নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংগীত সূৰ্য জুবিন গাৰ্গৰ দেহাৱসানত সৰ্বত্ৰ শোক

জুবিন গার্গৰ মৃত্যুৰ খবৰটো এক অসহনীয় খবৰ৷ অসমবাসীয়ে এক ডাঙৰ সম্পদ হেৰুৱালে৷ এতিয়াও এনেকুৱা লাগি আছে তেওঁৰ মৃত্যুৰ খবৰটো যেন মিছা হওক৷ মোৰ এখন চিনেমা ‘তুমি মোৰ মাথোঁ মোৰ’ৰ সময়ত তেওঁক খুব ভালদৰে জানিছিলোঁ৷ ঘৰুৱাভাৱে এক ভাল সম্পর্ক আছিল জুবিন গার্গৰ লগত৷ আচলতে আজি এটা যুগৰ অন্ত পৰিল৷ এই সময়ত আচলতে ভাষাহীন হৈ পৰিছোঁ৷ তেওঁ ইমান সোনকালে আমাক এৰি যাব বুলি ভবা নাছিলোঁ৷

– প্রস্তুতি পৰাশৰ

প্রথম কথা এই মুহূর্তত মই ভাষাহীন হৈ পৰিছোঁ৷ জুবিনৰ মৃত্যু মই বিশ্বাস কৰিব পৰা নাই, মই চক খাইছোঁ৷ এতিয়া আচলতে গৰিমাৰ খবৰ ল’বলৈ লৰালৰিকৈ ৰাওনা হৈছোঁ৷ জুবিনৰ বিষয়ে এই সময়ত ক’ব পৰাকৈ মোৰ মুখৰ পৰা শব্দ ওলোৱা নাই, বহুত দুখ পাইছোঁ৷

– যতীন বৰা

জুবিন গার্গৰ মৃত্যুৰ খবৰটো এতিয়াও বিশ্বাস হোৱা নাই৷ খবৰটো শুনি মই ভাবিছিলোঁ কোনোবাই হয়তো যেন ভুলতে ধেমালি কৰিলে৷ তেওঁৰ এইটো বয়সেই নহয় যে তেওঁ আমাক এৰি গুচি গৈছে৷ জুবিন গার্গৰ ৰিপ্রেচমেণ্ট নাই, অসমৰ বাহিৰত জুবিনৰ নামেই আমাৰ বাবে পৰিচয়, যিদৰে ড০ ভূপেন হাজৰিকাই অসমবাসীক বিশ্ববাসীৰ ওচৰত চিনাকি কৰি দিলে সেইদৰে জুবিন গার্গেও অসমবাসীক জগতসভালৈ লৈ গৈছিল৷ দুয়োজনৰে এতিয়া আমাৰ মাজত এজনো নাই৷ জুবিন গার্গৰ গীতৰ লিৰিক্স, অসমৰ কলা–সংস্কৃতিলৈ যি অৱদান আছিল সেয়া অসমবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰোঁ৷ তেওঁৰ গীতৰ কথাত আছিল মানৱীয়তাৰ বিষয়৷ মই যেতিয়া সৰুতে স্কুললৈ গৈছিলোঁ তেতিয়া জুবিন গার্গ কলেজৰ ছাত্র আছিল৷ ‘তুমি মোৰ মাথোঁ মোৰ’ চিনেমাখন যেতিয়া নির্মাণ হৈছিল তেতিয়া জুবিন বর্তমানৰ মন্ত্রী পৱিত্র মার্ঘেৰিটা আৰু দিগন্ত ভাৰতী দাদাক লৈ আমাৰ ঘৰলৈ আহিছিল৷ মই প্রথমে চিনেমাখন নকৰোঁ বুলি কৈছিলোঁ, কিন্তু জুবিনে ক’লে, ‘তুমি প্রথম গানকেইটা শুনি লোৱাচোন৷ মই গানকেইটা শুনি অভিভূত হৈ পৰিছিলোঁ, ইমান ধুনীয়া লাগিল৷ তাৰপিছত মই চিনেমাখন কৰাৰ বাবে মান্তি হৈছিলোঁ৷’ অভিনেত্রী হিচাপে মই গৰিমাক ফোন কৰি কৈছিলোঁ, ‘তুমি মোৰ মাথোঁ মোৰ’ৰ পার্ট টু কৰিব লাগিছিল, জুবিনৰ লগত আলোচনা কৰিম৷ এই বিষয়টোক লৈ জুবিনক ফোন কৰিছিলোঁ, কিন্তু তেওঁৰ ফোন অফ পালোঁ৷ সেই ইচ্ছা পূৰণ নহ’ল, সেই কথা পতাই নহ’ল আৰু জুবিন এনেকৈ হঠাৎ আমাৰ মাজৰ পৰা গুচি গ’ল৷ আচলতে ভগৱানে আজি আমাক এটা ডাঙৰ চক দিলে, অসমৰ ৰাইজৰ লগত ডাঙৰ অন্যায় হ’ল৷ তেওঁৰ আত্মাই সৰগত সুকলমে থাকক৷

