নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত মহিলা উদ্যমিতা অভিযান- নগৰীয়া আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চ : মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান- নগৰীয়াৰ অংশ হিচাপে আজি ঢকুৱাখনা পৌৰসভাৰ অন্তৰ্গত ১০টা ৱাৰ্ডৰ ২ হাজাৰগৰাকী মহিলা উদ্যোগীৰ মাজত প্ৰ-পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰে ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেই ৷ ঢকুৱাখনা পৌৰসভাৰ কাৰ্যালয়ত আজি দিনৰ ১১ বজাত অনুষ্ঠিত আৰু ঢকুৱাখনা উপ-জিলাৰ উপ-আয়ুক্ত কাৰ্তিক কলিতাই আদৰণী ভাষণ প্ৰদান কৰা প্ৰ-পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান— নগৰীয়াৰ জৰিয়তে নগৰ আৰু গাঁও অঞ্চলৰ মহিলাসকলকো স্ব-নিৰ্ভৰশীল হোৱাত সহায় কৰিব বুলি মন্তব্য কৰি চৰকাৰী এনে অভিলাষী আঁচনিৰ জৰিয়তে আত্মসহায়ক গোটসমূহৰ মহিলাসকলে গাঁওসমূহকো স্ব-নিৰ্ভৰশীল কৰাৰ লগতে মহিলাসকলে নিজৰ নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰো সুযোগ লাভ কৰা বুলিও মন্তব্য কৰে ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like