নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ বনগাঁও কেম্পস্থিত চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ শাখাত চোৰৰ উপদ্ৰৱ

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ ৰাজ্যত একাংশ দুৰ্বৃত্তই সঘনাই সংঘটিত কৰি আহিছে অপৰাধী কাণ্ড কাৰখানা। তেনে এক অপৰাধৰ ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বনগাঁও কেম্পত। প্ৰাপ্ত তথ্য অনুসৰি যোৱা নিশা বনগাঁওৰ কেম্পস্থিত চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ শাখাত চোৰৰ উপদ্ৰৱ সংঘটিত হয়। একাংশ দুৰ্বৃত্তই ডকাইট কৰাৰ চলেৰে বেংকটোৰ খিড়িকীৰ গ্ৰীল ভাঙি প্ৰবেশ কৰে বেংকৰ ভিতৰত। উল্লেখ্য যে কেম্পস্থিত চেন্ট্ৰল বেংক অৱ ইণ্ডিয়াৰ বনগাঁও শাখাত সংঘটিত হৈছে ডকাইতিৰ দৰে কাণ্ড ৷ বেংকৰ খিড়িকীৰ গ্ৰীল ভাঙি নিশা দূৰ্বিত্তই প্ৰবেশ কৰে বেংকটোৰ ভিতৰত ৷ ইফালে যোৱা নিশা সংঘটিত হোৱা ঘটনাটো পুৱা বেংকৰ কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰি বকো আৰক্ষীক খৱৰ দিয়ে আৰু ঘটনা স্থলীত বকো আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনাৰ বুজ লৈ তদন্ত আৰম্ভ কৰে। বেংকৰ কৰ্মচাৰীৰ পৰা জানিব পৰা মতে, বেংকৰ টকাৰ ওপৰিও কোনো সা সম্পত্তিৰ ক্ষয় ক্ষতি নহোৱাৰ কথা জানিব পৰা গৈছে। ইফালে উচ্ছ পৰ্যায়ৰ বিষয়া অহাৰ পাছতহে পোহৰলৈ আহিব ডকাইটি কাণ্ডৰ ক্ষয় ক্ষতিৰ বিষয়ে। আনহাতে বাতৰি লিখা সময়লৈকে আৰক্ষীৰ তদন্ত চলি আছে।

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like