নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগ দিৱসত বিজেপিৰ মেগা প্লেন : নিউয়ৰ্কত মোদী, দিল্লীত শ্বাহ, পানাজীত সোণোৱাল

বিশেষ বাৰ্তা, ১৬ জুন : প্ৰতিবছৰে ২১ জুনত পালন কৰিবলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে বিজেপিয়ে এক মেগা প্লেন প্ৰস্তুত কৰিছে। এফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত যোগ দিৱস উদযাপনৰ নেতৃত্ব দিব, আনহাতে আনফালে গৃহমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ পৰা আৰম্ভ কৰি দেশৰ অন্যান্য নেতালৈকে তেওঁলোকে কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বিভিন্ন স্থানত। ইফালে ২১ জুনৰ পৰা আৰম্ভ হব প্ৰধানমন্ত্ৰী মোদীৰ আমেৰিকা ভ্ৰমণ। ২৩ জুনলৈকে তেওঁ আমেৰিকাত থাকিব আৰু তাৰ পিছত ২৪ আৰু ২৫ জুনত ইজিপ্তলৈ ৰাজ্যিক ভ্ৰমণ কৰিব। তথ্য অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজধানী দিল্লীত যোগ দিৱস উদযাপনত অংশগ্ৰহণ কৰাৰ বিপৰীতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কোচিত ভাৰতীয় নৌসেনাৰ বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্তত যোগ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। যোগ দিৱসত আয়ুসৰ কেন্দ্ৰীয় মন্ত্ৰালয়ে গোৱাত এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰিব। গোৱাৰ পানাজীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজেই। ইয়াৰ উপৰি মধ্যপ্ৰদেশৰ জবালপুৰত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই সকলো সাংসদ আৰু বিধায়কক নিজ নিজ এলেকাত যোগ দিৱসৰ লগত জড়িত ডাঙৰ ডাঙৰ অনুষ্ঠান আয়োজন কৰিবলৈ নিৰ্দেশ দিছে। যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে প্ৰেৰণ কৰা হ’ব বিজেপিৰ প্ৰায় ২৫০গৰাকী শীৰ্ষ নেতাক। তাৎপৰ্যপূৰ্ণভাৱে ২০১৪ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰি প্ৰস্তাৱ গৃহীত কৰে। তেতিয়াৰ পৰাই প্ৰতিবছৰে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে এই দিৱসটো অতি উৎসাহেৰে পালন কৰা হয়। দেশৰ লগতে বিশ্বৰ বহুতো সৰু-বৰ সংগঠনেও নিজৰ পর্যায়ত আড়ম্বৰেৰে যোগ দিৱস উদযাপন কৰে। কাৰ্যসূচীসমূহত সাধাৰণ জনতাৰ অংশগ্ৰহণো বহুলভাৱে দেখা যায়।

You might also like