নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াৰ কিংশুক মৰাণলৈ Zee Cine Award for Expert Sound Design বঁটা

Stree 2 বোলছবিৰ বাবে কিংশুকে লাভ কৰিলে এই বঁটা

বিশেষ বার্তা, ১৯ মে : ২০২৪ চনত মুক্তি লাভ কৰা হিন্দী চলচ্চিত্ৰ Stree 2ত কৰা sound designৰ বাবে নাহৰকটীয়াৰ কিংশুক মৰাণে Zee Cine Award for Expert Sound Design ৰাষ্ট্ৰীয় বঁটা লাভ কৰা খবৰে নাহৰকটীয়াৰ লগতে সমগ্ৰ অসমৰে সাংস্কৃতিক জগতখনত আনন্দৰ লহৰ তুলিছে।

উল্লেখযোগ্য যে নাহৰকটীয়া আমোলাপত্তি নিবাসী ৰূপেশ্বৰ মৰাণ আৰু বিনা ভাজনীৰ সন্তান কিংশুকে ২০০৮ চনৰে পৰা মুম্বাইত স্থায়ীভাৱে বসবাস কৰি sound designer ৰূপে কাম কৰি আহিছে। মন কৰিবলগীয়া যে কোনোধৰণৰ আনুষ্ঠানিক sound designingৰ শিক্ষা গ্ৰহণ নকৰাকৈয়ে নিজৰ অনুসন্ধিৎসু মন আৰু অহোপুৰুষাৰ্থৰ ফলত মুম্বাইৰ দৰে এক অতি কঠিন প্ৰতিযোগিতামূলক স্থানত নিজৰ প্ৰচেষ্টা অব্যাহত ৰখা তথা ইয়াৰ পূৰ্বেও বিভিন্ন বঁটা লাভ কৰা কিংশুকৰ এই সফলতাই স্বাভাৱিকতে সকলোকে আনন্দিত কৰি তোলাৰ লগতে কিংশুকক অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like