কেন্দ্রীয় যোগ-নেচাৰ’পেথি গৱেষণা প্রতিষ্ঠানৰ আধাৰশিলা স্থাপনত মুখ্যমন্ত্রীৰ অংশগ্রহণ
ভাৰতত প্রচলিত নেচাৰ’পেথিৰ শিপা আয়ুর্বেদত নিহিত হৈ আছে : মুখ্যমন্ত্রী
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ জানুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ দপ্তৰৰ মন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে ডিব্রুগড়ত উত্তৰ-পূর্বাঞ্চলৰ প্রথমখন ১০০খন বিছনাযুক্ত চিকিৎসালয়ৰ সৈতে কেন্দ্রীয় যোগ আৰু নেচাৰ’পেথি গৱেষণা প্রতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে৷ উল্লেখ্য যে প্রায় ১০০ কোটি টকা ব্যয়েৰে ৪৫ বিঘা ভূমিত নির্মাণ হবলগীয়া এই প্রতিষ্ঠানখনৰ নির্মাণকার্য ২০২৬ চনৰ ভিতৰত সম্পূর্ণ কৰাৰ বাবে লক্ষ্য নির্দ্ধাৰণ কৰা হৈছে৷ এই প্রতিষ্ঠানখনে স্নাতক, স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্রী সর্ম্পকীয় শৈক্ষিক কার্যসূচীৰ বাবে যোগ আৰু নেচাৰপেথি সংক্রান্তীয় গৱেষণামূলক পাঠ্যক্রম হাতত লব৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আমাৰ দেশত যোগ আৰু প্রাকৃতিক চিকিৎসাৰ বিশ্বমানৰ ব্যৱস্থা আছে আৰু ভাৰতবাসীৰ বাবে এয়া এক গৌৰৱৰ বিষয়৷ পূর্বতে এই বিষয়টোক গুৰুত্ব সহকাৰে নোলোৱা বাবে দেশৰ প্রাচীন পৰম্পৰা দুর্বল হৈ পৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে ২০১৪ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত কেন্দ্রীয় চৰকাৰে দেশৰ জনসাধাৰণৰ স্বাস্থ্যসন্মত জীৱন-যাপনৰ দিশত গুৰুত্ব প্রদান কৰি প্রাচীন স্বাস্থ্যসেৱাৰ পৰম্পৰাক পুনৰুজ্জীৱিত কৰাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে৷ তেওঁ লগতে কয় যে ডিব্রুগড়ত স্থাপন কৰা কেন্দ্রটো এক উৎকৃষ্টতাৰ কেন্দ্র হিচাপে পৰিগণিত হোৱাৰ লগতে যোগ আৰু প্রাকৃতিক চিকিৎসাৰ পৰম্পৰাগত জ্ঞান আৰু প্রযুক্তিৰ মাজত সমন্বয় সাধন কৰাৰ দিশতো অৰিহণা আগবঢ়াবলৈ সক্ষম হব৷ সামর্থ্য বিকাশৰ বাবে যোগ আৰু প্রাকৃতিক চিকিৎসাৰ ফেলশ্বিপ আৰু চার্টিফিকেট পাঠ্যক্রমে যোগ আৰু প্রাকৃতিক চিকিৎসাক বিজ্ঞানসন্মতভাৱে আগুৱাই নিবলৈ সক্ষম হব বুলি আশা প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে এই প্রতিষ্ঠানটো গৱেষণামূলক কাম-কাজতো সহায়ক হৈ উঠিব৷ ডিব্রুগড়ত এই কেন্দ্র আৰু চিকিৎসালয় স্থাপনৰ বাবে মুখ্যমন্ত্রী ড০ শৰ্মাই প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে এই প্রতিষ্ঠানটো