নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছে সদায় বিভাজনৰ ৰাজনীতি কৰে

উদাৰবন্দত মিহিৰকান্তি সোম শিলচৰত দ্বীপায়ন চক্রৱর্তী, বৰখলাত অমলেন্দু দাসৰ হৈ প্রচাৰ

নিয়মীয়া বাৰ্তা ২৪ মাৰ্চঃ   ‘কংগ্রেছৰ শাসনত অসমত অবৈধ অনুপ্রৱেশকাৰী, উগ্রপন্থী সমস্যাকে ধৰি বিভিন্ন সমস্যা আছিল৷ কিন্তু অসমত বিজেপি শাসনলৈ অহাৰ পিছতে এই সমস্যাবোৰ সমাধান হ’ল৷’– এই মন্তব্য বিজেপিৰ জ্যেষ্ঠ নেতা তথা উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ৷ আজি বৰাক উপত্যকাত উপস্থিত হৈ কট্টৰ হিন্দুত্ববাদী নেতা ৰূপে পৰিচিত যোগী আদিত্যনাথে বিজেপিৰ তিনিখনকৈ বিজয় সংকল্প সমাৱেশত ভাগ উদাৰবন্দ সমষ্টিৰ জয়পুৰ চাহ বাগিচা খেলপথাৰত৷ হেলিকপ্ঢাৰেৰে উক্ত খেলপথাৰত উপস্থিত হৈ যোগী আদিত্যনাথে কংগ্রেছ দলক কঠোৰ সমালোচনা কৰে৷ হিন্দুত্ববাদী নেতা যোগীয়ে কয়– কংগ্রেছৰ শাসনত অসমত শান্তি, একতা আৰু উন্নয়ন নাছিল৷ অবৈধ অনুপ্রৱেশকাৰী আৰু উগ্রপন্থী সমস্যাই অসমক জর্জৰিত কৰি ৰাখিছিল৷ কংগ্রেছৰ আমোলত অসমত চৰম অৰাজকতা চলিছিল৷ কংগ্রেছ দলে ভোটবেংকৰ স্বার্থত অবৈধ নাগৰিকক অসমত অনুপ্রৱেশ কৰিবলৈ দিছিল৷ পৰৱর্তী সময়ত এই অবৈধ অনুপ্রৱেশকাৰীয়ে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ সত্রৰ ভূমি বেদখল কৰাৰ পিছতো কংগ্রেছ চৰকাৰে বেদখলকাৰীক উচ্ছেদ কৰা নাছিল৷

উল্লেখ্য যে মুখ্যমন্ত্রী যোগী আদিত্যনাথে মঙলবাৰে উদাৰবন্দত বিজেপিৰ প্রার্থী মিহিৰকান্তি সোম, শিলচৰ ইণ্ডিয়া খেলপথাৰত দ্বীপায়ন চক্রৱর্তী আৰু বৰখোলাৰ হাতীছৰাত অমলেন্দু দাসৰ হৈ নির্বাচনী প্রচাৰ চলায়৷ নির্বাচনী প্রচাৰ সভাত যোগীয়ে মিত্রজোঁটৰ প্রার্থীসকলৰ বাবে ভোটভিক্ষা কৰে৷ অসমৰ বিকাশৰ বাবে তেওঁ দলীয় প্রার্থীসকলক ভোট দিবলৈ ৰাইজক আহ্বান জনায়৷ মিত্রজোঁটৰ প্রার্থীৰ সমর্থনত প্রচাৰ চলাই যোগী আদিত্যনাথে কয়– কংগ্রেছৰ শাসনত বৰাকৰ সমস্যা কোনো এজন জনপ্রতিনিধিয়ে সমাধানৰ ব্যৱস্থা কৰা নাছিল৷ কংগ্রেছৰ আমোলত বৰাকৰ ৰাস্তা–পদূলি অতি শোচনীয় আছিল৷ কিন্তু সর্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছতে বৰাকৰ যোগাযোগ ব্যৱস্থাৰ আমূল পৰিৱর্তন হ’ল৷ বিজেপি চৰকাৰৰ দিনত শিলচৰৰ পৰা স্থলপথ আৰু ৰে’লপথেৰে গুৱাহাটীৰ মাজত উন্নত যাতায়াতৰ ব্যৱস্থা গঢ়ি তোলা হ’ল৷ বিজেপি চৰকাৰৰ দিনত অসমত অবৈধ অনুপ্রৱেশ ৰোধ হোৱাৰ লগতে উগ্রপন্থী সমস্যা সমাধান হ’ল৷ ইতিমধ্যে কেইবাটাও উগ্রপন্থী সংগঠনৰে চৰকাৰে শান্তি চুক্তি কৰাত বড়োলেণ্ড, কার্বি আংলং আদি জিলাত শান্তি ঘূৰি আহিল৷’

