নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰেংগীত বিশ্ব মানসিক স্বাস্থ্য দিৱস উদযাপন

বিশেষ বাৰ্তা, ১০ অক্টোবৰঃ নৰ্থ-ইষ্ট ইণ্ডিয়ান এছ’চিয়েশ্যন অৱ এপ্লাইড চাইক’লজিৰ উদ্যোগত ডিএআৰচি আৰু চিডিএ গুৱাহাটীৰ সহযোগত আজি চিডিএ গুৱাহাটীৰ কমিউনিটি হলত বিশ্ব মানসিক স্বাস্থ্য দিৱস উদযাপন কৰা হয়। নৰ্থ ইষ্ট ইণ্ডিয়ান এছ’চিয়েশ্যন অৱ এপ্লাইড চাইক’লজি (এন ই আই এ এ পি)ৰ প্ৰতিষ্ঠাপক সভানেত্ৰী ড০ ডিম্পী মহন্তই উদ্বোধন কৰা এই কাৰ্যসূচীত প্ৰায় ৩০০গৰাকী অংশগ্ৰহণকাৰী সমবেত হয়। অনুষ্ঠানত সংগঠনটোৰ কোষাধ্যক্ষ কামাক্ষী চক্ৰৱৰ্তীয়ে মুখ্য অতিথি, ডাঃ এন. গোহাঁই, ৰিচিকা বৰদলৈ, ড০ জয়শ্ৰী দাস আদিয়ে অংশ লয়। চিডিএ নাৰেংগীৰ কৰ্মচাৰীসকলৰ সৈতে যুৱক-যুৱতীসকলৰ মাজত মানসিক স্বাস্থ্য সজাগতা সৃষ্টিৰ লক্ষ্যৰে অনুষ্ঠিত এই অনুষ্ঠানটোৱে বৃহৎ সফলতা লাভ কৰে। মানসিক স্বাস্থ্য বিষয়ত সজাগতা বৃদ্ধিৰ বাবে সন্থাৰ ছাত্ৰ সদস্যসকলে নৃত্য, নাটক, কবিতা আবৃত্তি, মানসিক স্বাস্থ্য, ভায়লিন আৰু ঢোল বাদান বিষয়ক গীতৰ জৰিয়তে নিজৰ অভিনয় প্ৰদৰ্শন কৰে। অনুষ্ঠানত ড০ জয়শ্ৰী দাসে বিভিন্ন মানসিক স্বাস্থ্যৰ অৱস্থা, ইয়াৰ লগত জড়িত লক্ষণসমূহ আৰু দৈনন্দিন মানসিক চাপৰ সৈতে ফলপ্ৰসূভাৱে মোকাবিলা কৰিব পৰা উপায়সমূহৰ বিষয়ে দৰ্শকক জ্ঞান প্ৰদান কৰে। সন্থাৰ সভাপতি ড০ মহন্তই এইবাৰৰ বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ থীম অৰ্থাৎ “মানসিক স্বাস্থ্য এক সাৰ্বজনীন মানৱ অধিকাৰ” সন্দৰ্ভত ভাষণ দি মানসিক স্বাস্থ্যৰ অৱস্থা সম্পৰ্কে বিদ্যমান কলংকৰ পৰা মুক্ত এখন সমতাবাদী সমাজ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ড০ মহন্তই বৈষম্য আঁতৰাই মানসিক ৰোগত আক্ৰান্ত লোকসকলক সন্মান, মৰ্যাদা আৰু সহানুভূতিৰে ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ২০১৭ চনত প্ৰতিষ্ঠা হোৱা এন ই আই এ পি উত্তৰ-পূব অঞ্চলৰ যুৱক-যুৱতীৰ মাজত দক্ষতা বিকাশ, আত্মহত্যা প্ৰতিৰোধ আৰু স্থিতিস্থাপকতা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰি জনসাধাৰণৰ মাজত মানসিক স্বাস্থ্য সজাগতা বিয়পোৱাৰ লক্ষ্যৰে পঞ্জীয়নভুক্ত সংস্থা।

You might also like