নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত বন্ধ আফগান দূতাৱাস

নতুন দিল্লীস্থিত আফগানিস্তানৰ দূতাৱাস বন্ধ হৈ পৰে৷ তালিবান পুনৰ ক্ষমতালৈ অহাৰ পিছতে আফগানিস্তানৰ সৈতে বিভিন্ন দেশৰ সম্পর্কৰ অৱনতি ঘটে৷ ভাৰতসহ বিভিন্ন দেশে তালিবান চৰকাৰক স্বীকৃতি দিয়া নাই৷ তথাপি আফগানিস্তানত মানৱীয় সাহায্য, বাণিজ্যিক কাম–কাজ আদি চলাই আছিল ভাৰতে৷ কিন্তু তালিবান ক্ষমতালৈ অহাৰ পিছত কোনোধৰণৰ কূটনৈতিক সম্পর্ক ৰক্ষা কৰা নাই নতুন দিল্লীয়ে৷ ভাৰতত থকা দূতাৱাসৰ কূটনীতিকসকলক পূর্বেই দেশ এৰি যাবলৈ নির্দেশ দিয়া হৈছিল৷ শেহতীয়াকৈ দূতাৱাসৰ তৰফৰ পৰা সদৰী কৰা হৈছে যে ভাৰতত এই কার্যালয়ে কোনোধৰণৰ কূটনৈতিক কাম–কাজ নচলায়৷ উল্লেখনীয় যে ইয়াৰ পূর্বে তালিবান চৰকাৰেও নতুন দিল্লীস্থিত দূতাৱাস কার্যালয় বন্ধ কৰাৰ সিদ্ধান্ত লয়৷ এক বিবৃতিত তালিবানে সদৰী কৰে যে ইছলামিক ৰিপাব্লিক অৱ আফগানিস্তানৰ সৈতে ভাৰতৰ কূটনৈতিক অসহযোগিতাৰ বাবেই দূতাৱাস বন্ধ কৰিবলগীয়া হৈছে৷ লক্ষণীয়ভাৱে তালিবানৰ এনে কার্যৰ ফলত ভাৰত–আফগানিস্তানৰ দ্বিপাক্ষিক সম্পর্কৰ চৰম অৱনতি ঘটিব বুলি ধাৰণা কৰিছে বিশেষজ্ঞ মহলে৷ অৱশ্যে ভাৰতৰ অসহযোগিতাৰ কথাটোৱেই মুখ্য বুলি মানি ল’ব নোৱাৰি৷ নতুন দিল্লীস্থিত আফগান দূতাৱাসত কূটনৈতিক কর্মীৰ অভাৱ দীর্ঘদিনৰে পৰা স্পষ্ট হৈ পৰিছিল৷ ৰাষ্ট্রদূত তথা অন্যান্য শীর্ষস্থানীয় কূটনীতিক বিষয়াসকলে পূর্বেই গৈ আমেৰিকা আৰু ইউৰোপৰ বিভিন্ন দেশত ৰাজনৈতিক আশ্রয় লৈছে৷ শেহতীয়াকৈ তালিবান চৰকাৰৰ বিবৃতিৰ পিছত পাঁচজন কূটনীতিকে ভাৰত ত্যাগ কৰিছে৷ তালিবান ক্ষমতালৈ অহাৰ পিছৰে পৰা পূর্বৰ মিত্র দেশসমূহৰ সৈতে আফগানিস্তানৰ সম্পর্কৰ অৱনতি ঘটিছে৷ বিশ্বৰ মাত্র ১২খন দেশৰ বাহিৰে কোনো দেশে আফগানিস্তানৰ তালিবান চৰকাৰক স্বীকৃতি দিয়া নাই৷ ভাৰতে বিভিন্ন নির্মাণ প্রকল্পৰ কাম–কাজ চলাই আছে যদিও তালিবান চৰকাৰৰ সৈতে সম্পর্ক ৰক্ষা কৰা নাই৷ ইয়াৰ মাজতো ভাৰতে আর্থিকভাৱে বিধ্বস্ত দেশখনলৈ মানৱীয় সাহায্য প্রেৰণ কৰি আহিছে৷ আনকি তালিবান চৰকাৰে ভাৰতৰ এনে বদান্যতাৰ বাবে শলাগো লৈছে৷ তথাপি তালিবান চৰকাৰক স্বীকৃতি দিয়া নাই ভাৰতে৷
