নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেমিকাক উদ্দেশ্যি ছুইচাইড নোট লিখি আত্মহত্যা কাছাৰৰ যুৱকৰ

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চ : কালাইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক বাবুল কুওৰৰ পুত্ৰ বিনীত কুওৰে প্ৰেমত প্ৰতাৰিত হৈ চিপ লৈ আত্মহত্যা কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, কালাইন বাগান ৰোডৰ ২৮ বছৰীয়া সুশিক্ষিত যুৱক বিনীত কুওৰ ছাত্ৰ দিনৰ পৰাই চুবুৰীয়া কুৰকুৰি বাগানৰ এগৰাকী যুৱতীৰে গভীৰ প্ৰেমৰ সম্পৰ্ক আছিল। বিনীতে যুৱতগৰাকীক অন্তৰেৰে ভাল পালেও যুৱতগৰাকীয়ে বিনীতক সম্পূৰ্ণ প্ৰতাৰণা কৰি আছিল। কালিবাৰী গাঁও পঞ্চায়তৰ সভাপতি কৃষ্ণ সিং ছেত্ৰীয়ে অভিযোগ কৰে যে যুৱতগৰাকীয়ে বিনীত কুওৰৰ এল আই চিৰ ধনৰ পৰা জমা হোৱা সকলো ধন প্ৰেমৰ জালেৰে কাঢ়ি লৈ ​​যায়। আনকি যুৱতগৰাকীৰ প্ৰয়োজন পূৰণৰ বাবে বিনীতে নিজৰ মৰমৰ বাইকখনো বিক্ৰী কৰিছিল। বিনীতক প্ৰতাৰণা কৰাৰ পিছত সেই যুৱতগৰাকী পুনৰ নিজৰ আদি ৰূপলৈ ঘূৰি আহে। সুদীপ কুৰ্মী নামৰ আন এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক কৰি বিনীতৰ সৈতে প্ৰেমৰ সম্পৰ্ক বিচ্ছিন্ন কৰি দিয়ে। ইয়াৰ ফলত প্ৰেমত প্ৰতাৰিত হৈ মানসিকভাৱে ভাগি পৰিছিল বিনীত কুওৰ। শনিবাৰে নিশা নিৰ্মীয়মাণ এটা গৃহত ফাঁচি দি আত্মহত্যা কৰে বিনীত কুওৰে। অৱশেষত প্ৰেমিকা আৰু নতুন প্ৰেমিক সুদীপ কুৰ্মীক জগৰীয়া কৰি ছয় পৃষ্ঠাৰ ছুইচাইড নোট লিখি আত্মহত্যা কৰে বিনীতে। ছুইচাইড নোটত বিনীতে প্ৰেমিকাৰ সৈতে হোৱা সমগ্ৰ ঘটনাৰ বিশদ বিৱৰণ দিছে। ছুইচাইড নোটত উল্লেখ কৰা হয় যে ছোৱালীজনীয়ে শিলচৰ সদৰ থানাৰ আৰক্ষীক হতুৱাই বিনীতৰ মোবাইলৰ পৰা তেওঁলোকৰ প্ৰেমৰ বিভিন্ন প্ৰমাণৰ ফটোসহ তথ্য ডিলিট কৰিবলৈ দিয়াৰ লগতে বিভিন্ন ধৰণে ব্লেকমেইল কৰা বুলিও উল্লেখ আছে। সকলো ডিলিট কৰাৰ পিছতো কিছুমান ছবি বিনীতৰ ওচৰত ৰৈ গ’ল। আত্মহত্যাৰ পূৰ্বে প্ৰায় তিনি বজাত প্ৰেমিকাৰ সৈতে অন্তৰংগ ছবিসমূহ ফেচবুকত পোষ্ট কৰে বিনীতে। দেওবাৰে পুৱা ফেচবুক পোষ্টটো দেখি বিনীতৰ বন্ধুসকলে সন্দেহ প্ৰকাশ কৰে। লগে লগে বিনীতৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰা হয়। তেতিয়া বিনীতৰ পৰিয়ালৰ লোকে ঘৰত সোমাই বিনীতক ওলমি থকা দেখিবলৈ পায়। ইপিনে তথ্য লাভ কৰাৰ পিছতে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় কালাইন আৰক্ষী। প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বিনীত অঞ্চলটোৰ সকলোৰে অতি প্ৰিয়পাত্ৰ আছিল। বিনীতৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। আজি বিয়লি মৃত বিনীত কুওৰৰ দুৰ্ভগীয়া মাতৃ বিমলা কুওৰে কালাইন থানাত তেওঁৰ প্ৰেমিকা, সুদীপ কুৰ্মী, বিপুল কুৰ্মী আৰু প্ৰভা কুৰ্মীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ছুইচাইড নোটসহ এটা গোচৰ ৰুজু কৰে।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like