নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিংবদন্তিৰ চিৰবিদায়

এক অপ্রত্যাশিত সংবাদে মুহূর্তৰ ভিতৰতে শোকস্তব্ধ কৰি তুলিলে অসমৰ লগতে সমগ্র দেশৰ সংগীত জগতক৷ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ পিছতে অসমৰ সাংস্কৃতিক জগতত উচ্চাৰিত হোৱা কণ্ঠশিল্পী জুবিন গার্গে আকস্মিকভাৱে মৃত্যুক আঁকোৱালি ল’লে৷ মাত্র ৫২ বছৰ বয়সতে চিৰবিদায় ল’লে এইগৰাকী শিল্পীয়ে৷ এটি সংগীতানুষ্ঠানত অংশগ্রহণ কৰিবলৈ ছিংগাপুৰত উপস্থিত হৈছিল অসমৰ সর্বকালৰ অন্যতম জনপ্রিয় শিল্পী জুবিন গার্গে৷ কালি ছিংগাপুৰত ‘নর্থ–ইষ্ট ফেষ্টিভেল’ত তেওঁ সংগীত পৰিৱেশন কৰাৰ কথা আছিল৷ কিন্তু সংগীত পৰিৱেশনৰ পূর্বেই সংঘটিত হ’ল এই অভাৱনীয় ঘটনাটি৷ স্কুবা ডাইভিং কৰিবলৈ গৈ অসুস্থ হৈ পৰে জুবিন গার্গ৷ লগে লগে তেওঁক এখন ব্যক্তিগত চিকিৎসালয়ত ভর্তি কৰোৱা হ’ল যদিও কিছু সময়ৰ পিছতে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷ ১৯৭২ চনত মেঘালয়ৰ তুৰাত জন্মগ্রহণ কৰা জুবিনে পৰিয়ালৰ সৈতে যোৰহাটত সুদীর্ঘ সময় অতিবাহিত কৰিছিল৷ পৰৱর্তী সময়ত গুৱাহাটীলৈ আহি তেওঁ সংগীত শিল্পী হিচাপে প্রতিষ্ঠা লাভ কৰে৷ ভাৰতীয় ধ্রুপদী সংগীতৰ স্রষ্টা জুবিন মেহতাৰ নামানুসাৰে নাম ৰখা হৈছিল জুবিনৰ৷ তেওঁৰ পিতৃয়ে কপিল ঠাকুৰ ছদ্মনামেৰে বহু সুন্দৰ গীত লিখিছে৷ এই গীতবোৰ জুবিনৰ কণ্ঠত আঁকোৱালি লয় অসমৰ সংবাদপ্রেমীয়ে৷ শৈশৱৰ পৰা সংগীতৰ প্রতি গভীৰভাৱে অনুৰাগী জুবিনে মাত্র তিনি বছৰ বয়সৰ পৰাই গান গাবলৈ আৰম্ভ কৰে৷ মাতৃ আছিল তেওঁৰ সংগীতৰ আদিগুৰু৷ কেৱল কণ্ঠশিল্পীয়েই নহয়, তেওঁ বিভিন্ন বাদ্যযন্ত্র সংগত কৰাতো আছিল সিদ্ধহস্ত৷ জুবিন গার্গে ১২বিধ বাদ্যযন্ত্র পৰিৱেশন কৰিব পাৰিছিল৷ মাত্র ১১ বছৰ বয়সতে তেওঁ তবলাৰ প্রশিক্ষণ গ্রহণ কৰিছিল৷ পৰৱর্তী সময়ত গীটাৰ, ড্রাম, হাৰমনিয়াম, কী–ব’ৰ্ডসহ অসংখ্য বাদ্যযন্ত্র পৰিৱেশন কৰাত পটুতা দেখুৱাইছিল৷ গুৱাহাটীৰ বি বৰুৱা কলেজত বিজ্ঞানৰ স্নাতক পর্যায়ত অধ্যয়ন কৰিছিল যদিও সংগীতেৰে কেৰিয়াৰ আৰম্ভ কৰিব বিচৰা শিল্পীগৰাকীয়ে আধাতে পঢ়া এৰি দিয়ে৷ ১৯৯২ চনত তেওঁ অনামিকা নামৰ এলবামটিৰে সংগীতৰ কেৰিয়াৰ আৰম্ভ কৰে৷