– জেৰিফা ৱাহিদ

জুবিন আৰু মই কৈশোৰৰ পৰাই দুয়ো অভিন্ন বন্ধু আছিলোঁ৷ মোৰ প্রতিটো সমালোচনা জুবিনে আন্তৰিকতাৰে গ্রহণ কৰিছিল৷ জুবিন নাই বুলি মই ভাবিবই নোৱাৰোঁ৷ সংগীতৰ ক্ষেত্রত মুম্বাই যাত্রাত জুবিনেই মোৰ সংগী আছিল৷ ডিজি মিউজিক ষ্টুডি’ত আমি একেলগে বহুত কাম কৰিছোঁ৷ শতাধিক গীত প্রযোজনা কৰিছিলোঁ৷ চুটি আৰু পূর্ণদৈর্ঘ্যৰ ছবি নির্মাণ কৰিছোঁ৷ মোৰ মনত এতিয়াও এইটোৱেই ভাব আছে যে জুবিন ছিংগাপুৰৰ পৰা অনুষ্ঠান কৰি অসমলৈ উভতি আহিব৷ অনুষ্ঠানৰ অভিজ্ঞতাৰ বিষয়ে আমি একেলগে সময়–সুযোগ মিলিলে আলোচনা কৰিম৷ জুবিন গার্গ অসমৰ সংগীত জগতত খোজ দিয়েই প্রতিভাৰ উমান দিয়ে আৰু সংগীত জগতৰ এক চিনাকি নাম হৈ পৰে৷ শ্রোতাৰ অভাৱনীয় সঁহাৰি লাভ কৰে৷ জুবিনে অসমীয়া শ্রোতাক অসমীয়া থলুৱা সুৰ আৰু পশ্চিমীয়া ৰক সংগীতৰ মিশ্রণ ঘটাই এক অভিনৱ সুৰৰ জুতি দিয়ে৷ অসমীয়া সংগীত উদ্যোগত এক নতুন মানদণ্ডৰ সৃষ্টি কৰি নতুন যুগৰ সূচনা কৰে৷ জুবিন সদায় মোৰ লগত আছে আৰু থাকিব৷

– পৱিত্র মার্ঘেৰিটা

অসমৰ নয়নৰ শিল্পী জুবিনৰ বিয়োগৰ খবৰ শুনি মর্মাহত হৈছোঁ৷ জুবিনৰ এটা অদ্ভুত সুৰ আছিল৷ সেই সুৰে সকলো শ্রেণীৰ মানুহকে মোহিত কৰিছিল৷ অতুলনীয় আধুনিক সংগীত শিল্পীগৰাকী অকালতে মেলানি মগাত আধুনিক সংগীতত যথেষ্ট প্রভাৱ পৰিব৷ জুবিনৰ গীতৰ ধাৰাৰো অকাল মৃত্যু হ’ল৷ জুবিনে নিজৰ মূল্য নিজে নুবুজিলে৷ অন্তৰ ভৰি আছে জুবিনৰ গানেৰে৷ বহুদিন জুবিনে গীত গোৱাটো কামনা কৰিছিলোঁ, হঠাতে শেষ হোৱাৰ কথা কল্পনা কৰা নাছিলোঁ৷ জুবিন আমাৰ মাজত গানৰ মাজেৰে সদায় থাকিব৷ কিন্তু জুবিন শাৰীৰিকভাৱেও থকাৰ সময় আছিল শূন্য কৰি গুচি গ’ল, মর্মাহত হৈছোঁ৷

