নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰ্মান্তিক : গোৱালপাৰত ৰাস্তাতে বন্যহস্তীৰ আক্ৰমণত চাৰিজন নিহত

বাৰ্তা ব্যুৰ, ১৫ ডিচেম্বৰ : গোৱালপাৰাত ক্ৰমান্বয়ে হস্তী মানৱৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। জিলাখনৰ বিভিন্ন প্ৰান্তত যিদৰে বন্যহস্তীৰ আক্ৰমনত নিৰীহ লোক নিহত হৈছে সেইদৰে বন্যহস্তীও নিহত হৈছে। দীৰ্ঘদিন ধৰি জিলাখনত হস্তী মানৱৰ সংঘাত অব্যাহত আছে যদিও এই ক্ষেত্ৰত চৰকাৰ, জিলাপ্ৰশাসন তথা বনবিভাগে আজিলৈকে কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাই।যাৰ বাবে সঘনাই হস্তী মানৱৰ সংঘাত অব্যাহত আছে আৰু বন্যহস্তীৰ আক্ৰমণত এজনৰ পিছত এজনকৈ নিৰীহ লোকৰ প্ৰাণ গৈছে‌।হস্তী মানৱৰ সংঘাত ভয়ংকৰ ৰূপৰ বহিৰ্প্ৰকাশ ঘটাই আজি দুপৰীয়াৰ ভাগত লক্ষীপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ পৰা মাত্ৰ এশ মিটাৰ নিলগত গোৱালপাৰা লক্ষীপুৰ ১২নং ৰাজ্যিক ঘাই পথত যান বাহন চলাচল কৰি থকাৰ সময়তে অতৰ্কিতে এজাক বন্যহস্তীয়ে এখন বাছ গাড়ী,এখনি ই ৰিক্সা আৰু এখনি চাৰিচকীয়া বাহনত আক্ৰমণ চলায়।বন্যহস্তীৰ আক্ৰমণত বাছগাড়ীখনৰ আংশিক ক্ষতি হোৱাৰ বিপৰীতে ই ৰিক্সা আৰু চাৰিচকীয়া বাহনখন বিস্তৰ ক্ষতিসাধন কৰে।ফলত থিতাতে এগৰাকী শিশু কন্যা সন্তানকে ধৰি তিনিগৰাকী লোক নিহত হোৱাৰ লগতে এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়। বন্যহস্তীৰ আক্ৰমণত  নিহত লোক কেইজন ক্ৰমে,ধুবুৰীৰ বিলাসীপাৰাৰ আজাৰা শালমাৰা গাঁৱৰ জয়বৰ আলী, দুধনৈ উদয়পুৰৰ ৰমনী ৰাভা আৰু তেওঁৰ শিশু কন্যা জেনিছা ৰাভা। ৰমনী ৰাভাৰ পত্নী মনিষা ৰাভা গুৰুতৰভাবে আহত হোৱাত উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।ইপিনে লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ পৰা মাত্ৰ এশ মিটাৰ নিলগত উক্ত ঘটনা সংঘটিত হোৱাৰ পিছতো পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাত ৰাইজে উত্তেজিত হৈ পৰে। অৱশ্যে বনবিভাগৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ শূন্য লৈ গুলীচালনা কৰি খেদিবলৈ সক্ষম হয়।ইয়াৰ পিছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে নিহত মৃতদেহ তিনিটা মৰণোত্তৰ পৰীক্ষা কৰিবলৈ গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই সন্দৰ্ভত প্ৰত্যক্ষদৰ্শী লোক এগৰাকী কয় যে আজি দিনৰ ১.৫৬ বজাত ১০/১২টা হাতীয়ে  লক্ষীপুৰৰ ১২নং ৰাজ্যিক ঘাইপথৰ পৰা এশ মিটাৰ দূৰৈত অৱস্থান কৰি থকাৰ সময়তে কেবাগৰাকী লোকে হাতীৰ জাকটোৰ ফটো লৈ আছিল।