নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নকছাৰী মহাবিদ্যালয়ৰ বিশ্ব মানসিক স্বাস্থ্য দিৱস

বিশেষ বাৰ্তা, ১০ অক্টোবৰ :  যোৰহাট জিলাৰ মৰিয়নিৰ বৃহত্তৰ নকছাৰী অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান নকছাৰী মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগ আৰু ইংৰাজী বিভাগৰ উদ্যোগত আৰু মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু নকছাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস উদযাপন কৰা হয় । নকছাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয় । নকছাৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী ড° অমিয়া শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰি নকছাৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক আব্দুল আমিনে মানসিক স্বাস্থ্যৰ বিচার্য বিষয়সমূহত বিশ্বজুৰি সজাগতা সৃষ্টি কৰাই এই দিৱসৰ উদ্দেশ্য বুলি উল্লেখ কৰে । তিনিগৰাকী সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰা সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকি নকছাৰী মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ অধ্যাপিকা নীলাক্ষি শইকীয়াই মানসিক স্বাস্থ্যৰ অর্থ, গুৰুত্ব আৰু মানসিকভাৱে সুস্থ ব্যক্তিৰ লক্ষণসমূহৰ বিষয়ে উপস্থিতসকলক অৱগত কৰে । আনগৰাকী সমল ব্যক্তি তথা নকছাৰী মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ অধ্যাপিকা অর্চনা হাজৰিকাই মানসিক স্বাস্থ্যৰ স্বাভাৱিকতা আৰু অস্বাভাৱিকতা সম্পর্কে ব্যাখ্যা কৰি সেইবোৰ চিনাক্তকৰণত গুৰুত্ব প্ৰদান কৰে । আন এগৰাকী সমল ব্যক্তি তথা নকছাৰী মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ অধ্যাপিকা গীতাঞ্জলি বৰাই মানসিক স্বাস্থ্য ভালে ৰখাৰ উপায়সমূহৰ বিষয়ে উল্লেখ কৰি বক্তব্য প্ৰদান কৰে । তেওঁ লগতে যান্ত্ৰিক জীৱন-যাত্ৰা, অত্যধিক মানসিক চাপৰ লগতে আর্থ-সামাজিক প্ৰেক্ষাপটেও বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ মানসিক স্বাস্থ্যত কু-প্ৰভাৱ পেলাইছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে । শাৰীৰিক স্বাস্থ্যৰ লগতে সেয়ে মানসিক স্বাস্থ্য ভালে ৰখাত গুৰুত্ব প্ৰদান কৰা অতিকে জৰুৰী হৈ পৰিছে বুলিও তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰে । সঞ্চালকে নিজৰ একাষাৰত এনে দিৱস উদযাপনে নিজকে মানসিক স্বাস্থ্যৰ প্ৰতি সজাগ হ’বলৈ অনুপ্রাণিত কৰাৰ লগতে সমাজত এই বিষয়ত সজাগতা বৃদ্ধিত ইন্ধন যোগাব বুলি মন্তব্য কৰে । সভাখনত নকছাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী নিৰ্মালি শইকীয়া দত্তই বক্তব্য আগবঢ়াই ইতিবাচক মনোবিজ্ঞানৰ প্ৰসংগ উল্লেখ কৰি নকছাৰী মহাবিদ্যালয়ৰ এই প্ৰচেষ্টাৰ শলাগ লয় । নকছাৰী জ্যেষ্ঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু নকছাৰী মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থকা সভাখনত শলাগৰ শৰাই আগবঢ়ায় নকছাৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা ড° মণিকা গগৈয়ে । আনহাতে, বিশ্ব মানসিক স্বাস্থ্য দিৱস উদযাপনত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহায়-সহয়োগিতা আগবঢ়োৱা সকলোলৈকে নকছাৰী মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী ড° কুমুদ ঘোষে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like