– অনুৰাধা শর্মা পূজাৰী

কি ক’ম ক’বলগীয়া একো শব্দই বিচাৰি পোৱা নাই৷ সংগীত জগতত এই ক্ষতি অপূৰণীয়৷ অসমৰ সম্পদ এগৰাকী এনেদৰে হেৰুৱাম বুলি কেতিয়াও ভবা নাছিলোঁ৷ অসহনীয়… অকল্পনীয়… মই স্তব্ধ…৷ জুবিনৰ বিয়োগৰ খবৰে মোক ব্যথিত কৰি তুলিছে৷ বিশ্বাস কৰিব পৰা নাই যে জুবিন আৰু নাই৷ যিজন মানুহ ইমানেই সৰল আছিল যে সকলোকে পলকতে আপোন কৰি ল’ব পাৰিছিল, সেই মানুহজন নাই বুলি মই কেতিয়াও ভাবিব নোৱাৰোঁ৷ তেওঁৰ মনটো একেবাৰে শিশুসুলভ আছিল, মই তেওঁক একেবাৰে ওচৰৰ পৰা বহুবাৰ লগ পাইছোঁ৷ মোৰ প্রথম গানটো জুবিনৰ লগতে কৰা হৈছিল৷ চৈধ্য বছৰ বয়সতে প্রথম চিনেমাখনো জুবিনৰ লগতে কৰিছিলোঁ৷

– আইমী বৰুৱা

জুবিন এজন অসমপ্রেমী আছিল৷ সদায় অসমৰ চিন্তাতে জুবিনৰ প্রতিটো দিন পাৰ হৈছিল৷ মুম্বাইৰ বহু প্রতিষ্ঠিত সংগীত পৰিচালকে জুবিনৰ প্রতিভা দেখি তাত থাকি যাবলৈ কোৱাৰ পিছতো অসমৰ প্রতি থকা ত্রাণৰ বাবেই অসমতেই থাকিছিল৷ এ আৰ ৰেহমানেও জুবিনক ব্যৱহাৰ কৰিছিল৷ ভূপেনদাই এদিন কৈছিল– ‘জুবিনৰ কণ্ঠটোত এনেকুৱা এটা বস্তু আছে, যিটো কাৰো নাই৷’ অসমৰ লগতেই জুবিনৰ প্রাণটো আছিল৷ কিন্তু দুর্ভাগ্যৰ কথা যে অসমৰ মাটিৰ পৰিৱর্তে আজি বিদেশৰ ভূমিত শেষ নিশ্বাস ত্যাগ কৰিব লগা কথাটোৱে আমাক সঁচাকৈয়ে দুঃখিত কৰিছে৷ জুবিনৰ অসমপ্রেম তুলনাবিহীন আছিল৷ জুবিনে অসম এৰি বুম্বাইত থাকিলে সর্বভাৰতীয় সংগীতৰ আকাশত বহু ওপৰলৈ যাব পাৰিলে হয়৷ এতিয়াও বহু কাম কৰিছে, কিন্তু প্রতিটো কাম তুলনাবিহীন আছিল৷ জুবিন এটা উজ্জ্বল নক্ষত্র হৈ অসমৰ সংগীতৰ আকাশত যিটো জিলিকনিৰ সৃষ্টি কৰি থৈ গ’ল, সেই জিলিকনিৰ পোহৰত অসমৰ নতুন প্রজন্মই আশা দেখিছিল৷ অসমৰ জাতীয় জীৱনৰ যিবিলাক সাংস্কৃতিক অনুষ্ঠান হৈছিল, সেই অনুষ্ঠানবোৰত হিন্দী বা অন্য ধৰণৰ গীতৰ পৰিৱর্তে জুবিনৰ অসমীয়া গীতে প্রাধান্য লাভ কৰিছিল৷ আজিৰ প্রজন্ম প্রায় সকলো সময়তে অসমীয়াৰ গীত বিশেষকৈ জুবিনৰ গীত শুনিবলৈ বাধ্য কৰাইছিল জুবিনে সৃষ্টি কৰি থৈ যোৱা সেই অমৰ গীতসমূহে৷ ইমান কম বয়সত, কম সময়ৰ ভিতৰত এজন কণ্ঠশিল্পীয়ে ইমান সফলতা লাভ কৰাৰ উদাহৰণ পৃথিৱীতেই বিৰল৷ জুবিনে অসমৰ জাতীয় জীৱনৰ এটা অধ্যায় দখল কৰি থাকিব৷ সেই অধ্যায়টো হ’ল সোণালী জুবিনৰ সংগীত৷ ভূপেন হাজৰিকাৰ ষ্টুডি’ত বহু বছৰ আগতে জুবিনক লগ পাইছিলোঁ৷ তেতিয়া গানবোৰ আহি শুনাইছিল৷ তেতিয়াৰ পৰা আজিলৈকে লগ পালে অনুভৱ হয় জুবিন যেন এক শক্তি৷ সন্মোহিত শক্তি৷ যি শক্তিৰ প্রেমত বলিয়া আছিল সংগীতপ্রেমী জনসাধাৰণ৷ আজি গভীৰ বেদনাৰে জুবিনৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ৷ জুবিন তুমি য’তেই থাকা চিৰসুন্দৰৰ কোলাত বহি যেন পুনৰ গীতকেই গুণগুণাবা৷ ওঁম শান্তি৷

