নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রগতিশীল আঞ্চলিকতাবাদক ধ্বংসৰ চক্রান্তৰে জন্ম দিছে নতুন দল

-সাক্ষাৎগ্রহণঃ দিগন্ত মহন্ত

বিগত পাঁচ বছৰে বিজেপিৰ সৈতে দিছপুৰৰ ক্ষমতাত আছে অগপ দল৷ আগন্তুক বিধানসভা নির্বাচনত অগপ দলে ২৭খন আসনত দলীয় প্রার্থী যুঁজত নমাইছে৷ এইবাৰ কি ইছ্যু লৈ আপোনালোক ৰাইজৰ ওচৰলৈ গৈছে?
ঃ অসম গণ পৰিষদে নিজস্ব স্বকীয়তা অক্ষুণ্ণ ৰাখি বিজেপি দলৰ লগত মিত্রতাত আগবাঢ়িছেছা৷ আমি অসমৰ বিভিন্ন জাতি–জনগোষ্ঠী, ধর্মাৱলম্বী লোকক ভৱিষ্যতে অসমত সুৰক্ষিত কৰি ৰাখিবলৈ মূল লক্ষ্য হিচাপে লৈ আগবাঢ়িম৷ ৰাইজৰ উন্নয়ন, অসমীয়া ৰাইজৰ স্বাভিমান আৰু বিগত পাঁচ বছৰীয়া কার্যকালত ৰাইজৰ বাবে কৰা কামৰ খতিয়ান লৈ আমাৰ দলীয় কর্মকর্তাসকল ৰাইজৰ ওচৰ চাপিছে৷

এই নির্বাচনত অসমবাসীয়ে অগপ দলক কি পাঁচটা বিষয়ৰ বাবে সমর্থন কৰা উচিত বুলি আপুনি ভাবে?
ঃ প্রথম কথা, আমি অসমৰ জাতীয় স্বাভিমানক গুৰুত্ব দি আহিছেছা৷ জাতীয় স্বাভিমানৰ বিষয়টোক অসমৰ ৰাইজৰ ওচৰলৈ লৈ যাম৷ এই জাতীয় স্বাভিমান ৰক্ষাৰ কাৰণে আমাক অসমবাসী ৰাইজে সহযোগ কৰিব৷ দ্বিতীয়তে, অসমৰ যি উন্নয়নৰ ধাৰা বিজেপি মিত্রজোঁটে আগবঢ়ালে, সেই ধাৰা অক্ষুণ্ণ ৰাখিবৰ বাবে ৰাইজে আমাক সমর্থন দিব বুলি আশা কৰিছোঁ৷ তৃতীয়তে, আমি অসমৰ সকলো জাতি–জনগোষ্ঠী, ধর্মাৱলম্বী লোকৰ সম–বিকাশ, সম–উন্নয়ন আৰু সম–ধিকাৰৰ আধাৰত যিখন সমাজ গঢ়িবলৈ ওলাইছোঁ, সেইখন বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ সকলো লোকে সমর্থন জনাব বুলি আশা কৰিছোঁ৷ চতুর্থতে, আমি এখন আত্মনির্ভৰশীল অসম গঠন কৰিব বিচাৰিছোঁ, য’ত আমাৰ উঠি অহা প্রজন্মই স্বনির্ভৰশীলভাৱে জীৱন যাপন কৰিব পাৰে, তাৰ কাৰণে আমি চেষ্টা কৰিম৷ সেই বিষয়টোক লৈ আমাক নতুন প্রজন্মই সমর্থন কৰিব৷ ইয়াৰ বাহিৰেও ভৱিষ্যতে অসমৰ সুৰক্ষা, অসমৰ নিৰাপত্তা অকল অগপ–বিজেপি মিত্রজোঁটৰ চৰকাৰখনৰ হাততহে সম্ভৱ৷ সেই কাৰণেও অসমৰ ৰাইজে আমাক সমর্থন আগবঢ়াব৷

