নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামাখ্যা ৰে’লগেটত ৰে’লৰ পৰা পৰি যুৱকৰ মৃত্যু

বিশেষ বাৰ্তা, ২৬ আগষ্ট : গুৱাহাটী মহানগৰীৰ কামাখ্যা ৰে’লগেটত শুকুৰবাৰে নিশা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ নিশাৰ ভাগত স্থানীয় ৰাইজে কামাখ্যা ৰে’লগেটৰ ৰে’ল লাইনৰ সমীপত পৰি থকা অৱস্থাত মৃতদেহটো প্রত্যক্ষ কৰি কামাখ্যা ৰে’ল আৰক্ষীক খবৰ দিয়ে৷ ঘটনাস্থলীত ৰে’ল আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্রেৰণ কৰে৷ স্থানীয় ৰাইজে যুৱকজনক হত্যা কৰি কোনো দুর্বৃত্তই উক্ত স্থানত পেলাই থৈ যোৱা বুলি সন্দেহ প্রকাশ কৰিছে৷ ইফালে, কামাখ্যা ৰে’ল আৰক্ষীয়ে যুৱকজনৰ ৰে’লৰ পৰা পৰি মৃত্যু হোৱা বুলিহে জানিবলৈ দিছে৷ ৪০ বছৰীয়া মৃত যুৱকজনৰ পৰিচয় এতিয়াও উদ্ধাৰ কৰিব পৰা নাই কামাখ্যা ৰে’ল আৰক্ষীয়ে৷

You might also like