নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা সপ্তাহৰ পৰা ব্রিটেইনত ফাইজাৰৰ ক’ভিড–১৯ ভেকচিন প্রদান কৰা হ’ব জনসাধাৰণক

সুদীর্ঘ প্রতীক্ষাৰ অন্তত চূড়ান্ত পর্যায়ত ক’ৰোনা ভাইৰাছবিৰোধী যুঁজ

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ ফাইজাৰ–বায়’এনটেক ভেকচিন প্রদানৰ অনুমতি দিয়া বিশ্বৰ প্রথম দেশ গ্রেট ব্রিটেইন৷ ঘাতক ক’ভিড–১৯ৰ সংক্রমণৰ সংহাৰ অব্যাহত থকাৰ সময়তে আমেৰিকা আৰু ইউৰোপক অতিক্রম কৰি পশ্চিমীয়া দেশ হিচাপে গ্রেট ব্রিটেইনে ফাইজাৰ–বায়’এনটেক ভেকচিন অহা সপ্তাহৰ প্রাৰম্ভৰে পৰা প্রয়োগ আৰম্ভ কৰিব৷ ব্রিটেইনৰ মেডিচিন এণ্ড হেল্থ কেয়াৰ প্রডাক্টর্ছ ৰেগুলেটৰী এজেন্সীয়ে (এম এইচ আৰ এ) ভেকচিন ফাইজাৰ–বায়’এনটেক ভেকচিনৰ অনুমতি প্রদান কৰি গোলকীয় জয় সাব্যস্ত কৰা বুলি ঘোষণা কৰিছে ব্রিটেইনৰ প্রধানমন্ত্রী বৰিছ জনছনে৷ বিশ্বজুৰি ক’ভিড–১৯এ ১৫ লাখতকৈ অধিক লোকৰ প্রাণ কাঢ়ি লোৱাৰ লগতে অর্থনীতি বিধ্বস্ত কৰাৰ সময়ত ফাইজাৰ ভেকচিনে আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে বুলি ব্রিটেইনৰ প্রধানমন্ত্রীগৰাকীয়্ প্রকাশ কৰিছে৷ ফাইজাৰে মাত্র ২৩ দিনৰ ভিতৰতে ভেকচিনৰ মানৱ দেহত চূড়ান্ত পৰীক্ষণ সম্পন্ন কৰাৰ ডাটা প্রকাশ কৰাৰ পাছতেই গ্রেট ব্রিটেইনে প্রয়োগত অনুমতি প্রদান কৰিছে৷ ফাইজাৰৰ তথ্যত প্রকাশ পোৱা মতে, ফাইজাৰ–বায়’এনটেক ভেকচিনটোৱে পৰীক্ষণত ৯৫ শতাংশ ফলপ্রসূ হৈছে৷ ন’ভেল ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ ক্ষেত্রত ৯৫ শতাংশ ফলপ্রসূ হোৱা ভেকচিনটো পৰৱর্তী সপ্তাহৰ পৰা গ্রেট ব্রিটেইনত উপলব্ধ হ’ব বুলি উৎসাহেৰে প্রকাশ কৰিছে প্রধানমন্ত্রীগৰাকীয়ে৷ চীনৰ ৱুহান প্রদেশত ক’ভিড–১৯ৰ প্রার্দুভাৱ ঘটা এবছৰ অতিক্রম কৰাৰ পাছত গ্রেট ব্রিটেইনত এই মহামাৰী বীজাণুৰ ভেকচিন ব্যৱহাৰ কৰিবলৈ আগবাঢ়ি যোৱাটো বিজ্ঞানৰ অগ্রগতি বুলি ঘোষণা কৰিছে ফাইজাৰৰ মুৰব্বী এলবার্ট বৌৰিয়াই৷ উল্লেখ্য যে জার্মান বায়’টেকন’লজীৰ অংশীদাৰ বায়’এনটেকৰ সৈতে ফাইজাৰে এই ভেকচিনটো বিকশিত কৰি মানৱ দেহত আটাইকেইটা পর্যায়ৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰিলে৷ ব্রিটেইনৰ এম এইচ আৰ এই ফাইজাৰৰ ভেকচিন প্রয়োগৰ অনুমতি প্রদান কৰাটো ঐতিহাসিক ক্ষণ বুলি আখ্যা দিছে আমেৰিকা যুক্তৰাষ্ট্রৰ ঔষধ প্রস্তুত কোম্পানীয়ে৷

