নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্যহস্তীৰ পোষ্ট মর্টেম ৰিপ’ৰ্টঃ প্রচণ্ড বজ্রপাতৰ ফলতে মৃত্যুমুখত পৰিছিল ১৮টাকৈ হাতী

নিয়মীয়া বাৰ্তা, ১৬ মে’: বজ্রপাতৰ ফলতে নগাঁৱৰ বামুণী পাহাৰত মৃত্যুমুখত পৰিছিল ১৮টাকৈ বন্যহস্তী৷ মৃত হাতীকেইটাৰ পোষ্ট মর্টেম সম্পন্ন হোৱাৰ পাছত শনিবাৰে এই বিষয়ে জানিবলৈ দিছে ৰাজ্যৰ বন বিভাগে৷ এক বিভাগীয় প্রেছ বিবৃতিত উল্লেখ কৰা মতে, খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়, নর্থ–ইষ্টার্ন ৰিজ’নেল ডিজিজ ডায়’গনষ্টিক লেবৰেটৰী, জিলা পশু চিকিৎসা বিষয়া, গোলাঘাটৰ চেণ্টাৰ ফৰ ৱাইল্ড লাইফ ৰিহেবিলিটেচন এণ্ড কনজাৰভেচন, অসম ৰাজ্যিক চিৰিয়াখানাৰ চিকিৎসক আৰু বিশেষজ্ঞৰে গঠিত এটা দলে মৃত হাতীৰ পোষ্ট মর্টেম সম্পন্ন কৰে৷

মৰণোত্তৰ পৰীক্ষাত এইটো নিশ্চিত হৈছে যে বজ্রপাতৰ ফলতে ১৮টাকৈ হাতীৰ মৃত্যু হৈছে৷ এই সন্দর্ভত আন দুটামান মাইক্র’বায়’লজিকেল পৰীক্ষা কৰিবলৈ বাকী আছে৷ উক্ত পৰীক্ষাকেইটা সম্পন্ন হোৱাৰ পাছত বন বিভাগে মৰণোত্তৰ পৰীক্ষাৰ সম্পূর্ণ প্রতিবেদন ৰাজহুৱা কৰিব৷

ইপিনে বন বিভাগৰ অতিৰিক্ত প্রধান মুখ্য বন সংৰক্ষক এম কে যাদৱে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে ১২ মে’ৰ নিশা বামুণী পাহাৰৰ উক্ত স্থানত বজ্রপাত হোৱাটো শ্বিলঙৰ বতৰ বিজ্ঞান কেন্দ্রই নিশ্চিত কৰিছে৷ বজ্রপাতৰ সময়ত দুর্ঘটনাস্থলীৰে ৩৯ কিলো এম্পেয়াৰ বিজুলী প্রবাহিত হৈছিল৷ তদুপৰি, মৃত হাতীৰ ফটো দক্ষিণ আফ্রিকাৰ বিশেষজ্ঞলৈও প্রেৰণ কৰা হৈছিল৷

দক্ষিণ আফ্রিকাৰ বিশেষজ্ঞৰ মতেও বজ্রপাতৰ ফলতে হাতীকেইটাৰ মৃত্যু হৈছে৷ এই সন্দর্ভত বিদেশী বিশেষজ্ঞৰ পৰাও লিখিত প্রতিবেদন বিচৰা হৈছে৷ উল্লেখ্য যে বিগত ১৩ মে’ৰ দুপৰীয়া তপাজুৰি চাহ বাগিচাৰ মেনেজাৰে বামুণী পাহাৰত চাৰিটা মৃত হাতী প্রত্যক্ষ কৰি বন বিভাগক খবৰ দিছিল৷

বন বিভাগৰ অভিযানৰ সময়ত বামুণী পাহাৰত ১৮টাকৈ হাতীৰ মৃতদেহ উদ্ধাৰ হয়৷ এই চাঞ্চল্যকৰ ঘটনাৰ সঠিক তদন্তৰ বাবে প্রধান মুখ্য বন সংৰক্ষকে এখন উচ্চস্তৰীয় সমিতি ততাতৈয়াকৈ গঠন কৰি দিছিল৷ এই সমিতিখনে কালিৰে পৰা ১৮টা হাতীৰ মৃত্যুৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ তাৰ মাজতে  বন বিভাগে বজ্রপাতৰ ফলত এই দুর্ভাগ্যজনক ঘটনা সংঘটিত হোৱাটো নিশ্চিত কৰিছে৷

You might also like