই প্রচলন কৰা হৈছিল৷ এই নোটবোৰৰ আয়ুস ৪–৫ বছৰৰ ভিতৰত সমাপ্ত হয়৷ আৰবিআইৰ নির্দেশনাটোত এই কথাও উল্লেখ কৰা হৈছে যে ২০১৮–১৯ বর্ষতেই ২০০০টকীয়া নোটৰ ছপা কার্য বন্ধ কৰা হৈছিল৷

You might also like