অসমৰ মাজেৰে সৰবৰাহ ৰেভ পার্টীত বহুল ব্যৱহূত নিচাযুক্ত টেবলেট ‘য়াবা’
নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ কেইবাখনো ৰাষ্ট্রৰ আন্তঃৰাষ্ট্রীয় সীমাৰে সংযুক্ত হৈ থকাৰ বাবে অসমক অবৈধ ড্রাগ্ছ সৰবৰাহৰ সুৰক্ষিত পথ হিচাপে ব্যৱহাৰ কৰি আহিছে আন্তঃৰাষ্ট্রীয় পর্যায়ৰ ড্রাগ্ছ মাফিয়াই৷ বিশেষকৈ বাংলাদেশ আৰু আৰবীয় দেশসমূহৰ ৰেভ পার্টীসমূহত বহুলভাৱে ব্যৱহূত য়াবা টেবলেট সৰবৰাহৰ কৰিড’ৰত পৰিণত হৈছে ৰাজ্য৷
আৰক্ষীৰ এক শীর্ষসূত্রই সদৰী কৰা অনুসৰি দক্ষিণ–পূব আৰু পূব এছিয়াৰ দেশসমূহত প্রস্তুত কৰা য়াবা নামৰ এই নিচাযুক্ত টেবলেট অসমৰ মাজেৰে সৰবৰাহ কৰি আহিছে৷ মূলতঃ বৰাক উপত্যকাৰ কাছাৰ–কৰিমগঞ্জৰ মাজেৰে য়াবা টেবলেট সৰবৰাহ কৰি আহিছে এই দুষ্ট চক্রটোৱে৷ জানিব পৰা মতে, দক্ষিণ–পূব আৰু পূব এছিয়াৰ দেশসমূহত আশ্রয় লৈ থকা এই আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ মাফিয়াসকলে য়াবা টেবলেট প্রথমে ম্যানমাৰলৈ প্রেৰণ কৰে৷ ইয়াৰ পৰা এই টেবলেটসমূহ একাংশ স্থানীয় সৰবৰাহকাৰীৰ জৰিয়তে আন্তঃৰাষ্ট্রীয় সীমা পাৰ কৰি মিজোৰামৰ আইজললৈ লৈ অহা হয়৷ ইয়াৰ পৰা কৰিমগঞ্জৰ মাজেৰে সূতাৰকান্দি হৈ এই টেবলেটসমূহ বাংলাদেশলৈ প্রেৰণ কৰা হয়৷ তদুপৰি কৰিমগঞ্জৰ পৰা ত্রিপুৰা হৈ আন এটা পথেৰেও এই নিচাযুক্ত টেবলেট স্মাগলিং কৰা হয় বাংলাদেশলৈ৷ এইক্ষেত্রত কাছাৰ আৰু কৰিমগঞ্জৰ বহুসংখ্যক স্থানীয় ড্রাগ্ছ মাফিয়াই সহযোগ কৰি আহিছে৷
আৰক্ষীৰ সূত্রই সদৰী কৰা মতে পাথাৰকান্দিৰ আজুবাহাৰ, ফৰিদ উদ্দিন, ফকৰ উদ্দিন, হাছান আহমেদ, ছুফিয়ান উদ্দিন, আব্দুছ ছালাম, ছাহিন আহমেদ, চিৰাজ উদ্দিন, বিলোৱাৰ হুছেইন, ছাবিৰ আহমেদ, ছাজিদুল হক আদিয়ে কাছাৰ আৰু কৰিমগঞ্জৰ মাজেৰে য়াবা টেবলেটৰ সৰবৰাহ অব্যাহত আছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে নিচাযুক্ত টেবলেট য়াবাৰ চাহিদা বাংলাদেশত অত্যন্ত বেছি৷ বাংলাদেশৰ উপৰি আৰবীয় দেশসমূহত এই টেবলেটৰ চাহিদা যথেষ্ট আছে৷ এই বজাৰখনলৈ অতি গোপনীয়ভাৱে দক্ষিণ–পূব আৰু পূব এছিয়াত ড্রাগ্ছ মাফিয়াসকলে দখল কৰি অবৈধভাৱে য়াবা টেবলেটকে ধৰি বিভিন্ন নিচাযুক্ত সামগ্রী স্মাগলিং কৰি আহিছে৷ য়াবা টেবলেটৰ উপৰি এছপি আৰু স্পীড নামৰ আন দুবিধ নিচাযুক্ত টেবলেটৰ চাহিদা বাংলাদেশ আৰু আৰবিয়ান দেশসমূহত অত্যধিক৷
শেহতীয়াকৈ কাছাৰ আৰু কৰিমগঞ্জত আৰক্ষীয়ে প্রায় নিয়মীয়াভাৱে য়াবা টেবলেট জব্দ কৰি আহিছে৷ শেহতীয়াকৈ যোৱা ১৪ জুলাইত দক্ষিণ শালমাৰাৰ ফেকামাৰী সীমান্তৱর্তী অঞ্চলত ৩২০০ য়াবা টেবলেট জব্দ কৰিছিল৷ ইয়াৰ পূর্বেও বিএছএফে ৯২০টা য়াবা টেবলেট, ২০০ বটল ফেঞ্চিডাইল আৰু গাঞ্জা জব্দ কৰিছিল৷ তদুপৰি যোৱা ২ মার্চত ত্রিপুৰাত বৃহৎ পৰিমাণৰ য়াবা টেবলেট জব্দ কৰিছিল সংশ্লিষ্ট আৰক্ষীয়ে৷ গকুল নগৰৰ আন্তঃৰাষ্ট্রীয় বজাৰত আৰক্ষীয়ে জব্দ কৰিছিল ১.৫ লাখ য়াবা টেবলেট৷ যাৰ মূল্য আছিল ৭.৫ কোটি৷ এই টেবলেটসমূহ সোণামুৰা সীমান্তৰে অসমৰ পৰা স্মাগলিং কৰা হৈছিল৷ একে সময়তে আইজলৰ এটা এনজি’ই যোৱা ৮ মার্চত অভিযোগ কৰিছিল যে ভাৰত–ম্যানমাৰ সীমান্তৰে ১৫ দিনৰ ভিতৰত ১০০ কোটিতকৈ অধিক মূল্যৰ ড্রাগ্ছ মিজোৰামৰ মাজেৰে সৰবৰাহ কৰা হৈছিল৷ এই ড্রাগ্ছসমূহৰ ভিতৰত অধিকাংশই আছিল য়াবা টেবলেট আৰু হেৰ’ইন৷