– কমল কটকী

জুবিন গার্গৰ আকস্মিক বিয়োগ আমাৰ বাবে কল্পনাৰো অতীত৷ মই মর্মাহত হৈছোঁ৷ আমি যিখিনি মানুহ ভূপেন হাজৰিকাৰ গানৰ মাজেৰে শৈশৱ, যৌৱন পাৰ হৈ আহিছোঁ, আমাৰ বাবে জুবিনৰ গানে নতুন সোৱাদ দিছিল৷ তেওঁৰ বলিষ্ঠ কণ্ঠ আৰু স্পষ্ট উচ্চাৰণ বহুক্ষেত্রতেই ভূপেনদাৰ লগত মিলে৷ তথাপি জুবিনৰ গায়নশৈলী আছিল একক আৰু অনন্য৷ তেওঁক মই কেইবাবাৰো ওচৰৰ পৰা পাইছোঁ৷ মোৰ পুত্র কৃশাণোৱে তেওঁৰ গীতৰ এলবামৰ ডিজাইন কৰা সূত্রে এক আত্মীয়তাও গঢ়ি উঠিছিল৷ সঘনে লগ পাই নাথাকিলেও তেওঁ আছিল আমাৰ আপোন৷ তেওঁ অসমীয়া তৰুণ প্রজন্মৰ বুকুৰ আপোন, সংগীতৰ সম্রাট আছিল৷ তেওঁৰ উপস্থিতিয়ে আছিল এক প্রবল উল্লাস৷ জুবিনৰ গানৰ ভিতৰত ‘পাখি পাখি এই মন’ গীতটিয়ে মোৰ সকলো দুখ–বেজাৰ পাহৰাই দিয়ে৷ দোষে–গুণে মই জুবিনক ভাল পাইছিলোঁ৷ তেওঁৰ সকলো আচৰণৰে সৈতে ভাল পাইছিলোঁ৷ কাৰণ জুবিনৰ ভিতৰত আছিল এক নির্মল শিল্পীসত্তা৷ তেওঁৰ ভিতৰত গান আৰু সুৰ হীৰা–মুকুতাৰ দৰে জিলিকি আছিল৷ অসমীয়া জাতিৰ দুর্ভাগ্য যে আমি অকালতে তেওঁক হেৰুৱালোঁ৷ যুগে যুগে তেওঁ অসমীয়া মানুহৰ চেনেহৰ আসনত প্রতিষ্ঠিত হৈ থাকিব৷ জুবিন গার্গ মৃত্যুঞ্জয়ী, অমৰ শিল্পী৷ বুকু ভঙা বেদনাৰ মাজেৰে তেওঁলৈ মোৰ চকুপানীৰে অঞ্জলি যাচিলোঁ৷

–কৰবী ডেকা হাজৰিকা

এক মানি ল’ব নোৱাৰা বাতৰি৷ মিছা হওক খবৰটো৷ এক সোণালী কণ্ঠ হেৰাই গ’ল৷ এটা তৰা নোহোৱা হ’ল৷ এই মুহূর্তত মই বাক্ৰুদ্ধ হৈ পৰিছোঁ৷ এক সাহসী সত্তাক অকালতে হেৰুৱালোঁ৷ জুবিন ৰাইজৰ শিল্পী আছিল৷ সকলোৰে মৰমৰ শিল্পী আছিল৷ আজি শিশুৰ পৰা বৃদ্ধলৈকে প্রতিজনেই শোকবিহ্বল হৈ পৰিছে৷ সদৌ অসম ছাত্র সন্থাৰ ফালৰ পৰা হার্টথ্র’বগৰাকীলৈ গভীৰ শ্রদ্ধাঞ্জলি নিবেদন কৰিছোঁ৷ তেওঁৰ পুণ্যাত্মাৰ সদ্গতি কামনা কৰিলোঁ৷ ছাত্র সন্থাই তেওঁৰ প্রতি শ্রদ্ধা জনাই ৭ দিনৰ বাবে সংগঠনৰ পতাকা অর্ধনমিত কৰি ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছোঁ৷

