নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৰন্ত বিমানত ইমাৰ্জেঞ্চী দুৱাৰ খোলাৰ চেষ্টা উদণ্ড যুৱকৰ

বিশেষ বাৰ্তা, ২ অক্টোবৰঃ যদি আপুনি ৰেল, বাছ বা অন্যান্য ৰাজহুৱা পৰিবহণত যাত্ৰা কৰি আছে তেন্তে দুৱাৰ বা খিৰিকী খোলাটো সাধাৰণ কথা, কিন্তু যদি আপুনি বিমানত একে ভুল কৰে তেন্তে আপুনি বিপদত পৰিব। তেনে এটা শেহতীয়া ঘটনা পোহৰলৈ আহিছে। নাগপুৰৰ পৰা বাংগালুৰু অভিমুখী ইণ্ডিগো বিমানৰ জৰুৰীকালীন গেট খুলিবলৈ চেষ্টা কৰিছিল এজন যুৱকে। তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। আজি এই সন্দৰ্ভত আৰক্ষীয়ে তথ্য প্ৰদান কৰে। পিটিআইৰ প্ৰতিবেদন অনুসৰি গ্ৰেপ্তাৰৰ পিছত তেওঁক জামিনত মুকলি কৰি দিয়া হৈছে। ঘটনাটো ৩০ ছেপ্টেম্বৰৰ। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তক স্বপ্নীল হোল বুলি চিনাক্ত কৰা হৈছে। যোৱা ৩০ ছেপ্টেম্বৰৰ নিশা প্ৰায় ১০ বজাত নাগপুৰৰ পৰা বেংগালুৰু অভিমুখে ৬ই ৬৮০৩ নম্বৰৰ ইণ্ডিগো বিমানত উঠিছিল যুৱকজন। আৰক্ষীৰ মতে, বিমানখনৰ ইমাৰ্জেন্সী গেটৰ সমীপত বহি আছিল যাত্ৰীজন। উৰণৰ পূৰ্বে যেতিয়া ক্ৰু সদস্যসকলে যাত্ৰীসকলক বিমান সম্পৰ্কীয় তথ্য দি আছিল, তেতিয়া তেওঁ জৰুৰীকালীন গেটখন খুলিবলৈ চেষ্টা কৰিছিল বুলি অভিযোগ উঠিছে। বিমানৰ কৰ্মীসকলে এই কথা লক্ষ্য কৰাৰ লগে লগে লগে লগে তেওঁক বাধা দিয়ে। বিমানখনৰ আন যাত্ৰীসকলো এই কথা দেখি অস্থিৰ হ’বলৈ ধৰিলে। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই পিটিআইক জনোৱা মতে, নিশা ১১.৫৫ বজাত বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানখন অৱতৰণ কৰাৰ সময়তে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। বিমান সংস্থাৰ কৰ্মচাৰীৰ অভিযোগত ভাৰতীয় দণ্ডবিধিৰ ৩৩৬নং ধাৰাত এফআইআৰ পঞ্জীয়ন কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হয় (আনৰ জীৱন বা ব্যক্তিগত সুৰক্ষা বিপন্ন কৰাৰ প্ৰয়াস)। যুৱকজনক জেৰা কৰা হয়। অৱশ্যে প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত জামিনত মুকলি কৰি দিয়া হৈছে। উল্লেখ্য যে ৩ মাহ আগতে এজন যাত্ৰীয়ে চেন্নাইৰ পৰা তিৰুচিৰাপল্লীলৈ যোৱা ইণ্ডিগো বিমানৰ জৰুৰীকালীন দুৱাৰ খুলিছিল।

You might also like