নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত বিজেপিৰ বাহিৰে আন দলৰ অস্তিত্ব নাই : মন্ত্ৰী পীয়ূষ হাজৰীকা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ জানুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুশাসনত আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সুশাসনত ৰাইজ আকৰ্ষিত হৈছে। তেনে আদৰ্শৰে অনুপ্ৰাণিত হৈ বাকী বিভিন্ন দলৰ নেতাসকলো বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে। সেইবাবেই বৰ্তমানে বিজেপিৰ প্ৰতি অন্য দলৰ নেতা কৰ্মীৰ আগমন ঘটিছে। আজি সাংবাদিকৰে হোৱা মুখামুখিত বহু ৰাজনৈতিক নেতাৰ লগতে অৰাজনৈতিক নেতাৰ বিজেপিত যোগদানত কৰা সন্দৰ্ভত এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। তেওঁ লগতে কয় যে বিজেপিৰ প্ৰতি এনে আস্থাৰ বাবেই ভাৰতবৰ্ষ তথা অসমত বেলেগ দলৰ অস্থিত্ব নাই। নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠিত হ’ব। অসমতো আগন্তুক লোকসভা নিৰ্বাচনত ১২খন আসনত বিজেপি জয়ী হোৱাৰ কথা উল্লেখ কৰে মন্ত্ৰী হাজৰীকাই। যিসকলে আজি বিজেপিত আজি যোগদান কৰিছে সকলোকে দললৈ উস্ম আদৰণি জনায় মন্ত্ৰীগৰাকীয়ে।

You might also like