নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিজক পৰিৱর্তন নকৰাকৈ কেতিয়াও ব্যক্তিত্বৰ পৰিৱর্তন আনিব নোৱাৰে’

🔹 নগাঁও ৰটাৰী ক্লাবৰ ৰাষ্ট্র নির্মাণ বঁটা প্রদান অনুষ্ঠানত দিগন্ত বিশ্ব শর্মা

বিশেষ বার্তা, ৯ ছেপ্টেম্বৰ : ‘আমাৰ শিক্ষা ব্যৱস্থাই কাৰো বুদ্ধি বিকশিত কৰিব নোৱাৰে৷ ছাত্র–ছাত্রীৰ মাজত বুদ্ধি বিকশিত কৰাৰ দায়িত্ব শিক্ষক সমাজৰ৷ বুদ্ধি বিকশিত, প্রতিভা বিকশিত কৰাৰ ক্ষেত্রত শিক্ষাই সহায় কৰিব লাগিব৷’ –এই মন্তব্য স্বামী বিবেকানন্দ, ঋষি অৰবিন্দৰ অনুৰাগী দিগন্ত বিশ্ব শর্মাৰ ৷ কালি ৰটাৰী ক্লাব অৱ নগাঁৱৰ উদ্যোগত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত ‘ৰাষ্ট্র নির্মাণ’ বঁটা প্রদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি তেওঁ স্বামী বিবেকানন্দ, ঋষি অৰবিন্দৰ বাণীসমূহৰ উদ্ধৃতি দি এক মননশীল বক্তব্য প্রদান কৰে৷ তেওঁ কয়, অপূর্ণ মানুহৰ দ্বাৰা এখন পূর্ণ পৃথিৱী সৃষ্টি কৰাটো সম্ভৱ নহয়৷ পৃৃথিৱীক পৰিৱর্তন কৰা সহজ উপায় হ’ল নিজক পৰিৱর্তন কৰা৷ নিজক পৰিৱর্তন নকৰাকৈ কেতিয়াও ব্যক্তিত্বৰ পৰিৱর্তন আৰু পূর্ণতা আনিব নোৱাৰে৷ পূর্ণতা আনিব নোৱাৰিলে জীৱনৰ লক্ষ্য পথভ্রষ্ট হয় বুলিও তেওঁ মন্তব্য কৰে৷ প্রচলিত শিক্ষা ব্যৱস্থাৰ প্রতি উদ্বিগ্ণ দিগন্ত বিশ্ব শর্মাই কয়, জীৱনৰ লক্ষ্যত উপনীত হ’বলৈ নিজৰ ভিতৰত পূর্ণতা আনিব লাগিব৷ আদর্শ শিক্ষক সম্পর্কে বত্তৃণতা প্রদান কৰি সাহিত্যিকগৰাকীয়ে শিক্ষক সমাজলৈ কেতবোৰ চিত্তাকর্ষক প্রশ্ণৰ অৱতাৰণা কৰে৷ তেওঁ কয়– আমাৰ শিক্ষা বিষয়কেন্দ্রিক, বিদ্যার্থীকেন্দ্রিক নহয়৷ আমাৰ শিক্ষা চাকৰিকেন্দ্রিক শিক্ষা ব্যৱস্থালৈ পর্যবসিত হৈছে৷ বিশ্ববিদ্যালয়ৰ পৰা প্রদান কৰা এখন কাগজে কোনো লোকক মাত্র চাকৰিকেন্দ্রিক কৰি এটা নির্দিষ্ট বিষয়বস্তুত সীমাবদ্ধ কৰি ৰাখে৷ তেওঁ ছাত্র–ছাত্রীসকলক চাকৰি কৰি চাকৰ কৰা মনোবৃত্তিৰ বিপৰীতে নিজৰ অন্তৰত সুপ্ত হৈ থকা প্রতিভা বিকাশৰ জৰিয়তে একো একোজন সংস্থাপন সৃষ্টি কৰা মানৱ সম্পদলৈ ৰূপান্তৰ হোৱাৰ বাবে আহ্বান জনায়৷ শিক্ষক সমাজক উদ্দেশ্যি তেওঁ কয় যে আমি কেৱল বিভিন্ন বিষয়ৰ তথ্য শিক্ষর্থীক যোগান ধৰিছোঁ ৷ বিষয়বস্তুৰ ওপৰত জ্ঞান থাকিলেই মানুহ হ’ব নোৱাৰে৷ তেওঁ আৰু কয় যে ‘বিষয়ভিত্তিক শিক্ষা এক প্রচণ্ড ভুৱা৷’ বিভিন্ন বিষয়ত অধ্যয়ন কৰি প্রশাসনীয় বিষয়া হোৱাৰ কথাও উল্লেখ কৰি তেওঁ কয়- ‘প্রশাসনীয় বিষয়া