নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ ৪১সংখ্যক স্থানত আইআইটি গুৱাহাটী

নিয়মীয়া বাৰ্তা ১০ জুনঃ ক’ৰোনাকালৰ মাজতে ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক সুখবৰ৷ দেশৰ প্রখ্যাত শৈক্ষিক আৰু গৱেষণা প্রতিষ্ঠান ‘ভাৰতীয় প্রযুক্তি প্রতিষ্ঠান, গুৱাহাটী’ চমুকৈ আই আই টি, গুৱাহাটীয়ে কিউ এছ ৱ’ল্ড ইউনিভার্ছিটী ৰেংকিংছ ২০২২ৰ ‘ৰিছার্চ ছাইটেচনছ পাৰ ফেকাল্টী’ শিতানত বিশ্বৰ শীর্ষ ৫০ৰ ভিতৰত স্থান লাভ কৰিছে৷ আই আই টি, গুৱাহাটীয়ে ‘ৰিছার্চ ছাইটেচনছ পাৰ ফেকাল্টী’ শিতানত ৪১সংখ্যক স্থান লাভ কৰি ৰাজ্যৰ লগতে দেশলৈ সুনাম কঢ়িয়াই আনিছে৷ বিগত বর্ষৰ ৰেংকিংছৰ তুলনাত আই আই টি, গুৱাহাটী ১৫টা স্থানত উন্নীত হৈছে৷ কিউ এছ ৱ’ল্ড ইউনিভার্ছিটী ৰেংকিংছ ২০২১ত আই আই টি, গুৱাহাটীৰ স্থান আছিল ৫৬৷

ঠিক তেনেদৰে বিগত বর্ষৰ সমগ্র শিতানৰ তালিকাত ৪৭০নং স্থানত থকা আই আই টি, গুৱাহাটী এই বেলিৰ তালিকাত ৩৯৫সংখ্যক স্থানলৈ উন্নীত হৈছে৷ আন্তর্জাতিক শৈক্ষিক প্রতিষ্ঠানৰ তালিকাত আই আই টি, গুৱাহাটীৰ প্রদর্শন উন্নীত হোৱাত সন্তুষ্টি ব্যক্ত কৰি প্রতিষ্ঠানৰ সঞ্চালক অধ্যাপক টি জি সীতাৰামে এই উল্লেখনীয় প্রদর্শনৰ বাবে ফেকাল্টী, বিদ্যার্থী আৰু কর্মচাৰীসকলক অভিনন্দন জ্ঞাপন কৰে৷ ইপিনে কিউ এছৰ তালিকাখনত শীর্ষ ২০০ৰ ভিতৰত তিনি ভাৰতীয় বিশ্ববিদ্যালয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷

আই আই টি, বোম্বায়ে ১৭৭সংখ্যক স্থান, আই আই টি, দিল্লীয়ে ১৮৫সংখ্যক আৰু আই আই এছ চি, বাংগালুৰুৱে ১৮৬সংখ্যক স্থান লাভ কৰিছে৷ তেনেদৰে গৱেষণাৰ কাৰণে অর্থাৎ গৱেষণাৰ শিতানত আই আই এছ চি, বাংগালুৰুৱে বিশ্বৰ ভিতৰতে শীর্ষস্থানত আছে৷ ভাৰতীয় বিশ্ববিদ্যালয়ে শৈক্ষিক আৰু গৱেষণাৰ ক্ষেত্রখনত উজ্জীৱিত হৈ দেশখনক বিশ্বগুৰুৰ দিশে আগবঢ়াই নিয়াৰ বাবে গৌৰৱবোধ কৰিছে কেন্দ্রীয় শিক্ষামন্ত্রী ৰমেশ পোখৰিয়াল ‘নিশাংক’ই৷ টুইটযোগে শিক্ষামন্ত্রীগৰাকীয়ে বিশ্ববিদ্যালয়কেইখন্ কর্তৃপক্ষক অভিনন্দন জনাইছে৷

You might also like