সমুজ্জ্বল ভট্টাচার্য

তিনিটা দশক৷ মাথোন এটাই নাম– জুবিন গার্গ৷ যিগৰাকী শিল্পীৰ কণ্ঠই পুৱাৰপৰা নিশালৈকে অসমীয়াৰ প্রাণসঞ্চাৰ কৰে৷ দুখত নিচুকায়৷ সুখত আনন্দ দিয়ে৷ গছে দিয়া নিবিড ছাঁৰ দৰে৷ তেওঁৰ আশ্রয়তেই অতবোৰ লোক জীয়াই আছিল৷ কতজনক জীৱন–জীৱিকাৰ বাট মুকলি কৰি দিলে৷ নিত্য–নতুন সুৰ আৰু সংগীতেৰে জাতিটোক সাহস আৰু প্রেৰণা দিলে৷

নিঃস্বার্থভাৱে মানুহক প্রাণভৰি ভালপোৱা, প্রকৃতিক ভালপোৱা, ধুমুহাৰ স’তে গান গাবলৈ শিকোৱা, নীলিম সাগৰক ভালপাবলৈ শিকোৱা– মানুহজন, অতি সন্তর্পণে সাগৰৰ অতল তলিত নীৰৱে জিৰণি ল’লে৷

কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, চলচ্চিত্র পৰিচালক, কবি, অভিনেতা আদি অনেক প্রতিভাৰে উজলি উঠিছিল তেওঁ৷ অসম তথা সংগীতৰ পৃথিৱীখনক কিমান যে দিলে সীমা নাই৷ কত, কিমান আৰু যে দিবলৈ বাকী থাকি গ’ল৷ এইগৰাকী শিল্পীৰ অকাল বিয়োগে গোটেই দেশখনকে মর্মাহত কৰিলে৷

নিজৰ অভূতপূর্ব দৰদী তথা সংবেদনশীল কণ্ঠই অসমীয়া সমাজখনৰ প্রতিটো স্তৰৰ লোককে গীত শুনিবলৈ একপ্রকাৰ বাধ্য কৰাইছিল৷ অসমত চাগৈ এনে লোক কোনোৱেই নাই, যিজনে জুবিন গার্গৰ গীত শুনি পোৱা নাই৷ স্পষ্ট শব্দচয়ন, একক আৰু অনন্য শৈলীৰে কৰা গীতৰ উপস্থাপনে সকলোৰে মন–প্রাণ মোহিত কৰি নিছিল জুবিন গার্গে৷ কেনেকৈ কওঁ তেওঁ আৰু আমাৰ মাজত নাই৷ শব্দহীন হৈ পৰিছোঁ৷

অশ্রুসিক্ত নয়নেৰে জুবিনদাৰ কায়িক মৃত্যুক মানি লৈছোঁ৷ কিন্তু জুবিনদা সদায়ে থাকিব সকলো মানুহৰ মন–মগজু আৰু বুকুৰ উমাল তাপত৷

