নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছোৱালী জোকোৱাক লৈ নগাঁৱত যুৱকক হত্যা

বিশেষ বাৰ্তা, ১১ জুন : নগাঁও জিলাৰ কন্দলী চাহ বাগিচাৰ এডাল গছত ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হৈছে ৷ মৃত যুৱকজন কমল দেউৰী বুলি জানিব পৰা গৈছে। গছৰ মিহি ডাল এটাত মাটিত লাগি ওলমি থকা অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়। স্থানীয় লোকে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে। ছোৱালী জোকোৱাক লৈ দুজন লোকে যুৱকজনক হত্যা কৰা বুলি অভিযোগ কৰিছে একাংশই ৷ জানিব পৰা মতে, বুধবাৰে ছোৱালী জোকোৱাক লৈ কমল দেউৰীক বেয়াকৈ মাৰপিট কৰিছিল চাহ বাগানৰে দুজন লোকে ৷ বাগানৰ চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰাৰ পাছত কমল দেউৰীক ঘৰলৈ পঠিয়ায় যদিও পৰৱৰ্তী সময়ত আজি পুৱা দেউৰীৰ মৃতদেহ বাগানৰ মাজত উদ্ধাৰ হয় ৷ যুৱকজনৰ পৰিয়ালৰ অভিযোগ- হত্যা কৰি পেলাই থৈছে কমল দেউৰীক৷ পূৰ্বতেও হত্যাকাণ্ডৰ ঘটনাত দুই অভিযুক্ত জড়িত থকা বুলি একাংশই জানিবলৈ দিয়ে। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে ৷

প্ৰেৰক কনক হাজৰিকা

You might also like