নিশ্চিতভাৱে অসমক প্রাকৃতিক চিকিৎসাৰ কেন্দ্রবিন্দুলৈ ৰূপান্তৰ সাধন কৰিব পাৰিব৷ কেন্দ্রীয় যোগ আৰু নেচাৰ’পেথি গৱেষণা প্রতিষ্ঠানৰ বৈশিষ্ট্যসমূহ আলোকপাত কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে বিশ্বৰ চিকিৎসা ক্ষেত্রখনলৈ ভাৰতীয় সভ্যতা-সংস্কৃতিৰ এক অমূল্য অৱদান হৈছে যোগ৷ যোগ হৈছে একপ্রকাৰৰ আভ্যন্তৰীণ বিজ্ঞান, যি বিজ্ঞানে মানুহক অতীত, বর্তমান আৰু ভৱিষ্যতৰ সুস্থ চিন্তাৰ মাজেৰে জীৱনৰ গতিপথত আগুৱাই যাবলৈ মনক শক্তি দিয়ে আৰু পথ প্রদর্শন কৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে সিন্ধু সভ্যতাৰ ধবংসাৱশেষ বা শিলালিপিত অংকিত হৈ থকা যৌগিক সাধনাৰ দৃশ্যই এয়ে প্রতিপন্ন কৰে যে যোগ সাধনা এটা অতি প্রচীন কলা৷ মুখ্যমন্ত্রীয়ে কয় যে যোগ সাধনাৰ কথা লোক-সংস্কৃতি, সিন্ধু সভ্যতা, বৈদিক আৰু উপনিষদৰ পাতত, মহাভাৰত, ৰামায়ণ, শিৱপুৰণ, তন্ত্রপুৰাণৰ উপৰি বৌদ্ধ আৰু জৈন ধর্মাৱলম্বীসকলৰ গ্রন্থসমূহত উল্লেখ আছে৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে প্রাচীন ভাৰতীয় পৰম্পৰাৰ অমূল্য উপহাৰ যোগে শাৰীৰিক, মানসিক, আধ্যাত্মিক আৰু সামাজিক স্বাস্থ্য আৰু মানসিক সুস্থতা বৃদ্ধিৰ অন্যতম বিশ্বাসযোগ্য উপায় হিচাপে সম্প্রতি আত্মপ্রকাশ কৰিছে আৰু গৱেষকসকলে যোগৰ উৎপত্তি আৰু ক্রমবিকাশৰ সম্পর্কে অধ্যয়ন কৰি প্রাক্ বৈদিক, বৈদিক, উপনিষদীয়, পৌৰাণিক, মহাকাব্যিক, মধ্যযুগীয় আৰু আধুনিক কালত ইয়াৰ বিকাশৰ এক ৰূপৰেখা দাঙি ধৰিছে৷ তেওঁ লগতে কয় যে সাম্প্রতিক সময়ত মানুহৰ জীৱনশৈলী অভাৱনীয়ভাৱে পৰিৱর্তন হৈছে৷ মানুহৰ উদ্বেগ আৰু মানসিক চাপ বৃদ্ধি পাইছে৷ জলবায়ু পৰিৱর্তনে মানৱ সমাজৰ বাবে স্বাস্থ্যৰ দিশত বহুতো প্রত্যাহ্বান নমাই আনিছে৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে এই দিশবোৰ মোকাবিলা কৰাৰ বাবে যোগাভ্যাসৰ প্রয়োজনীয়তা আহি পৰিছে৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে সত্রীয়া নৃত্য, মাটি আখৰা, অংকীয়া ভাওনাক বিভিন্ন মুদ্রাৰ মাধ্যমেৰে যোগৰ এক সুন্দৰ ৰূপ আমাক দেখুৱাই গৈছে৷ আধুনিক চিকিৎসা বিজ্ঞানেও যোগৰ উপকাৰিতাৰ কথা স্বীকাৰ কৰিছে বুলি তেওঁ মন্তব্য কৰে৷ সাম্প্রতিক সময়ত শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যৰ বাবে যোগৰ সমানে ধ্যানো গুৰুত্বপূর্ণ হৈ উঠিছে বুলিও মুখ্যমন্ত্রী ড০ শৰ্মাই কয়৷ যোগৰ সমান্তৰালভাৱে নেচাৰ’পেথিৰ জনপ্রিয়তাও