নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত এপাৰ্টমেণ্টৰ বন্ধ কোঠাৰ পৰা উদ্ধাৰ যুৱক

🔹 বৰপেটাৰ যুৱতীয়ে প্ৰেমৰ জালত পেলাই আবদ্ধ কৰি ৰখাৰ অভিযোগ

বিশেষ বাৰ্তা, ২ অক্টোবৰ : মহানগৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এপাৰ্টমেণ্টৰ বন্ধ কোঠাৰ পৰা উদ্ধাৰ কৰা হয় ঝাৰখণ্ডৰ যুৱক এজনক। জয়ানগৰৰ পাৰ্লে ৰেছিডেঞ্চীৰ পৰা উদ্ধাৰ কৰা হয় আবদ্ধ যুৱকজনক। ৰাজকিৰণ নামৰ ঝাৰখণ্ডৰ যুৱকজনক বৰপেটাৰ সৰ্থেবাৰীৰ এগৰাকী যুৱতীয়ে প্ৰেমৰ জালত পেলাই এপাৰ্টমেণ্টটোত আবদ্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে। ফেব্ৰুৱাৰীৰ পৰা দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠা বুলি জানিব পৰা গৈছে। গুৱাহাটীলৈ যুৱকজন অহাৰ পিছতে এপাৰ্টমেণ্টটোৰ এটা ফ্লেটত আবদ্ধ কৰি ৰখা বুলি অভিযোগ উঠিছে। যুৱতীগৰাকীৰ সৈতে আন কেইবাজনো যুৱক এই কাৰ্যত জড়িত থকা বুলি জানিব পৰা গৈছে। যুৱকজনক আবদ্ধ কৰি ২ লাখ টকা সৰকোৱাৰ পিছত মুক্তিপণ হিচাপে ২ কোটি টকা দাবী কৰিছিল । আবদ্ধ যুৱকজনে কেইবাখনো কাগজত সহায় বিচাৰি এপাৰ্টমেণ্টটোৰ বাহিৰলৈ দলিয়াই দিছিল। এপাৰ্টমেণ্টটোৰ লোকে পৰি থকা কাগজ পাই ঘটনা সন্দৰ্ভত জানিব পাৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ কৰে। আনহাতে, যুৱতীগৰাকীয়ে কৰা অভিযোগ অনুসৰি, যুৱকজনে বহু টকা লৈছিল আৰু সেই টকা ঘূৰাই দিয়া নাছিল। তদুপৰি প্ৰেমিকাই অপহৰণ কৰি ধনদাবী কৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ।

You might also like