🔹 ঘাতক প্ৰেমিকৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি
নিয়মীয়া বাৰ্তা, ২৪ জুলাই : বিলাসীপাৰাত আজি সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড। পৱিত্ৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলা প্ৰেমিকৰ হাতত প্ৰাণ গ’ল এগৰাকী যুৱতীৰ। এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰা থানাৰ ছুৱাপাতা চতুৰ্থ খণ্ড গাঁৱত। গাঁওখনৰ কলেজীয়া ছাত্ৰী বেহুলা খাতুন (২০)ৰ একে গাঁৱৰে ফজৰ আলীৰ লগত দীৰ্ঘদিনৰে পৰা প্ৰেমৰ সম্পৰ্ক আছিল। এই সম্পৰ্কক চিৰস্থায়ী কৰিবলৈ কালি নিশা যুৱতীগৰাকীয়ে প্ৰেমিক ফজৰ আলীৰ ঘৰত উপস্থিত হয়। যুৱতীগৰাকীৰ এনে কাৰ্যত জাঙুৰ খাই উঠে প্ৰেমিক ফজৰ আলী। আজি প্ৰেমিকজনে পৰিকল্পিতভাৱে যুৱতীগৰাকীক হত্যা কৰে। প্ৰেমিকাক হত্যা কৰি ভণ্ড প্ৰেমিক ফজৰ আলীৰ চাঞ্চল্যকৰ স্বীকাৰক্তি- ‘তাইক মই বিবাহ পাতিব বিচাৰিছিলোঁ, কিন্তু তাই আহি মোৰ গৃহত উপস্থিত হৈছে। সেয়ে তাইক ওৰণিৰে গলতে মেৰিয়াই একেবাৰে মাৰি পেলালোঁ।’ এই খবৰ লাভ কৰি ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষীৰ দল উপস্থিত হৈ প্ৰেমিক ফজৰ আলীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।
প্ৰেৰক সমৰেশ শীল শৰ্মা