নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেঙাজানত বিধ্বংসী ধুমুহাত তচনচ বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰসহ কেইবাটাও কৃষক পৰিয়ালৰ ঘৰ

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ ধেমাজি জিলাৰ চিমেনমুখ গাঁও পঞ্চায়তৰ চেঙাজান অঞ্চলত পৰহি ৰাতি হোৱা বিধ্বংসী ধুমুহাত অঞ্চলৰ বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ নচনচ হোৱাৰ লগতে কেইবাটাও কৃষক পৰিয়ালৰ ঘৰবাৰী, ভঁৰাল বিধ্বস্ত হয়। যোৱা পৰহি নিশা সংঘ বিধ্বংসী ধুমুহাৰ ফলত চেঙাজান বালিগাওঁ প্ৰাথমিক বিদ্যালয়, বালিগাওঁ অঙ্গনবাড়ী কেন্দ্ৰ, চেঙাজান বগৰীবাৰী মধ্য ইংৰাজী বিদ্যালয়, বৰগাঁও অঙ্গনাবাড়ী কেন্দ্ৰ, হেলচি ৰংজালি বড়ো প্ৰাথমিক বিদ্যালয়ৰ বিস্তৃত ক্ষতিগ্ৰস্ত হয়। আনহাতে চেঙাজান বৰগাঁৱৰ কল্পনা দাস,মঙ্গল ৰাজবংশী, যোগেশ ৰাজবংশী, শৰৎ চুতীয়া, গণেশ ৰাজবংশী, কেশৱ ৰাজবংশী, শ্যামল সৰকাৰ, প্ৰফুল্ল ৰাজবংশী, দেৱ ৰাজবংশী , খেদামী ৰাজবংশী কুলাই ৰাজবংশী, মানিক মণ্ডল, কৃষ্ণ ৰাজবংশীৰ ঘৰ,ভঁৰাল আদি বিধ্বস্ত হৈ পৰে ধুমুহাৰ প্ৰকোপত। আকস্মিকভাৱে অহা ধুমুহাৰ ফলত বিদ্যালয়, অঙ্গনবাড়ী কেন্দ্ৰ সমূহৰ ক্ষতিগ্ৰস্ত হোৱাৰ ফলত ছাত্র-ছাত্ৰী সকলৰ শিক্ষাদানত আশুকালৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।লগতে অঞ্চলটোত বিদ্যুৎ সেৱা ব্যাহত হৈ আছে বুলি স্থানীয় ৰাইজে জনাইছে। ক্ষতিগ্ৰস্ত ৰাইজক উপযুক্ত ক্ষতিপূৰণ দিবলৈ জিএনএছএমৰ চেঙাজান আঞ্চলিক সমিতিয়ে চৰকাৰ,প্ৰশাসনক দাবী জনাইছে।

প্ৰেৰক কৰবী দলে

You might also like