উল্লেখ্য যে গ্রেট ব্রিটেইনত প্রতিদিনে ক’ভিড–১৯ত সংক্রমিত হৈ ৪৫০জনকৈ লোকৰ প্রাণহানি হৈ থকাৰ সময়ত তৎকালে ভেকচিন প্রয়োগৰ সিদ্ধান্তই লাভজনক হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে৷ ভেকচিন প্রয়োগৰ অনুমতি প্রদান কৰাৰ পাছতেই চৰকাৰখনে কিধৰণে কেনে কেনে লোকক প্রথম অৱস্থাত এই ভেকচিন প্রদান কৰিব, তাক লৈ এখন কমিটী গঠন কৰিছে৷ কমিটীখনে তালিকা প্রস্তুত কৰাৰ পাছতেই পর্যায়ক্রমে ভেকচিন প্রদান কৰা হ’ব৷ উল্লেখ্য যে ফাইজাৰ–বায়’এনটেক ভেকচিন প্রথম পর্যায়ত ঘৰত শুশ্রূষা কৰি থকা লোক, স্বাস্থ্য আৰু শুশ্রূষাকাৰী, বয়োজ্যেষ্ঠ লোক, যিসকল ক’ভিড–১৯ৰ বাবে অতি বিপজ্জনক৷ তেনে লোকক ভেকচিন প্রদান কৰা হ’ব৷ ব্রিটেইনৰ স্বাস্থ্যমন্ত্রী মেট হেনক’কে প্রকাশ কৰা মতে, ভেকচিনটো প্রদান কৰিবলৈ চিকিৎসালয়সমূহ সাজু হৈছে৷ দেশজুৰি ভেকচিন প্রদানৰ কেন্দ্র স্থাপন কৰা হ’ব৷ ভেকচিনটো কেন্দ্রলৈ বিতৰণ কৰাটো জটিল হ’ব৷ কিয়নো এই ভেকচিন মাইনাছ ৭০ ডিগ্রী চেণ্টিগ্রেডত সংৰক্ষণ কৰাটো প্রয়োজন৷ ভেকচিনটোৰ কোম্পানী ফাইজাৰে প্রকাশ কৰা মতে, এই ভেকচিনটো ৩০ দিনলৈ থার্মেল ছিপিং বক্সত ৰাখিব পাৰিব আৰু ভেকচিনটো ৫ দিনলৈ ফ্রিজড তাপমাত্রাৰ ভিতৰত সংৰক্ষণ কৰিব লাগিব৷ তাৎপর্যপূর্ণ যে গ্রেট ব্রিটেইনে ফাইজাৰ–বায়’এনটেক ভেকচিন দেশবাসীক প্রয়োগৰ অনুমতি দিয়াৰ পূর্বে চীন চৰকাৰে জৰুৰীকালীনভাৱে তিনিটা পৰীক্ষণমূলক ভেকচিন জুলাইৰ পৰা প্রায় ১০ লাখ লোকক প্রদান কৰিছে৷ তেনেদৰে ৰাছিয়াই আগষ্টত ভেকচিন স্পুটনিক ভি ক’ভিড–১৯ যোদ্ধাসকলক প্রয়োগ কৰি আহিছে৷ এই ভেকচিনটো চূড়ান্ত পর্যায়ৰ পৰীক্ষণ নিৰাপদ আৰু ফলপ্রসূভাৱে সম্পন্ন হৈছে৷ গ্রেট ব্রিটেইনৰ অনুমোদনৰ পাছত আমেৰিকা যুক্তৰাষ্ট্রয়ো ফাইজাৰ ভেকচিনটো জৰুৰীকালীনভাৱে প্রয়োগক লৈ ১০ ডিচেম্বৰত সিদ্ধান্ত গ্রহণ কৰিব৷