প্রার্থিত্বক কেন্দ্র কৰি অগপত তীব্র অসন্তুষ্টিয়ে গা কৰি উঠা প্রত্যক্ষ হৈছে৷ দলৰ প্রাক্তন সভাপতি বৃন্দাবন গোস্বামীয়ে মুকলিকৈ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে৷ বিশ্বনাথ সমষ্টিতো অগপ নেতৃত্বৰ বিৰুদ্ধে অসন্তুষ্টিয়ে গা কৰি উঠা প্রত্যক্ষ হৈছে৷ দলীয় কর্মীৰ এনে ক্ষোভ–সন্তুষ্টি নিৰাময় কৰি দলীয় অথবা মিত্রজোঁটৰ প্রার্থীৰ বিজয় সুনিশ্চিত কৰিবলৈ কি পদক্ষেপ গ্রহণ কৰিছে?
ঃ আমি এইবাৰ নির্বাচনৰ ছমাহ আগৰ পৰাই প্রতিটো সমষ্টিৰ ওপৰত সমীক্ষা চলাইছিলোঁ৷ দলীয় সমীক্ষাৰ ঊর্ধ্বত ৰাখি নিৰপেক্ষভাৱে কৰা এই সমীক্ষাত বিভিন্ন সমষ্টিত অগপ দলৰ নেতা–কর্মী, দলৰ স্থিতিৰ বিষয়ে স্পষ্ট মতামত আমি পাইছিলোঁ৷ তাৰ আধাৰত আমি কেইবাটাও সমষ্টি সালসলনি কৰিবলগীয়া হৈছে৷ কেইবাটাও সমষ্টিত আমি প্রার্থী সলনি কৰিছেছা৷ ইয়াৰ মূল লক্ষ্যটোৱেই হ’ল যাতে আমাৰ জয়ী হোৱাৰ সম্ভাৱনা বেছি থাকে৷ সেই সন্দর্ভত আমি সমষ্টি সলনি কৰিছোঁ আৰু প্রার্থীও সলনি কৰিছোঁ৷ বৃন্দাবন গোস্বামী ডাঙৰীয়া দলৰ প্রাক্তন সভাপতি, জ্যেষ্ঠ নেতা৷ তেওঁৰ দলৰ প্রতি দায়িত্ব আছে৷ দলে তেওঁক সন্মানসহকাৰে দলত স্থান আগবঢ়াব৷ আজিৰ তাৰিখত আমাৰ দলৰ ভিতৰত, মিত্রজোঁটৰ হওক বা প্রার্থিত্বকেন্দ্রিকেই হওক, সমষ্টিক লৈ বিশেষ কোনোধৰণৰ অসন্তুষ্টি আমাৰ কর্মকর্তাসকলৰ মাজত নাই৷ ইয়াৰ লগে লগে যিসমূহ সমষ্টিত আমাৰ মিত্রজোঁটৰ প্রার্থী আছে, সেই সমষ্টিসমূহত আমাৰ দলীয় কর্মকর্তাসকলো সম্পূর্ণৰূপে কাম–কাজত লাগি পৰিছে৷ দুই দলৰ ইতিমধ্যে যুটীয়া নির্বাচনী পৰিচালনা সমিতি গঠন হৈছে আৰু মিত্রজোঁটৰ প্রার্থীকো অগপই জয়ী কৰিবলৈ আমি এইদৰে পদক্ষেপ গ্রহণ কৰিছেছা৷

ৰাজ্যৰ আঞ্চলিকতাবাদীক নেতৃত্ব দিয়া অগপই এতিয়া বিজেপিৰ সংগ ল’ব লগা হৈছে৷ ১৯৯৮ চনৰ পৰাই বিজেপিৰ সৈতে কেইবাটাও নির্বাচনত মিত্রতা স্থাপন কৰা অগপই আগলৈ কেতিয়াবা অকলে নির্বাচনত অৱতীর্ণ হোৱাৰ জোখাৰে শক্তি আহৰণ কৰিব পাৰিবনে?
ঃ ভাৰতীয় ৰাজনীতিত মিত্রতা নতুন ৰাজনৈতিক অধ্যায় নহয়৷ মিত্রতাৰ ৰাজনীতি অসমৰ লগতে ভাৰতৰ প্রত্যেকখন ৰাজ্যতে চলি আহিছে৷ কংগ্রেছৰ অপশাসন, দুর্নীতি, ভ্রষ্টাচাৰক উফৰাবলৈ আমি বিজেপি দলৰ লগত মিত্রতা কৰিছোঁ, লগতে আমাৰ নিজৰ দলৰ শক্তি বৃদ্ধিৰ কাৰণেও আমাৰ দলীয় কর্মকর্তাসকলেও প্রচেষ্টা অব্যাহত ৰাখিছে৷ আমাৰ দলৰ নিজৰ ভেটি আছে৷ অসমৰ ৬৮টা সমষ্টিত আমি বিভিন্ন সময়ত জয়ী হৈছেছা৷ দুবাৰকৈ চৰকাৰ গঠন কৰিছোঁ৷ বিৰোধী দলত মুখ্য ভূমিকা পালন কৰিছোঁ৷ ভৱিষ্যতেও অধিক শক্তি আহৰণৰ বাবে আমাৰ দলটোৰ নিশ্চিত পৰিকল্পনা আছে৷

