নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ৰাজ্যিক কেবিনেট: বৃদ্ধি হ’ব সুৰাৰ দাম

নিয়মীয়া বাৰ্তা, ৮ মে’ : অসমত বৃদ্ধি হ’ব সুৰাৰ দাম৷ চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচল চৰকাৰে তেওঁলোকৰ ৰাজ্যতো সুৰাৰ দাম বৃদ্ধি কৰাৰ ক্ষেত্রত সন্মতি প্রকাশ কৰিলেই অসমতো সুৰাৰ দাম বৃদ্ধি কৰা হ’ব৷ এই সম্পর্কত আজি অসম মন্ত্রীগোটৰ কেবিনেট বৈঠকত বিষয়টো আলোচনা কৰি সিদ্ধান্ত গ্রহণ কৰিব৷

বৃহস্পতিবাৰে এখন সংবাদ মেলত বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে৷ সংবাদ মেলখনত মন্ত্রী ড০ শর্মাই কয় যে মেঘালয় চৰকাৰ, অৰুণাচল প্রদেশ চৰকাৰ আৰু অসম চৰকাৰে যুটীয়াভাৱে কাম কৰি আহিছে৷ পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ ক্ষেত্রতো যুটীয়াভাৱে সিদ্ধান্ত লৈছে৷ তেওঁলোকেও পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধি ঘটাইছে৷ সুৰাৰ দাম বৃদ্ধিৰ ক্ষেত্রতো মেঘালয় আৰু অৰুণাচল প্রদেশ চৰকাৰ সন্মত হ’লে অসমেও সুৰাৰ মূল্যবৃদ্ধি ঘটোৱাৰ তেওঁ ইংগিত দিয়ে৷

You might also like