বিশেষ বাৰ্তা, ১৩ ফেব্ৰুৱাৰী : চৰাইদেউ জিলাত দৰিদ্ৰ শ্ৰেণীৰ লোকৰ পৰিৱৰ্তে একাংশ অভিজাত আৰু আঢ্যৱন্ত দলীয় লোকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰাৰ অভিযোগ উত্থাপন কৰি আজি শতাধিক অৰুণোদয় বঞ্চিত মহিলাই চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্যৰলয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ জিলাখনৰ সোণাৰি সমষ্টিৰ অন্তৰ্গত ১৯ নং সোণাৰি গাওঁ পঞ্চায়ত এলেকাত অৰ্থনৈতিকভাৱে স্বচ্ছল একাংশ লোকৰ নাম হিতাধিকাৰীৰ তালিকাত অন্তভুৰ্ক্ত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ বিশেষকৈ একাংশ দলীয় কৰ্মীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি পঞ্চায়তটোৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাসকলৰ নাম কৰ্তন কৰি একাংশ আঢ্যৱন্ত দলীয় কৰ্মী আৰু চৰকাৰী চাকৰিয়ালৰ নাম অৰুণোদয় আঁচনিৰ তালিকাত অন্তভুৰ্ক্ত কৰিছে৷ ইয়াৰোপৰি চৰকাৰী নিয়ম অনুসৰি এটা পৰিয়ালৰ পৰা এগৰাকী হিতাধিকাৰী নিৰ্বাচন কৰিব লাগে যদিও বিজেপি দলৰ কৰ্মী হোৱাৰ সুবাদতে একাংশ পৰিয়ালৰ দুই-তিনিটাকৈ নাম হিতাধিকাৰীৰ তালিকাত নাম অন্তভুৰ্ক্ত হোৱাত পঞ্চায়তটোৰ বঞ্চিত মহিলাসকল ক্ষুব্ধ হৈ পৰিছে৷ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত ক্ষুব্ধ শতাধিক মহিলাই আজি কোলাত কেঁচুৱা লৈ চৰাইদেউ উপায়ুক্ত কার্যলয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ক্ষুব্ধ মহিলাসকলে চাকৰিয়াল আৰু আৰ্থিকভাৱে স্বচ্ছল মহিলাসকলৰ নাম তালিকাৰ পৰা কৰ্তন কৰি অতিশীঘ্ৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰকৃত হিতাধিকাৰীক আঁচনিৰ সুবিধা প্ৰদান কৰিবলৈ জিলা উপায়ুক্তক দাবী উত্থাপন কৰে৷ অন্যথা বঞ্চিত মহিলাসকলে আগন্তুক দিনত আন্দোলনৰ কাৰ্যসূচীৰ গ্ৰহণ কৰিব বুলি জিলা প্ৰশাসনক সকিয়াই দিয়ে৷ ইফালেদি, সোণাৰি সমষ্টিৰ অন্তৰ্গত ১৯ নং সোণাৰি গাঁও পঞ্চায়ত এলেকাত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ কথা পঞ্চায়তখনৰ সভাপতিজনে স্বীকাৰ কৰি লোৱাৰ লগতে পঞ্চায়তৰ সভাপতি প্ৰকাশ তাছাই সোণাৰি গাঁও পঞ্চায়ত এলেকাত অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ বেলিকা সংঘটিত অনিয়মৰ উচিত তদন্ত বিচাৰি চৰাইদেউ জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে৷ পঞ্চায়ত সভাপতিজনে স্মাৰকপত্ৰত উল্লেখ কৰা অনুসৰি ১৯ নং সোণাৰি গাঁও পঞ্চায়তৰ এলেকাধীন সীমা তাঁতী, মঞ্জু লোহাৰ, গুড়ীয়া যাদৱ, সাবিত্ৰী তাছা, ৰূপা ওজা, সংগীতা গোৱালা তাছা, ভাগ্যশ্ৰী তাছা আদিয়ে অনিয়মৰ আশ্ৰয় লৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তালিকাত নাম অন্তভুৰ্ক্ত কৰিছে৷ এনেক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে পঞ্চায়ত সভাপতি প্ৰকাশ তাছাই জিলা উপায়ুক্তজনক আহ্বান জনাইছে৷
প্ৰেৰক দীপাংকৰ পাল