মন কৰিবলগীয়া যে আমেৰিকা যুক্তৰাষ্ট্রৰ বায়’টেক কোম্পানী মোডার্নাৰ ভেকচিনৰ চূড়ান্ত পর্যায়ৰ পৰীক্ষণ চলি আছে৷ ৯৪ শতাংশ ফলপ্রসূ এই ভেকচিনটো শীঘ্রেই প্রয়োগৰ সম্ভাৱনা আছে৷ গ্রেট ব্রিটেইনত অহা সপ্তাহৰ পৰা ফাইজাৰ–বায়’এনটেক ভেকচিনটো প্রয়োগ কৰা হ’ব যদিও ভাৰতত এই ভেকচিনটো প্রয়োগ শীঘ্রে সম্ভৱ হৈ নুঠিব৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ঔষধ নির্মাণকাৰী কোম্পানী ফাইজাৰে প্রকাশ কৰা মতে, ভাৰতত এই ভেকচিনটো পৰীক্ষণ কৰাৰ বাবে কোম্পানীটোৱে কেতিয়াও আগ্রহ প্রকাশ কৰা নাই৷ এনে ক্ষেত্রত ভাৰতত ভেকচিনটো পৰীক্ষণ নহ’লে সেয়া প্রয়োগ কৰাটো সম্ভৱ হৈ নুঠিব৷ ভাৰতত এই ভেকচিনটো উপলব্ধ হ’বলৈ হ’লে ভাৰতীয় কোম্পানীয়ে ফাইজাৰ–বায়’এনটেক ভেকচিনটোৰ প্রস্তুতকাৰী কোম্পানীৰ সৈতে অংশীদাৰ হ’ব লাগিব৷ এই পর্যায় শীঘ্রে সম্ভৱ নহ’ব৷ কিয়নো ফাইজাৰৰ সৈতে আগষ্ট মাহত ভেকচিন সন্দর্ভত ভাৰত চৰকাৰে আলোচনা কৰাৰ কথা আছিল যদিও সেয়া হৈ নুঠিল৷ ভাৰতে অষ্ট্রজেনেকা আৰু অক্সফ’ড বিশ্ববিদ্যালয়ৰ দ্বাৰা বিকশিত আৰু পুনেস্থিত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ দ্বাৰা উৎপাদিত ভেকচিনসহ পাঁচটা ভেকচিনক লৈহে আগবাঢ়ি গৈ আছে৷ অষ্ট্রজেনেকাৰ ভেকচিন ক’ভিশ্বিল্ডৰ দুটা পর্যায়ৰ পৰীক্ষণত প্রায় ৯০ শতাংশ ফলপ্রসূ হৈছে৷ ক’ভিড–১৯ত আক্রান্তৰ তালিকাত বিশ্বৰ দ্বিতীয় স্থানত থকা ভাৰতত ৯৫ লাখ লোক আক্রান্ত হোৱাৰ বিপৰীতে ১.৩৮ লক্ষাধিক লোকৰ প্রাণহানি হৈছে৷ এনে পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি দেশখনৰ ক’ভিড–১৯ ভেকচিনৰ প্রয়োগ জৰুৰী হৈ পৰিছে৷ আনপিনে, গ্রেট ব্রিটেইনৰ ফাইজাৰ ভেকচিন জনসাধাৰণক অহা সপ্তাহৰ পৰা প্রদান কৰিব বুলি ঘোষণা কৰাৰ পাছতেই ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে তেওঁলোকৰ দেশত ইতিমধ্যে ক’ভিড যোদ্ধাক প্রদান কৰা স্পুটনিক ভি ভেকচিনটো জনসাধাৰণক প্রয়োগ কৰিবলৈ নির্দেশ দিছে৷ গ্রেট ব্রিটেইনৰ পাছতেই ৰাছিয়াই জনসাধাৰণক ক’ভিড–১৯ ভেকচিন প্রয়োগ কৰিবলৈ অনুমতি দিয়াৰ লগে লগে আক্ষৰিক অর্থত ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজ অন্তিম পর্যায়ত উপনীত হৈছে৷

You might also like