🔹 কাছাৰৰ কালাইনত প্রেমিকক প্রতাৰণা প্রেমিকাৰ
নিয়মীয়া বার্তা, শিলচৰ, ১৮ মার্চ : কালাইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত শিক্ষক বাবুল কোঁৱৰৰ পুত্র বিনীত কোঁৱৰে প্রেমত প্রতাৰিত হৈ আত্মহত্যা কৰা ঘটনাই তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণী মতে, কালাইন বাগান ৰোডৰ ২৮ বছৰীয়া বিনীত কোঁৱৰৰ ছাত্র দিনৰ পৰাই চুবুৰীয়া কুৰকুৰি বাগানৰ সুমন মাহাতোৰ সৈতে প্রেমৰ সম্পর্ক আছিল৷ বিনীতে সুমনক অন্তৰেৰে ভাল পালেও সুমনে বিনীতক সম্পূর্ণ প্রতাৰণা কৰি আছিল৷ কালিবাৰী গাঁও পঞ্চায়তৰ সভাপতি কৃষ্ণ সিং ছেত্রীয়ে অভিযোগ কৰে যে সুমন মাহাতোৱে বিনীত কোঁৱৰৰ এল আই চিৰ ধনৰ পৰা জমা হোৱা সকলো ধন প্রেমৰ জালেৰে কাঢ়ি লৈ যায়৷ আনকি সুমনৰ প্রয়োজন পূৰণৰ বাবে বিনীতে নিজৰ মৰমৰ বাইকখনো বিক্রী কৰিছিল৷ বিনীতক প্রতাৰণা কৰাৰ পাছত সুমন মাহাতো পুনৰ নিজৰ আদিৰূপলৈ ঘূৰি আহে৷ সুদীপ কুর্মী নামৰ আন এজন যুৱকৰ সৈতে প্রেমৰ সম্পর্ক কৰি বিনীতৰ সৈতে প্রেমৰ সম্পর্ক বিচ্ছিন্ন কৰে৷ ফলত প্রেমত প্রতাৰিত হৈ মানসিকভাৱে ভাগি পৰে বিনীত কোঁৱৰ৷ শনিবাৰে নিশা নির্মীয়মাণ এটা গৃহত চিপ লৈ আত্মহননৰ পথ বাছি লয় বিনীত কোঁৱৰে৷ তদুপৰি সুমন মাহাতো আৰু সুদীপ কুর্মীক জগৰীয়া কৰি ছয় পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পথ বাছি লয় বিনীতে৷ ছুইচাইড নোটত বিনীতে তেওঁৰ সৈতে হোৱা সমগ্র ঘটনাৰ বিশদ বিৱৰণ দিছে৷ ছুইচাইড নোটত উল্লেখ কৰা হয় যে ছোৱালীজনীয়ে শিলচৰ সদৰ থানাৰ আৰক্ষীৰ হতুৱাই বিনীতৰ ম’বাইলৰ পৰা তেওঁলোকৰ প্রেমৰ বিভিন্ন প্রমাণৰ ফটোসহ তথ্য ডিলিট কৰিবলৈ দিয়াৰ লগতে বিভিন্ন ধৰণে ব্লেকমেইল কৰা বুলিও উল্লেখ আছে৷ সকলো ডিলিট কৰাৰ পাছতো কিছুমান ছবি বিনীতৰ ওচৰত ৰৈ গ’ল৷ আত্মহননৰ পূর্বে প্রায় তিনি বজাত প্রেমিকা সুমন মাহাতোৰ সৈতে অন্তৰংগ ছবিসমূহ ফেচবুকত পোষ্ট কৰে বিনীতে৷ দেওবাৰে পুৱা ফেচবুক পোষ্টটো দেখি বিনীতৰ বন্ধুসকলে সন্দেহ প্রকাশ কৰে৷ লগে লগে বিনীতৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰা হয়৷ তেতিয়া বিনীতৰ পৰিয়ালৰ লোকে ঘৰত সোমাই বিনীতক ওলমি থকা প্রত্যক্ষ কৰে৷ ইপিনে, তথ্য লাভ কৰাৰ পাছতে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় কালাইন আৰক্ষী৷ প্রাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্রেৰণ কৰে৷ বিনীত অঞ্চলটোৰ সকলোৰে অতি প্রিয়পাত্র আছিল৷ বিনীতিৰ মৃত্যুত সমগ্র অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ কালি বিয়লি মৃত বিনীত কোঁৱৰৰ দুর্ভগীয়া মাতৃ বিমলা কোঁৱৰে কালাইন থানাত সুমন মাহাতো, সুদীপ কুর্মী, বিপুল কুর্মী আৰু প্রভা কুর্মীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ছুইচাইড নোটসহ এটা গোচৰ ৰুজু কৰে৷