নির্বাচনী সভাত কংগ্রেছ নেতা ৰাহুল গান্ধীক আক্রমণৰ লক্ষ্য কৰি লয় যোগী আদিত্য নাথে৷ তেওঁ কয়– ‘ৰাম মন্দিৰ নির্মাণৰ কাৰণে ৰামভক্তসকলে চৰকাৰক দাবী জনাই অহাৰ সময়তে ৰাহুল গান্ধীয়ে মন্দিৰৰ নির্মাণকার্য বন্ধ কৰাৰ বাবে চেষ্টা কৰিছিল৷ কিন্তু বিজেপি চৰকাৰৰ দিনত দেশবাসীয়ে পুনৰ ৰাম মন্দিৰ লাভ কৰাৰ পথত৷ ৰাম মন্দিৰ হৈছে আস্থা আৰু এক ভাৰত তথা শ্রেষ্ঠ ভাৰতৰ প্রতীক৷ কিন্তু কংগ্রেছৰ কর্মকর্তাই নেতাজী সুভাষ চন্দ্র বসুকো অপমান কৰিছিল৷ কংগ্রেছে সকলো সময়তে বিভাজনৰ ৰাজনীতি কৰে৷ অসমৰ সমস্যা সমাধানৰ বাবে কংগ্রেছৰ ৰাষ্ট্রীয় নেতৃত্বই আগবাঢ়ি নাহে৷ অসমত যেতিয়া সংকট নামি আহে তেতিয়া ৰাহুল গান্ধীয়ে ইটালীৰ কথা মনত কৰে৷ কংগ্রেছ কর্মীসকলে ভাল কামত বাধা প্রদান কৰি আহিছে৷ ইফালে অসমত কংগ্রেছৰ ৰাজ্যিক নেতৃত্বই অসমৰ ঐতিহ্য বিনষ্ট কৰিব বিচাৰিছে৷ প্রদেশ কংগ্রেছ আৰু এআইইউডিএফৰ জোঁটবন্ধনে অসমৰ ঐতিহ্যত নেতিবাচক প্রভাৱ পেলাব৷ এই দুয়োটা দলে অসমত পুনৰ অনুপ্রৱেশ ঘটোৱাৰ পৰিকল্পনা কৰিছে৷ কিন্তু বিজেপি চৰকাৰৰ কাৰণে আন্তর্জাতিক সীমান্ত সুৰক্ষিত হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে লুক ইষ্ট–এক্ট ইষ্ট পলিচী গ্রহণ কৰি অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ ছবি সলনি কৰি দিছে৷ মোদী চৰকাৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক ভাৰত ৰত্ন সন্মান দিছে৷’

আনহাতে অসমত আহিলেই কামাখ্যা মন্দিৰ, ব্রহ্মপুত্র আৰু বৰাকৰ কথা মনলৈ আহে বুলি যোগী আদিত্যনাথে মন্তব্য কৰে৷ বৰাকৰ চাহে বিশ্বদৰবাৰত সমৃদ্ধ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘যোৱা পাঁচ বছৰত বিজেপিৰ শাসনত বৰাক বহুখিনি আগুৱাই গৈছে৷ পাঁচ বছৰ পূর্বে অসমৰ বিকাশক লৈ কোনো আলোচনা হোৱা নাছিল৷ কংগ্রেছে বৰাক–ব্রহ্মপুত্র, উজনি–নামনি বুলি অসমক ভাগ ভাগ কৰিছিল৷ ব্যক্তিগত স্বার্থৰ কাৰণে মানুহৰ মাজত বিবাদ সৃষ্টি কৰিছিল কংগ্রেছ নেতৃত্বই৷ কিন্তু কেন্দ্র আৰু ৰাজ্যত শাসন কৰা বিজেপি চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ সুবিধা সর্বশ্রেণীৰ মানুহে লাভ কৰিছে৷ ইয়াত জাতপাতক লৈ কোনো বৈষম্য হোৱা নাই৷ প্রধানমন্ত্রী আৱাস যোজনা, ৰেচনৰ চাউল, গেছৰ সংযোগ, জনধন যোজনাৰ অধীনত বেংক একাউণ্ট আৰু আয়ুস্মান ভাৰতৰ সুবিধা পাইছে৷’ এনে কাৰণতে সর্বানন্দ সোণোৱালৰ নেতৃত্বত অসমত পুনৰ বিজেপিৰ চৰকাৰ হ’ব বুলি বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে মন্তব্য কৰে৷ লগতে বিজেপি চৰকাৰ গঠনৰ বাবে মিহিৰকান্তি সোম, দ্বীপায়ন চক্রৱর্তী আৰু অমলেন্দু দাসক ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায়৷ বিজেপি চৰকাৰ আহিলে অনুপ্রৱেশ ৰোধ, বান নিয়ন্ত্রণৰ লগতে অসমৰ চাহক নতুন ৰূপ দিয়াৰ প্রতিশ্রুতি দিয়ে আদিত্যনাথে৷

You might also like