অগপই আঞ্চলিকতাবাদ ধৰি ৰাখিব পৰা নাই বুলি ৰাজ্যত নতুনকৈ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল গঠন হৈছে৷ নির্বাচনত নতুন আঞ্চলিক দল দুটাই অগপৰ প্রার্থীসকলৰ ক্ষতি নকৰিবনে?
ঃ আচলতে অসমত নতুনকৈ আঞ্চলিক দলসমূহ গঠন হোৱাৰ আঁৰত বহু ন্যস্ত স্বার্থ অন্তর্নিহিত হৈ আছে৷ প্রকৃত প্রগতিশীল আঞ্চলিকতাবাদক ধ্বংস কৰাৰ চক্রান্তৰে আজি এই আঞ্চলিকতাবাদী শক্তিসমূহৰ জন্ম হৈছে৷ আঞ্চলিকতাবাদী শক্তিৰ নামত তেওঁলোকে ভিতৰুৱাকৈ অন্য ৰাজনৈতিক দলৰ লগত গোপন বুজাপৰা ৰাখিছে৷ অসমৰ ৰাইজে মাত্র পোন্ধৰ দিন আন্দোলন কৰাৰ পিছত ৰাজনৈতিক দলৰ জন্ম হ’ব বুলি আশা কৰা নাছিল৷ ৰাইজে সংগ্রাম কৰিছিল আৰু আশা কৰিছিল যে অসমৰ জাতীয় সমস্যাসমূহ সমাধান হ’ব৷ তাৰ বিপৰীতে অৰাজনৈতিক সংগঠনসমূহে এইদৰে ৰাজনৈতিক দল গঠন কৰি প্রত্যক্ষভাৱে তেওঁলোকৰ লগত সমর্থন কৰাটোৱে অসমৰ জাতীয় সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্রত নিশ্চিতভাৱে আউল লগাব৷ আমাৰ এইটো কথা স্পষ্ট– নতুন ৰাজনৈতিক দলে অগপৰ প্রার্থীসকলৰ ক্ষতি কৰিব নোৱাৰে৷ বৰঞ্চ নতুন দলে অগপৰ প্রার্থীসকল বিজয়ী হোৱাত এক উল্লেখযোগ্য ভূমিকাহে পালন কৰিব৷

এইবাৰ নির্বাচনত অগপই কিমানখন আসন দখল কৰিব? বিজেপিৰ সৈতে বন্ধুত্বপূর্ণ নির্বাচন অগপৰ বাবে লাভজনক হ’বনে? ইয়াৰ দ্বাৰা বিজেপিহে উপকৃত হ’ব নেকি?
ঃ অগপই এইবাৰ নির্বাচনত ২০খনতকৈও অধিক আসনত জয়ী হোৱাৰ সম্ভাৱনা দেখিছেছা৷ ভোটাৰ ৰাইজৰ ওচৰলৈ আমি গৈছোঁ৷ ৰাইজে আমাক যথেষ্ট সমাদৰ দিছে৷ মিত্রজোঁটৰে বন্ধুত্বপূর্ণ নির্বাচনে আমাৰ দলৰ ভেটি সুদৃঢ় কৰিব আৰু বন্ধুত্বপূর্ণ নির্বাচনতো আমাৰ প্রার্থী জয়ী হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷

নির্বাচনৰ শেষত ৰাজ্যখনৰ আঞ্চলিক শক্তিসমূহক ঐক্যবদ্ধ কৰাৰ বাবে অগপৰ নেতৃত্বৰ বিশেষ পৰিকল্পনা আছে নেকি?
ঃ নির্বাচনৰ পৰৱর্তী পর্যায়ত হ’বলগীয়া ৰাজনৈতিক পৰিস্থিতি, বিশেষকৈ আঞ্চলিক ৰাজনৈতিক শক্তিক একত্রিত সন্দর্ভত এতিয়া আমি বিশেষ একো ক’ব নোৱাৰোঁ৷ অসমত শক্তিশালী আঞ্চলিক আৰু জাতীয় শক্তিৰ বিকাশৰ জৰিয়তে অসমৰ সকলো জ্বলন্ত সমস্যা সমাধানৰ ক্ষেত্রত আমাৰ নিশ্চিতভাৱে পৰিকল্পনা আছে৷

কলিয়াবৰ সমষ্টিৰ পৰা আপুনি একেৰাহে তৃতীয় কার্যকালৰ বাবে নির্বাচিত হৈছে৷ এইবাৰ নির্বাচনত বিজয়ৰ ধাৰা অব্যাহত থাকিব বুলি আপুনি কিমান আশাবাদী?
ঃ কলিয়াবৰ সমষ্টিৰ ৰাইজে বিগত তিনিটা কার্যকালত মোক যেনেধৰণে আশীর্বাদ–মৰম দি বিজয়ী কৰাইছিল, তাতোকৈ এইবাৰ ঠায়ে ঠায়ে যাওঁতে ৰাইজে অধিক আশীর্বাদ আৰু মৰম কৰিছে৷ চতুর্থবাৰৰ বাবে ৰাইজে আমাক ৰাইজৰ সমস্যা সমাধান কৰিবৰ কাৰণে এগৰাকী বিধায়ক হিচাপে নিশ্চিতভাৱে নির্বাচিত কৰাৰ ইতিমধ্যে দৃঢ় সংকল্পবদ্ধ হৈছে৷

You might also like