UNESCO বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ দিশত চৰাইদেউ মৈদামৰ সৱল খোজ
নিয়মীয়া বাৰ্তা, ৩ মাৰ্চ: অসমৰ বাবে এটা সুখবৰ। UNESCO বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ দিশত চৰাইদেউ মৈদামৰ সৱল খোজ। মৈদামক ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি দিবৰ বাবে ইউনেস্ক’ক প্ৰয়োজনীয় কাৰিকৰী যোগ্যতা লাভ কৰিছে চৰাইদেউ মৈদামে। ইতিমধ্যে এই সন্দৰ্ভত অসম চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে ইউনেস্ক’ই। আজি সামাজিক মাধ্যমৰ জৰিয়তে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই লিখিছে- “অসমবাসীক জনাবলৈ পাই সুখী হৈছোঁ যে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মনোনয়ন পৰ্বত চৰাইদেউ মৈদামে স্থান লাভ কৰাৰ ক্ষেত্ৰত ইউনেস্ক’ সচিবালয়ৰ সকলো কাৰিকৰী প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সমৰ্থ হৈছে। পৰৱৰ্তী সময়ত এই মনোনয়ন পত্ৰ আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু স্থান পৰিষদে পুনৰীক্ষণ কৰিব।
এই পুনৰীক্ষণ প্ৰক্ৰিয়ালৈ আমি অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমৰ আপুৰুগীয়া ঐতিহ্যৰ মনোনয়ন ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য কেন্দ্ৰলৈ প্ৰেৰণত গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।”
With great pride, happy to share a landmark achievement in our endeavour to get World Heritage Site status for Charaideo Maidams. The maidams have met all technical requirements of the UNESCO Secretariat. My gratitude once again to Hon PM Shri @narendramodi ji for the nomination. pic.twitter.com/31y4sr7Q3S
— Himanta Biswa Sarma (@himantabiswa) March 3, 2023