ড০ ৰণদ্বীপ বড়া

এটা অনাকাংক্ষিত খবৰ শুনি কেৱল মর্মাহত হোৱাই নাই, জাতিৰ এটা সম্পদ নাইকিয়া হোৱাৰ দুখত ভাগি পৰিছোঁ৷ জুবিন গার্গ নাইকিয়া হোৱাৰ খবৰ মানি ল’বলৈ অসুবিধা হৈছে৷ প্রায় তিনিটা দশকতকৈ অধিক সময় জুবিন গার্গৰ লগত মানসিকভাৱে সংপৃক্ত হৈ আছোঁ৷ যেতিয়াই জীৱন জীপাল কৰিবৰ বাবে ৰ’দ আৰু বৰষুণৰ সন্ধান কৰোঁ, তেতিয়াই জুবিন গার্গৰ গীত শুনিবৰ বাবে ব্যাকুল হৈ পৰোঁ৷ জুবিন গার্গৰ গায়কীৰ প্রশংসা বিশ্ব শ্রোতাই কৰে, কিন্তু মই ব্যক্তিগতভাৱে জুবিন গার্গৰ সাংস্কৃতিক চেতনাক জীৱন সজীৱ আৰু জীপাল কৰাৰ উৎসৱ হিচাপেই বিবেচনা কৰোঁ৷ ব্যক্তিগতভাৱেও তেখেতৰ লগত মোৰ এটা সু–সম্পর্ক আছিল৷ চেপন বিহুত প্রতিবছৰে গীত গোৱা জুবিন গার্গৰ অনুষ্ঠান প্রতিবছৰেই উদ্বোধন কৰিছিলোঁ বা অনুষ্ঠানত উপস্থিত আছিলোঁ৷ কেতিয়াবা তেখেতৰ সৈতে ধেমেলীয়া কথাও পাতিছিলোঁ৷ মোৰ দ্বাৰা ৰচিত দুটা গীত গাম বুলি প্রতিশ্রুতি দিয়া জুবিন গার্গ হঠাৎ নাইকিয়া হ’ল৷ অসমৰে নহয়, ভাৰতীয় সংগীতৰ এক অতুলনীয় প্রতিভা জুবিন গার্গ সকলো শৈলীৰ গীত গোৱা এজন বিৰল সংগীতজ্ঞ৷ জুবিন গার্গৰ চিন্তা, চেতনা আৰু সৃষ্টিৰ আঁৰত যি অর্থ বিচাৰি পাওঁ, তাত মানুহৰ নিভাজ চেতনাৰ সুৰ সংপৃক্ত হৈ থাকে৷ মানৱতাবাদী সংগীতজ্ঞগৰাকী ৰ’দ কাটি বৰষুণৰ বীজ সিঁচা সঁচা শিল্পী আছিল৷ জুবিন গার্গহীন জাতিটো হঠাতে নিঃস্ব হোৱাৰ উপক্রম হ’ল৷ তথাপি সত্যক অস্বীকাৰ কেনেকৈ কৰোঁ? কায়িকভাৱে জুবিন গার্গৰ অস্তিত্ব নোহোৱা হ’লেও জুবিনৰ সৃষ্টি আৰু চেতনা জানো নোহোৱা হ’ল৷ মই মাথোঁ কওঁ এজাক বৰষুণ নোহোৱা হ’ল, যি বৰষুণ ৰ’দৰ ৰঙা দলিচাৰ পৰাই সৃষ্টি হয়৷ জুবিন গার্গ য’তে থাকে, শান্তিৰে থাকক৷

ড০ জ্যোতিপ্রসাদ শইকীয়া

জাতিটোৱে শুনিব নোখোজা খবৰটো হমান অনাকাংক্ষিতভাৱে আহিব বুলি কোনেও ভবা নাছিল৷ জুবিনদাৰ মৃত্যু– এহ খবৰটো শুনা পায়েই মনলৈ অহা প্রথমটো ভাবেহ আছিল – এহ জটিল, অস্থিৰ সাংস্কৃতিক পৰিৱেশত কোনে চম্ভালিব জাতীয় কৃষ্টিৰ সৃষ্টিৰ গতিধাৰা৷ হঠাৎ যেন জাতিটোৰ প্রতিজন ব্যক্তিয়ে অনুভৱ কৰিলে– হেৰাহ গ’ল জাতিক সহূদয়ে ভালপোৱা জাতিৰ এক অনুপম সম্পদ৷ অসমৰ সাম্প্রতিক সাংস্কৃতিক পৰিৱেশত শিল্পীৰ গুণ বিচাৰি যি সময়ত আমি হাহাকাৰ কৰিছিলোঁ সেহ সময়ত জুবিনদাৰ সামাজিক দায়বদ্ধতা আৰু জাতিৰ সংকটত সন্মুখত থিয় হ’ব পৰা সাহসে আমাৰ মনক সকাহ দিছিল৷ বানপানীৰ সময়ত আর্তজনৰ কাষত থিয় দিয়া, বহু দৰিদ্রৰ জীৱন উজলোৱা জুবিন গার্গ নিজৰ জনমভূমিৰ পৰা হমান আঁতৰত জাতিক এৰি যাব, এক ভাবিব নোৱাৰা দুর্ঘটনা৷ জীৱনত কাকো খাতিৰ নকৰা মানুহজনে নিজক অলপ খাতিৰ কৰাটো প্রয়োজন আছিল বুলি বহু সময়ত ভাবিছিলোঁ আৰু আজি এহ সময়ত একে অনুভৱেহ মনলৈ আহিছে৷

ড০ বিজয় কৃষ্ণ চেতিয়া

You might also like