নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত আৰক্ষীৰ জালত ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ যুৱক

নিয়মীয়া বাৰ্তা, ৮ জুন : আজি ধুবুৰী আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, এক গোপন তথ্যৰ ভিত্তিত আজি ধুবুৰীৰ কলেজ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ছাগলচৰা অঞ্চলৰ চৌমোৰ পূৱেৰ গাঁৱত এক অভিযান চলাইছিল। অভিযানকালত আৰক্ষীৰ দলটোৱে ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত ছহিদুৰ ৰহমান নামৰ যুৱকজনক হাতে-লোটে আটক কৰে। যুৱকজনৰ পৰা মুঠ ১১৪.১৭ গ্ৰাম ওজনৰ সন্দেহজনক ড্ৰাগছ উদ্ধাৰ হোৱা বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like