অধ্যয়ন অবিহনে জাতিৰ শৌৰ্য প্ৰোজ্জ্বল নহয়ঃ ভাৰত ভূষণ দেৱ চৌধুৰীঃ
নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ হিউৱেনচাঙে যেতিয়া ভাৰতলৈ আহিছিল তেতিয়া তেওঁ ভাৰতৰ ভিন্ন প্ৰান্ত পৰিদৰ্শন কৰাৰ লগতে নালন্দা বিশ্ববিদ্যালয়লৈ গৈছিল৷ বিশ্ববিদ্যালয়খনৰ পৰিদৰ্শনৰ সময়তে নালন্দা বিশ্ববিদ্যালয়ে তেওঁক ভালেমান কিতাপ উপহাৰ দিছিল৷ এই কিতাপবোৰ পৰিব্ৰাজকগৰাকীয়ে অতি সযতনে নাৱৰে গঙ্গা নদী পাৰ হৈ লৈ গৈছিল৷ আৰু সেই কিতাপবোৰ তেওঁ অধ্যয়ন কৰিছিল৷ তেতিয়াৰে পৰা ভাৰতবৰ্ষত কিতাপ প্ৰদান কৰা ব্যৱস্থা প্ৰচলিত হৈ আছে৷ আজি তোমালোকক প্ৰদান কৰা কিতাপবোৰ চৰকাৰে বিভিন্ন উৎসৰ পৰা সংগ্ৰহীত ধনেৰে যোগান ধৰিছে। গতিকে তোমালোকে শিক্ষাৰ্থী হিচাপে নিৰন্তৰ অধ্যয়ন কৰি নিজৰ লগতে ৰাজ্যৰ আৰু ৰাষ্ট্ৰক বিদ্যায়তিক ক্ষেত্ৰত সমৃদ্ধ কৰিব লাগিব৷ এয়া তোমালোকৰ অনিবাৰ্য ব্ৰত হব লাগে৷”- এই মন্তব্য বজালী জিলাৰ জিলাধিপতি ভাৰত ভূষণ দেৱ চৌধুৰীৰ৷ বজালী জিলা সমগ্ৰ শিক্ষাৰ উদ্যোগত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিনামূলীয়া পাঠ্যপুথি বিতৰণ উপলক্ষে অনুষ্ঠিত উদ্ধোধনী সভাত আজি এইদৰে স্ব-অভিমত ব্যক্ত কৰি জিলাধিপতিগৰাকীয়ে কয় যে অধ্যয়ন অবিহনে জাতিৰ শৌৰ্য প্ৰোজ্জ্বল নহয়৷ বিদ্যালয় পৰিচালনা-উন্নয়ন সমিতিৰ সভাপতি ড৹ ভূপেন্দ্ৰ তালুকদাৰে সভাপতিত্ব কৰা এই অনুষ্ঠানত জিলাধিপতি দেৱ চৌধুৰীয়ে শিক্ষকসকলক উদ্দ্যেশি কয় যে শিক্ষাৰ্থীসকলক নিৰ্মাণ কৰিবলৈ শিক্ষকসকল জ্ঞানান্বেষী হব লাগিবই৷ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সঞ্জীৱ তালুকদাৰে উদ্দেশ্য ব্যাখ্যা কৰা আৰু আদৰণী ভাষণ দিয়া সভাত বজালীৰ সমগ্ৰ শিক্ষাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ডিম্বেশ্বৰ দাসেও ভাষণ দিয়ে৷ অনুষ্ঠানত সমগ্ৰ শিক্ষা বৰপেটাৰ বিষয়া নিৰঞ্জন ওজা, নৱশংকৰ দাস আৰু চিটাঙ্গ ডেকা উপস্থিত থাকে৷ এটি বৰগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানৰ অন্তত নৱশংকৰ দাসে শলাগ জ্ঞাপন কৰে৷
প্ৰেৰকঃ কল্যাণ কলিতা