ক্রমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে ভাৰতত প্রচলিত নেচাৰ’পেথিৰ শিপা আয়ুর্বেদতে নিহিত হৈ আছে৷ পাঁচ হাজাৰ বছৰতকৈও অধিক পুৰণি আয়ুর্বেদ সামগ্রিক সুস্থতা আৰু প্রাকৃতিক নিৰাময়ৰ ধাৰণাটোৰ ওপৰত ভিত্তি কৰি গগ লৈ উঠিছে বুলিও তেওঁ কয়৷ ভাৰতীয় নেচাৰ’পেথিৰ জনপ্রিয়কৰণত মহাত্মা গান্ধীয়ে এক ভূমিকা লৈছিল বুলি দোহাৰি তেওঁ কয় যে শৰীৰৰ জন্মগত ক্ষমতাৰে নিজকে সুস্থ কৰাৰ ওপৰত গান্ধীজীয়ে বিশ্বাস কৰিছিল৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে যোগ, আয়ুর্বেদিক চিকিৎসা, নেচাৰ’পেথি আদি সুস্বাস্থ্য আৰু চিকিৎসা সংক্রান্তীয় প্রাচীন ভাৰতীয় জ্ঞানৰ গুৰুত্ব দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে৷ মুখ্যমন্ত্রী ড০ শৰ্মাই লগতে কয় যে প্রায় ৯ বছৰ আগতে ভাৰতত আয়ুষ উদ্যোগৰ বজাৰ মূল্য আছিল প্রায় ২০ হাজাৰ কোটি টকা৷ বিগত বছৰসমূহত এই খণ্ডত সাত গুণ বৃদ্ধি হৈছে আৰু আজি আয়ুষ উদ্যোগৰ বজাৰ মূল্য হৈছে প্রায় ১.৫ লাখ কোটি টকা৷ পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ এই খণ্ডটো নিৰন্তৰ সম্প্রসাৰিত হৈ আছে৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কৃষক আৰু যুৱক-যুৱতীসকলক এই উন্নয়নৰ সুবিধা লবলৈ আহ্বান জনায়৷ মুখ্যমন্ত্রী ড০ শৰ্মাই ভাৰতীয় সংস্কৃতিৰ শক্তিশালী সম্পদ যোগৰ গুৰুত্ব বিশ্বজুৰি তুলি ধৰাৰ দায়িত্ব উঠি অহা প্রজন্মই বহন কৰিব লাগিব বুলিও কয়৷ যুৱক-যুৱতী আৰু ছাত্র-ছাত্রীসকলে যোগক জীৱনৰ অংগ হিচাপে গ্রহণ কৰাৰ মানসিকতা গঢ়িব লাগিব বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে পৰম্পৰাগত চিকিৎসা পদ্ধতিসমূহৰ জনপ্রিয়কৰণৰ দিশত পদক্ষেপ লোৱা উপৰি তেনে পদ্ধতিসমূহ গ্রহণেৰে ৰোগ চিকিৎসাৰ দিশত আগুৱাই আহিব লাগিব৷ কেন্দ্রীয় বন্দৰ, জাহাজ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱাল, কেন্দ্রীয় পেট্ৰলিয়াম আৰু প্রাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ মন্ত্রী বিমল বড়া, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্রী কেশৱ মহন্তই ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত সাংসদ তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব পৱিত্র মার্ঘেৰিটা, বিধায়ক তৰংগ গগৈ, প্রশান্ত ফুকন, চক্রধৰ গগৈ, বিনোদ হাজৰিকা, পোনাকণ বৰুৱাকে ধৰি গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