বিশেষ বাৰ্তা, ১০ ডিচেম্বৰঃ অসম মাতৃৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত প্রাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ সংগ্ৰামী সত্বাক স্মৰণ কৰি ভাৰতীয় জনতা যুৱ মৰ্চাই প্রতিবছৰৰ দৰে এইবাৰো নলবাৰী জিলাৰ বেলশৰ হাইস্কুল খেলপথাৰ প্রাঙ্গনত কেন্দ্ৰীয়ভাৱে “শ্বহীদ দিৱস” আয়োজন কৰে। আজিৰ অনুষ্ঠানত শ্বহীদসকলক সোৱঁৰণ কৰি তেখেতসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শ্বহীদ পৰিয়ালক মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্য চৰকাৰৰ মন্ত্ৰীদ্বয় জয়ন্ত মল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী, ৰাজ্যিক যুৱ মৰ্চাৰ প্রভাৰী দীপ্লু ৰঞ্জন শৰ্মা, নলবাৰী বিজেপিৰ সভাপতি ড০ মৃগাংক তালুকদাৰৰ লগতে দলৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে। শ্বহীদ দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়, জাতিৰ অস্তিত্ব সংগ্ৰামৰ দিনটোত প্রথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে ছবছৰীয়া ঐতিহাসিক অসম আন্দোলনত আত্মবলিদান দিয়া বীৰ শ্বহীদসকলৰ ত্যাগ আৰু বীৰত্বক স্মৰণ কৰিছোঁ৷ স্বদেশ আৰু স্বজাতিৰ অস্তিত্ব ৰক্ষাৰ মহা সংগ্ৰামখনত যিসকল বীৰ শ্বহীদে বুকুৰ তেজেৰে ইতিহাস ৰচি আমাৰ মাজৰ পৰা গুচি গ’ল, তেখেত সকলৰ আত্ম ত্যাগ আমাৰ মাজত যুগে যুগে অমৰ হৈ ৰ’ব। অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্বহীদৰ পুণ্যাত্মাক স্মৰণ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই কয় যে অবৈধ প্রবজনকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আই অসমীক সুৰক্ষিত কৰাৰ হেতু নিজৰ প্রাণ আহুতি দিবলৈ কুণ্ঠাবোধ নকৰা শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে ৮৫৪গৰাকী অসমীয়াই দেশপ্ৰেম আৰু জাতিপ্ৰেমৰ অপূৰ্ব নিদৰ্শন দেখুৱাই থৈ গৈছে। প্রতিজন অসমীয়াই সেই মহান সকলৰ আদৰ্শৰে অনুপ্ৰাণিত হওঁক। আনহাতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে সমাজ তথা দেশৰ সুৰক্ষাৰ স্বাৰ্থত শ্বহীদৰ আত্মবলিদানে আমাৰ মনত সদায় দেশপ্ৰেমৰ অমৰত্বৰ কথা সোঁৱৰাই থাকে।