হোৱাৰ বাবে সাধুতাৰ প্রয়োজন, আন্তৰিকতাৰ প্রয়োজন৷ সম্ভাৱনাপূূর্ণ গুণ আহৰণ কৰিবলৈ আধুনিক শিক্ষা ব্যৱস্থাই আমাক শিকোৱা নাই৷ আমাৰ শিক্ষা ব্যৱস্থাই ছাত্র–ছাত্রী পৰনির্ভৰশীল হৈ থকাটো বিচাৰে৷’ ছাত্র–ছাত্রীৰ অন্তৰত থকা সুপ্ত প্রতিভা বিকাশৰ কথা নিজে যেতিয়া জানিব, তেতিয়াই চাকৰ হ’বলৈ অস্বীকাৰ কৰিব৷ তেওঁ কয়– আমাৰ শিক্ষাৰ তিনিটা পর্যায় আছে৷ সেইকেইটা হ’ল– শ্রৱণ, মনন, একাগ্রতা৷ আধুনিক শিক্ষা ব্যৱস্থাত শ্রৱণৰ বাহিৰে আন দুটা পর্যায়ৰ সম্পর্ক নাই৷ বিকশিত শিক্ষা বিজ্ঞান ভাৰতবর্ষৰ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে আধুনিক শিক্ষা বিজ্ঞানৰ লগত ইয়াৰ সম্পর্ক নাই৷ ভাৰতীয় শিক্ষা বিজ্ঞানত বুনিয়াদী কথা আছে বুলি তেওঁ তাৎপর্যপূর্ণ মন্তব্য কৰে৷ প্রসংগক্রমে তেওঁ শ্রীকৃষ্ণক প্রকৃত গুৰু আৰু একমাত্র শিক্ষক বুলি উল্লেখ কৰে৷ তেওঁ কয়– আমাৰ শিক্ষা হৈছে বিষয়বস্তুৰ তথ্য যোগান ধৰা৷ তিনিটা কথাৰে ভাৰতীয় জ্ঞান প্রণালী গঢ় লৈ উঠিছে৷ সেইকেইটা হ’ল জীৱনৰ পৰিপূর্ণতা, সফল–সার্থক জীৱন আৰু পৰাবিদ্যা–অপৰাবিদ্যা৷ তেওঁ সকলোকে জ্ঞানৰ চর্চা অব্যাহত ৰাখিবলৈ আহ্বান জনায় কয়, ‘জ্ঞানৰ সাধনা স্তব্ধ হ’বলৈ দিব নোৱাৰি৷ এটা যুগৰ পৰা আন এটা যুগলৈ কঢ়িয়াই নিব লাগিব৷’ ভাষণত তেওঁ এটা শ্রেণীকোঠাত একাংশ শিক্ষার্থীয়ে ৯০, একাংশই ৫০–৬০, একাংশই ৩০ নম্বৰ পায় বুলি মন্তব্য কৰি প্রশ্ণ কৰে যে ৩০ নম্বৰ পোৱাজনক অৱহেলা কৰা হৈছে নেকি, ৯০ নম্বৰ পোৱাজনৰ প্রতি স্বজন–প্রীতি দেখুওৱা হৈছে নেকি? আমাৰ দেশত সংঘটিত দুর্নীতি-কেলেংকাৰিৰ বিৰুদ্ধে তদন্ত আয়োগ গঠন কৰা হৈছে৷ কিন্তু পৰীক্ষাত হাজাৰ হাজাৰ শিক্ষার্থী অকৃতকার্য হোৱা সন্দর্ভত আজিলৈকে তদন্ত আয়োগ গঠন কৰা নাই৷’ এই সভাতেই ৰটাৰী ক্লাবে চৰকাৰী বিদ্যালয়ৰ ২০গৰাকী শিক্ষক–শিক্ষয়িত্রীক উৎকৃষ্ট সেৱা আগবঢ়োৱাৰ বাবে ৰাষ্ট্র নির্মাণ বঁটা প্রদান কৰা হয়৷ ৰটাৰী ক্লাবৰ গৱর্নৰ বীৰেন্দ্র কুমাৰ জৈনৰ সঞ্চালনাত অনুষ্ঠিত সভাত নগাঁও উন্নয়ন প্রাধিকৰণৰ সভাপতি ধ্রুৱ শর্মা, নগাঁও ৰটাৰী ক্লাবৰ সহকাৰী গৱর্নৰ অৰুণ আগৰৱালা, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ অধ্যক্ষ বসন্ত গোস্বামী, ধিং মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত উপাধ্যক্ষ মঞ্জু নেওগ আদিয়ে ভাষণ দিয়ে৷ সভাৰ আঁত ধৰে নগাঁও ৰটাৰী ক্লাবৰ হৈ অমৃত ম’ৰে৷

প্ৰেৰক কনক হাজৰিকা

You might also like