দুবছৰ পূর্বে আফগানিস্তানৰ ক্ষমতা পুনৰ তালিবানে দখল কৰাৰ পিছত ভাৰতসহ বিভিন্ন দেশৰ উদ্বেগ বৃদ্ধি পাইছে৷ ৯/১১ৰ আমেৰিকাত সন্ত্রাসবাদী আক্রমণৰ পৰৱর্তী অধ্যায়ত আফগানিস্তানৰ সৈতে ভাৰতৰ কূটনৈতিক সম্পর্ক নতুনকৈ স্থাপিত হয়৷ ইয়াৰ পিছত আফগানিস্তানৰ প্রতিখন প্রদেশতে বিনিয়োগ কৰিছে ভাৰতে৷ ৰাষ্ট্রীয় ঘাইপথৰ পৰা আফগান সংসদ, বিদ্যালয়, হাস্পতাল আদিত বিনিয়োগ কৰি আহিছিল ভাৰতে৷ কিন্তু তালিবানৰ প্রত্যাৱর্তনৰ লগে লগে এইক্ষেত্রত সৃষ্টি হয় সংকট৷ অৱশ্যে তালিবানৰ আশ্বাসত নতুন সম্ভাৱনাৰ সৃষ্টি হৈছিল৷ কিন্তু এইবাৰ ভাৰতস্থিত আফগান দূতাৱাস বন্ধ হোৱাৰ লগে লগে পৰিস্থিতি জটিল হৈ পৰা বুলি ধাৰণা কৰা হৈছে৷ লক্ষণীয় বিষয়টো হৈছে তালিবান প্রশাসনে দেশখনত নাৰীৰ বিৰুদ্ধে আৰোপ কৰা ফতোৱাসমূহত বিশ্বৰ অন্যান্য দেশৰ দৰে ভাৰতেও ক্ষোভ উজাৰি আহিছে৷ শ্বৰীয়তৰ দোহাই দি নাৰী শিক্ষাৰ পথ বন্ধ কৰিছে তালিবানে৷ পুনৰ নাৰীক বোর্খাৰ তলত বন্দী কৰাৰ বিভিন্ন নীতি গ্রহণ কৰিছে কট্টৰ ইছলামিক তালিবান প্রশাসনে৷ ইয়াৰ ফলত স্বাভাৱিকতে পূর্বৰ মিত্র দেশসমূহৰ সৈতে আফগানিস্তানৰ সম্পর্ক বিঘ্ণিত হৈছে৷ পাশ্চাত্যৰ দেশসমূহে এইক্ষেত্রত তীব্র ক্ষোভ উজাৰি আহিছে৷ কিন্তু তালিবানে পুনৰ অন্ধকাৰ দিশলৈ নাৰীসকলক ঠেলি দিছে৷ এনে কার্যত ক্ষুব্ধ ভাৰতো৷ এতিয়া দূতাৱাস কার্যালয় বন্ধ হোৱাৰ লগে লগে এই বিষয়সমূহত ভাৰতৰ সবল প্রতিক্রিয়াৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ লক্ষণীয় বিষয়টো হৈছে তালিবানে বিভিন্ন দেশৰ সৈতে কূটনৈতিক সম্পর্কৰ অৱনতি ঘটা সত্ত্বেও এইক্ষেত্রত বিশেষ গুৰুত্ব প্রদান কৰা নাই৷ এয়া তালিবান প্রশাসনৰ বিদেশ নীতিৰ ক্ষেত্রত অদক্ষতাৰ পৰিচয় বুলি প্রমাণিত হৈছে৷

You might also like