নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰ্থেবাৰীত চিকিৎসালয়ৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ কামনাৰ বলি বিধৱা মহিলা

নিয়মীয়া বাৰ্তা, ৯ আগষ্ট : পলমকৈ পোহৰলৈ অহা এক নাৰী কেলেংকাৰিয়ে সৰুক্ষেত্ৰী ত্ৰিশখন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত তুমুল জোকাৰণিৰ সৃষ্টি কৰিছে। সৰুক্ষেত্ৰী ত্ৰিশখন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়ৰ এগৰাকী চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে সংঘটিত কৰিছে কু-কাণ্ড।বৰপেটাৰ পৰা সৰ্থেবাৰীত চাকৰি কৰা চিকিৎসালয়ৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ কামনাৰ বলি হবলগীয়া হল সৰ্থেবাৰীৰ এগৰাকী বিধৱা মহিলা। বিবাহিত চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ চতুৰালিৰ বলি হল সৰ্থেবাৰীৰ বিধৱা মহিলাগৰাকী। নলবাৰীৰ মুকালমুৱাৰ চৰকাৰী মহকুমা অসামৰিক চিকিৎসালয়ত বিধৱা মহিলাগৰকীৰ অবৈধভাৱে গৰ্ভপাতো কৰাৰ অভিযোগ উত্থাপন হৈছে। কি তথ্যৰ ভিত্তিক মুকালমুৱাৰ চৰকাৰী চিকিৎসালয়ত বিধৱা মহিলাগৰাকীৰ গৰ্ভপাত কৰিলে সেয়াও ডাঙৰ প্ৰশ্ন হৈ পৰিছে। মুকালমুৱাত ধনৰ লেনদেন কৰি বিধৱা মহিলাগৰাকীৰ গৰ্ভপাত কৰাৰ অভিযোগ উত্থাপন হৈছে। অসহায় বিধৱা মহিলাগৰাকীয়ে আজি ন্যায় বিচাৰি সৰ্থেবাৰী থানাৰ কাষ চপাৰ পিছতেই চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ নাৰী কেলেংকাৰিৰ তথ্য উন্মোচিত হয়। সৰুক্ষেত্ৰী ত্ৰিশখন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত কৰ্মৰত চতুৰ্থবৰ্গৰ কৰ্মচাৰী বৰপেটাৰ ধৰ্মেন্দ্ৰ দাসে দুই বছৰমান পূৰ্বৰ পৰা মিথ্যাচাৰৰ আশ্ৰয় লৈ সৰ্থেবাৰীৰ বিধৱা মহিলাগৰাকীক প্ৰেমৰ জালত পেলায়। বিধৱা মহিলাগৰাকীক বিয়া কৰোৱাৰ মিছা প্ৰতিশ্ৰুতি দি ইতিমধ্যেই বিবাহিত চতুৰ্থবৰ্গৰ কৰ্মচাৰী ধৰ্মেন্দ্ৰ দাসে বিধৱা মহিলাগৰাকীৰ লগত বিগত দুই বছৰ ধৰি শাৰীৰিক সম্পৰ্ক স্থাপন কৰে। দীৰ্ঘদিন এই অবৈধ সম্পৰ্ক চলাই থকা ধৰ্মেন্দ্ৰ দাসৰ ছলাহী কথাত ভোল গৈ বিধৱা মহিলাগৰাকী গৰ্ভৱতী হয়। প্ৰায় দুবছৰ ধৰি এই কু কাণ্ড সংঘটিত কৰি বিবাহিত ধৰ্মেন্দ্ৰ দাসে মিথ্যাচাৰৰ আশ্ৰয় লৈ বিধৱা মহিলাগৰাকীক বিয়াৰ প্ৰলোভন দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ ফলত গৰ্ভৱতী হোৱা মহিলাগৰাকীক কৌশলেৰে নলবাৰী জিলাৰ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যায়। অভিযোগ অনুসৰি গৰ্ভৱতী মহিলাগৰাকীক যোৱা ২৭ জুলাইত ধৰ্মেন্দ্ৰ দাসে মুকালমুৱালৈ নি চৰকাৰী চিকিৎসালয়ত গৰ্ভপাত কৰায়। গৰ্ভপাতৰ জৰিয়তে আঢ়ৈ মহীয়া সন্তান হত্যা কৰে চৰকাৰী চিকিৎসকে। ইয়াৰ পিছৰে পৰাই লম্পট ধৰ্মেন্দ্ৰ দাসে বিধৱা মহিলাগৰাকীক এৰাই চলিব ধৰে।যোৱা ৭ আগষ্ট তাৰিখে বিধৱা মহিলাগৰাকীয়ে চিকিৎসালয়ত ধৰ্মেন্দ্ৰ দাসক বিচাৰি অহা সময়ত ধৰ্মেন্দ্ৰ দাসৰ পত্নীৰ লগত বিধৱা মহিলাগৰাকী তৰ্ক বিতৰ্ক লাগে। প্ৰতাৰিত বিধৱা মহিলাগৰাকীক চৰকাৰী চিকিৎসালয় চৌহদতে ধৰ্মেন্দ্ৰ দাসৰ লগতে পত্নীয়ে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে। এতিয়া প্ৰতাৰণাৰ বলি হৈ প্ৰতাৰক ধৰ্মেন্দ্ৰ দাসৰ বিৰুদ্ধে আজি ভুক্তভোগী মহিলাগৰাকীয়ে সৰ্থেবাৰী থানাত গোচৰ দাখিল কৰে। এগৰাকী চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ কামনাৰ বলি হোৱা বিধৱা মহিলাগৰাকীয়ে ন্যায় পাবনে সেয়া হৈছে ডাঙৰ প্ৰশ্ন। একেদৰে এখন চৰকাৰী চিকিৎসালয়ত এগৰাকী বিধৱা মহিলাৰ গৰ্ভপাত কেনেকৈ কৰা হল সেয়া হৈ পৰিছে লক্ষণীয়।

প্ৰেৰক নকুল তালুকদাৰ

You might also like