ফটো লৈ থকা দেখি বন্যহস্তীৰ জাকৰ পৰা তিনিটা হাতীয়ে ফটো তুলি থকা লোককেইজনক আক্ৰমণ কৰিবলৈ খেদি ৰাস্তা লৈ ওলাই আহে। সেই সময়ত লক্ষীপুৰৰ পৰা গোৱালপাৰা অভিমুখে এটা ই ৰিক্সা আৰু এটা এএচ-০১-ডি ডব্লিউ-২৭৩৬ চুইফট গাড়ী গৈ থকা অৱস্থাত বাবে বিপৰীত দিশৰ পৰা এখনি বাছ গাড়ী যোৱাৰ সময়ত আক্ৰমণ চলাই  ই ৰিক্সা আৰু ছুইফট গাড়ীখনত আক্ৰমণ চলায়।বন্যহস্তীৰ আক্ৰমণত ই ৰিক্সা আৰু চুইফট গাড়ীখনৰ তিনিগৰাকী লোক নিহত আৰু এগৰাকী আহত হোৱাৰ বিপৰীতে বাকী লোকসকল দৈৱক্ৰমে ৰক্ষা পৰে‌। উল্লেখযোগ্য যে প্ৰতিবছৰে মেঘালয়ৰ পৰা নামি অহা বন্যহস্তীৰ কেবাটাও জাকে গোৱালপাৰাৰ বিভিন্ন প্ৰান্তৰ বনাঞ্চলত আশ্ৰয় লৈ খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি উপদ্ৰৱ চলাই জিলাখনৰ হেজাৰ হেজাৰ হেক্টৰ ধান খেতি খাই তহলিং কৰাৰ লগতে বহু লোকৰ ঘৰ দুৱাৰ ভাঙি তচনচ কৰিছে। গোৱালপাৰা জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া  জিতেন্দ্ৰ কুমাৰ সিঙে জনোৱা মতে চলিত বৰ্ষত জিলাখনত বন্যহস্তীৰ আক্ৰমণত  ২৫গৰাকী লোক নিহত হোৱাৰ বিপৰীতে ৭টাকৈ হাতীৰ মৃত্যু হয়।বিশেষকৈ লক্ষীপুৰতে চলিত বৰ্ষত সৰ্বাধিক ১৯গৰাকী লোক বন্যহস্তীৰ আক্ৰমণত নিহত হোৱাৰ বিপৰীতে দুটাকৈ হাতী নিহত হয়। ইয়াৰে অধিকাংশ  বন্যহস্তীৰ খাদ্যত বিষক্ৰিয়া হৈ মৃত হোৱা বুলি ডি এফ অগৰাকীয়ে জানিবলৈ দিয়ে।ইপিনে হাতী মানুহৰ সংঘাত জিলাখনত বৃদ্ধি পোৱা সন্দৰ্ভত জিলা বন সংমণ্ডল প্ৰাধিকাৰী জিতেন্দ্ৰ কুমাৰ সিঙে কয় যে জিলাখনত থকা  বন্যহস্তীৰ কৰিডৰ সমুহ বেদখল কৰা, অবাধ হাৰে বনাঞ্চল ধ্বংস কৰি ৰবৰ খেতি কৰা, তামোলৰ খেতি কৰা,চাহবাগান কৰা আৰু ঘৰ দুৱাৰ নিৰ্মাণ কৰাৰ বাবে বনাঞ্চলৰ ভুমি সংকুচিত হৈ আহিছে। ফলত বনাঞ্চলত আশ্ৰয় লোৱা বন্যহস্তীৰ জাকে খাদ্যৰ অভাৱত জনাঞ্চললৈ আহি আক্ৰমণ চলোৱাত হাতী মানুহৰ সংঘাত হয়। জিলাখনত হাতী মানুহৰ সংঘাত নিৰাময় কৰিবলৈ বিভিন্ন দল সংগঠনে দাবী জনোৱাৰ লগতে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও এই ক্ষেত্ৰত চৰকাৰ বা জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। সম্প্ৰতি এই ক্ষেত্ৰত চৰকাৰ তথা জিলা প্ৰশাসনে বন্যহস্তীৰ সন্ত্ৰাস প্ৰতিৰোধ কৰিব নোৱাৰিলে এইদৰে এটাৰ পিছত নিৰীহ লোকৰ প্ৰাণ গৈ থাকিব। ইফালে আজি সন্ধিয়াৰ ভাগত বন বিভাগৰ শোলমাৰীস্থিত নাৰ্ছাৰীত কাম কৰি ঘৰলৈ যোৱাৰ সময়ত বন্যহস্তীৰ গছকত সহদেৱ ৰায় নামৰ বন কৰ্মী এগৰাকীৰ মৃত্যু হয় ৷

 

প্ৰেৰক উদিত নাৰায়ণ কলিতা

You might also like