অনামিকাই অসমৰ শ্রোতাৰ মাজত অভূতপূর্ব জনপ্রিয়তা অর্জন কৰাৰ পিছত অতি কম দিনৰ ভিতৰতে বহু জনপ্রিয় গীত উপহাৰ দিয়ে৷ ১৯৯৫ চনত বলীউডৰ চলচ্চিত্রৰ নেপথ্য শিল্পীৰূপে প্রতিষ্ঠা লাভৰ উদ্দেশ্যে মুম্বাইলৈ যায় জুবিন গার্গ৷ ২০০৬ চনত অনুৰাগ বসুৰ পৰিচালনাত মুক্তি লাভ কৰা ‘গেংষ্টাৰ’ ছবিত কণ্ঠদান কৰা ‘য়া আলী’ শীর্ষক গীতটিৰ জৰিয়তে তেওঁ সমগ্র দেশত নিশাৰ ভিতৰতে জনপ্রিয় হৈ পৰে৷ ইয়াৰ পিছতে জুবিনে অসমৰ লগতে দেশৰ সংগীত জগতত অন্যতম সফল কণ্ঠশিল্পীৰূপে এখন সুকীয়া আসন দখল কৰে৷ ইয়াৰ পূর্বে তেওঁ ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গার্গৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ জুবিনৰ ভগ্ণী তথা কণ্ঠশিল্পী জংকী বৰঠাকুৰৰো এক দুর্ঘটনাত অকাল মৃত্যু হৈছিল৷ মৃত ভগ্ণীৰ সোঁৱৰণত তেওঁ এটি গীতৰ এলবাম নির্মাণ কৰিছিল৷ কেৱল শিল্পী হিচাপেই নহয়, অসমৰ সমাজ জীৱনৰ বাবে জুবিনে সদায় মাত মাতি আহিছিল৷ তেওঁ প্রকাশ্যে ঘোষণা কৰিছিল যে কোনো ধর্মৰ প্রতি তেওঁৰ বিশ্বাস নাই৷ ৰাজহুৱাভাৱে তেওঁ– মোৰ কোনো জাতি নাই, ধর্ম নাই বুলি সদৰী কৰি তীব্র বিতর্কৰ মাজতো সোমাই পৰিছিল৷ চৰকাৰৰ নেতিবাচক কাম–কাজৰ বিৰুদ্ধেও জুবিনে সদায় জনতাৰ কণ্ঠ হিচাপে ধৰা দিছিল৷ মন কৰিবলগীয়া যে অসমত লাখ লাখ অনুৰাগীৰ জন্ম দিয়া জুবিনে ফিজা, গেংষ্টাৰ, ৰাজ, থ্রী ডি, কৃষ থ্রী আদি ছবিত কেইবাটাও জনপ্রিয় গীতত কণ্ঠদান কৰি বলীউডতো বিশেষ পৰিচিতি লাভ কৰিছিল৷ কেইবাখনো বঙালী ছবিত নেপথ্য শিল্পী হিচাপে কণ্ঠদান কৰা শিল্পীগৰাকীয়ে বহুকেইটা জনপ্রিয় বঙালী গীতৰ এলবামতো গীত গাইছিল৷ অৱশ্যে বিগত কেইবছৰমানৰ পৰা তেওঁ মাজে সময়ে শাৰীৰিক অসুস্থতাত ভুগিবলগীয়া হৈছিল৷ অসমীয়া, হিন্দী, বঙালীসহ প্রায় ৩৮ হাজাৰ গান তেওঁৰ কণ্ঠত ইতিমধ্যে বাণীবদ্ধ হৈছে৷ অনিয়ন্ত্রিত জীৱন আৰু কিছুমান কর্মকাণ্ডৰ বাবে বিতর্কত সোমাই পৰিলেও জুবিনৰ জনপ্রিয়তা অলপো হ্রাস পোৱা নাছিল৷ শিল্পীগৰাকীয়ে অভিনেতা হিচাপেও যথেষ্ট জনপ্রিয়তা অর্জন কৰিছিল৷ কেইবাখনো জনপ্রিয় ছবি উপহাৰ দিয়া জুবিনে কেইবাটাও এলবাম আৰু এখন ছবিৰ কামত ব্যস্ত হৈ আছিল৷ কিন্তু ছিংগাপুৰত দুর্ঘটনাত পতিত শিল্পীগৰাকীয়ে হঠাতে সকলোকে শোক সাগৰত ডুবাই উভতি নহাৰ পথেৰে বিদায় মাগিলে৷ সদায় দুঃসাহসিক ক্রীড়াৰ প্রতি আগ্রহী জুবিনে সমুদ্রৰ গভীৰতাৰ জগতখনত অন্বেষণৰ এক অসাধাৰণ এডভেঞ্চাৰ স্প’ৰ্টছ স্কুবা ডাইভিঙৰ জৰিয়তে অভিজ্ঞতা আহৰণৰ উদ্দেশ্যে ছিংগাপুৰত সাগৰৰ জলভাগত নামিছিল৷ অতিশয় বিপজ্জনক এই দুঃসাহসিক অভিযানতে অৱশেষত প্রাণ হেৰুৱালে অসমৰ শ্রোতাৰ হূদয়ৰ মণি তথা যুৱপ্রজন্মৰ হার্টথ্র’ব জুবিন গার্গে৷

You might also like