নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছুৰ প্ৰত্যাহ্বানৰ মাজত প্ৰাক্তন আছুৱে সমান্তৰালকৈ মঞ্চ গঠন কৰিবলৈ সক্ষম হবনে? বহিষ্কাৰ নহয়, সন্মানেৰে অব্যাহতি লৈছোঁ আছুৰ পৰাঃ যজমান সোণোৱাল

বিশেষ বাৰ্তা, ১জুনঃ আছুৰ ভীষণ প্ৰত্যাহ্বানৰ মাজত প্ৰাক্তন আছুৱে সমান্তৰালকৈ মঞ্চ গঠন কৰিবলৈ সক্ষম হবনে?এতিয়া এনে এক প্ৰশ্নই সকলোৰে মনত ক্ৰিয়া কৰিছে। হয়, একাংশ প্ৰাক্তন আছুৰ নেতা-কৰ্মীয়ে সতীৰ্থ সন্মিলন নামেৰে এক সন্থা গঠন কৰাৰ ক্ষেত্ৰত আছুৱে ঘোৰ বিৰোধিতা কৰি অহাৰ মাজতে একাংশ প্ৰাক্তন ছাত্ৰ নেতাই আছুৰ সমান্তৰালকৈ সন্থা গঠন কৰাৰ ক্ষেত্ৰত আছুৱে সবল প্ৰতিবাদ জনাই আহিছে।ইয়াকে লৈ সন্থা গঠন কৰাৰ ক্ষেত্ৰত টেঙাখাটত আয়োজিত এক সভাত ব্যাপক বাক বিতণ্ডতাৰ সৃষ্টি হয়। একালৰ আছু নেতা কমলেশ ডেকাৰ নেতৃত্বত টেঙাখাটত অনুষ্ঠিতব্য প্ৰাক্তন আছুৰ কৰ্মীসভাখনত আহবায়কৰূপে আছুৰ পৰা বহিষ্কৃত বুলি আছুৱে দাবী কৰা হিতেশ্বৰ ফুকনৰ লগতে দিগন্ত শইকীয়া,প্ৰফুল্ল গগৈ,মধু কুমাৰ গগৈ,শৰৎ কোঁৱৰ,ৰাজুমনি গগৈ,তীৰ্থ বৰুৱা,জমান সোণোৱাল,ভৱ হাজৰিকা,দুৰ্জ্জয় শইকীয়া আদি উপস্থিত আছিল। ইফালে আছুৰ প্ৰাক্তন নেতা টেঙাখাতৰ যজমান সোণোৱালে স্পষ্টকৈ উল্লেখ কৰে যে তেওঁক আছুৰ পৰা কেতিয়াও বহিষ্কাৰ কৰা হোৱা নাই তথা তেওঁ সন্মানেৰে আছুৰ পৰা অব্যাহতি লোৱা বুলি সদৰী কৰি বাকী উল্লেখিত আছুৰ নেতা-কৰ্মীসকল বহিষ্কৃত নোহোৱা বুলিও কব বিচাৰে। পূৰ্বে জমান সোণোৱাল আছুৰ পৰা বহিষ্কৃত বুলি ভুলবশতঃ প্ৰকাশ পাইছিল। মুঠৰ ওপৰত আছুৰ ব্যাপক বাধা, প্ৰতিবাদ তথা প্ৰত্যাহ্বানৰ মাজেৰে, প্ৰাক্তন আছুৰ নেতা-কৰ্মীসকলে এক সুকীয়া মঞ্চ গঠন কৰিবলৈ সক্ষম হবনে, সেয়া এতিয়া লক্ষণীয় হৈ পৰিছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like