নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এমাহে মঙলদৈৰ তেল ডিপোত আবদ্ধ ২ সুৰাভর্তি ট্রাকক লৈ ৰহস্য

নিয়মীয়া বাৰ্তা, ২৬ এপ্রিলঃ লকডাউনৰ মাজতে প্রায় ৩০ লাখ টকা মূল্যৰ ৩ হাজাৰ কার্টন সুৰাভর্তি দুখনকৈ ট্রাক জব্দ হোৱাক লৈ দৰঙত প্রতিক্রিয়া অব্যাহত আছে ৷ একেদৰে ট্রাক দুখনৰ সকলো নথি জব্দ কৰিও দৰং জিলা পৰিবহণ বিভাগে কিয় পিপৰাদোকানৰ তেল ডিপোত আবদ্ধ কৰি ৰাখিছিল, তাক লৈও চলিছে চর্চা ৷ এই লৈ ‘নিয়মীয়া বার্তা’ৰ অনুসন্ধানত ট্রাক জব্দৰ বিষয়টোক লৈ কেতবোৰ তথ্য ওলাই পৰিছে ৷ স্পষ্ট কৰিছে কিদৰে বিলাসী সুৰাৰ পৰিবহণক লৈ ধনৰ কমিছনৰ বজাৰ গঢ় লৈ উঠিছে৷ লক্ষণীয় যে আৰ জে–৫২ জি এ–১৩০৫ আৰু এন        এল–০১ এল–৬৩৭৪ নম্বৰৰ দুখন ড্রাকেৰে অৰুণাচলৰ নাহৰলগুণ নিউজুলিৰ এজন কংগ্রেছী নেতাৰ নামত অনুজ্ঞা–পত্র থকা বণ্ডৰ পৰা সুৰাখিনি মেঘালয়ৰ তুৰালৈ পৰিবহণ কৰিবলৈ বিচৰা হৈছিল ৷

সাধাৰণতে অসমৰ মাজেৰে অৰুণাচল প্রদেশৰ পৰা এনেদৰে সুৰা ভিন্ন ৰাজ্যলৈ পৰিবহণ হৈ আহিছে ৷ মঙলদৈ পিপৰাদোকানত তিনি দিন পূর্বেও আন এখন সুৰাভর্তি ড্রাক মেঘালয়লৈ পাৰ হৈ গৈছিল৷ লকডাউনৰ মাজতে ভিন্ন স্থানত পূজা–অর্চনা দি অহা ট্রাকখন মঙলদৈৰ মাজেৰে ১৫নং ৰাষ্ট্রীয় ঘাইপথেৰে পাৰ হৈ যোৱাৰ পথত বৰজামগুৰি চ’কৰ সমীপত দুজনীয়া দল এটাই আগভেটি ধৰি ৰখাইছিল৷ দুজনীয়া দলটোৰ এজনে নিজকে বৈদ্যুতিন মাধ্যমৰ সাংবাদিক হিচাপে পৰিচয় দি আলোকচিত্রও সংগ্রহ কৰিছিল আৰু দাবী কৰিছিল এক লাখ টকা ৷ ধন নাপালে আৰক্ষীক গতাই দিয়াৰ ভাবুকিৰে ৭০ হাজাৰ টকা ভুৱা সাংবাদিকজনে সংগ্রহ কৰিছিল ৷ পৰৱর্তী প্রতিবেদনত মধ্যভোগীৰ ৰূপত অৱতীর্ণ এই ধন সংগ্রাহকৰ সবিশেষ প্রকাশ কৰা হ’ব যদিও আশ্চর্যকৰ বিষয় এয়ে যে লকডাউনত মঙলদৈত সোমাই প্রথমটো উজুটি খোৱাৰ পিছত ২২ এপ্রিলৰ সন্ধিয়া মঙলদৈ থানাৰ ভাৰপ্রাপ্ত বিষয়া নিৰঞ্জন বৰুৱা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জ্বল বৰুৱাই দুয়োখন ড্রাক জব্দ কৰি মঙলদৈ থানালৈ লৈ আহে ৷

এতিয়া প্রশ্ন হৈছে– দৰং জিলা পৰিবহণ বিভাগৰ এনফ’চমেণ্ট পৰিদর্শক দীপক পাটোৱাৰীয়ে বাহনৰ নথি জব্দ কৰি পৰিবহণ বিভাগৰ কার্যালয়লৈ নিয়াৰ সলনি তেল ডিপোত কর্তৃত্বহীনভাৱে এমাহ ৰখাই থ’লে কিয়? বাহন দুখন মোকলাই দিয়াৰ আন এটা মধ্যভোগী চক্রই ৮০ হাজাৰ টকাৰ প্রথম কিস্তি সংগ্রহৰো তথ্য পোহৰলৈ আহিছে৷ আজি ‘নিয়মীয়া বার্তা’ই যোগাযোগ কৰাত পাটোৱাৰীয়ে নিজৰ বিভাগীয় সীমাবদ্ধতা উল্লেখ কৰি বিষয়টোৰ পৰা ফালৰি কাটে৷ সি যি নহওক, সোমবাৰলৈ ৩ হাজাৰ কার্টন সুৰা আদালতে কোনো ভঁৰালঘৰলৈ প্রেৰণৰ নির্দেশ দিয়াৰ সম্ভাৱনা আছে৷ কিন্তু সম্প্রতি প্রশ্ণ উঠিছে– সুৰাৰ এই আন্তঃৰাজ্যিক বেহা চলাইছে কোনে?

You might also like