ভাওৰাগুৰিৰ যুৱ বিজ্ঞানী তমাল দাসলৈ ইয়ং ছেৰিকালচাৰেল ছায়েণ্টিষ্ট এৱাৰ্ড
নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰ : কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ ভাওৰাগুৰিৰ ২নং বৰুৱাপাৰাৰ বাসিন্দা গোপাল দাস আৰু মাহামায়া দাসৰ পুত্ৰ যুৱ বৈজ্ঞানিক তমাল দাসলৈ ইয়ং ছেৰিকালচাৰেল ছায়েণ্টিষ্ট এৱাৰ্ড প্ৰদান। ১৭ নৱেম্বৰত চেন্নাইৰ লি পেলেছ হোটেলত ডঃ বি বসানথাৰাজ ডেবিড ফাউণ্ডেচনৰ উদ্যোগত “নেচনেল কনফাৰেঞ্চ অন এডভাঞ্চ ইন এগ্ৰিকালচাৰ ছাইন্ছ” শীৰ্ষক অনুষ্ঠানত প্ৰদান কৰে এই বটা। উল্লেখ্য যে উক্ত অনুষ্ঠানত দেশৰ বিভিন্ন ৰাজ্যৰ কেইবাগৰাকী বিজ্ঞানীয়ে কেইবাটাও শিতানত বটা লাভ কৰাৰ সমান্তৰালভাৱে ভাওৰাগুৰিৰ সন্তান যুৱ বিজ্ঞানীক তমাল দাসে লাভ কৰা বটাৰ বাবে উৎফুল্লিত হৈ পৰিছে ভাওৰাগুৰিবাসীৰ লগতে সমগ্ৰ মহকুমাবাসী। যুৱ বৈজ্ঞানিক তমাল দাসৰ হাতত বটা তুলি দিয়ে ইণ্ডিয়ান ৰিপুটেড এনটোমোলোজিষ্ট এণ্ড ছাইনটিষ্ট ডঃ বি বসানথাৰাজ ডেবিড। অনুষ্ঠানত এনটোমোলোজিকেল ছোটেইটি অফ ইণ্ডিয়াৰ সভাপতি ডঃ ভি ভি ৰামামুৰ্তি, প্ৰিঞ্চিপাল ছাইনটিষ্ট অফ আইছিএআৰ -নেচনেল বিউৰো অফ এগ্ৰিকালচাৰেল ইনচেকট ৰিছোৰ্চ বেংগালুৰু ডঃ সুনিল জোশী, প্ৰিঞ্চিপাল ছাইনটিষ্ট অফ আইছিএআৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ৰাইচ ৰিচাৰ্ছ হাইদ্ৰাবাদ ডঃ এ পি পদ্মকুমাৰি, প্ৰিঞ্চিপাল ছায়েণ্টিষ্ট এণ্ড হেড আইছিএআৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ছইল এণ্ড ৱাটাৰ কনজাৰভেচন ৰিচাৰ্ছ চেণ্টাৰ তামিলনাডু ডঃ সোমাসুডাৰাম জয়াৰামান, ইনষ্টিটিউট অফ এগ্ৰিকালচাৰেল চাইন্স বানাৰস হিন্দু ইউনিভাৰ্চিটিৰ এনটোমোলোজি এণ্ড জুলজি বিভাগৰ প্ৰছেছৰ ডঃ ৰাম কেভাল উপস্থিত থাকে।
প্ৰেৰক কৃষ্ণ বৰ্মন