পাঠশালা ৰঙালী বিহু সন্মিলনৰ মঞ্চত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত মোহাচ্চন্ন দৰ্শক
দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈয়ো মঞ্চত সুন্দৰভাবে জুবিনক বাদ্যযন্ত্ৰত সংগ দিলে বাদ্যযন্ত্ৰীসকলে
নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ জনপ্ৰিয় কন্ঠশিল্পী জুবিনৰ সংগীতানুষ্ঠানে মুহিলে হেজাৰ হেজাৰ দৰ্শকক৷ উল্লেখ্যযে পাঠশালা ৰঙালী বিহু সন্মিলনীয়ে পাঁচদিনীয়া কাৰ্যসূচীৰে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ১, ২, ৩, ৪ আৰু ৫ বহাগত ৰঙালী বিহু উদযাপন কৰে৷ কাৰ্যসূচীৰ ৪ বহাগত নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অনুষ্ঠান উপভোগ কৰাৰ বাবে ভিন্ন প্ৰান্তৰ পৰা হেজাৰ হেজাৰ দৰ্শক উপস্থিত হয়হি বিহুতলীত৷ যোৱা নিশা অনুষ্ঠান পৰিবেশনৰ বাবে আহি থকা অৱস্থাত দুৰ্ঘটনাত আঘাত প্ৰাপ্ত হৈয়ো মঞ্চত সুন্দৰভাবে জুবিনক বাদ্য যন্ত্ৰত সংগ দিয়া বাদ্যযন্ত্ৰীসকলক মঞ্চত উঠিয়েই দুৰ্ঘটনাৰ আঘাতৰ বুজ লয় জুবিন গাৰ্গে। সংগীতানুষ্ঠানৰ মাজতে অহা ২৩ এপ্ৰিলত মুক্তি পাব লগা মুনিন বৰুৱাৰ জীৱনৰ ওপৰত নিৰ্মিত চলচ্চিত্ৰ “ভাইমন দা”ৰ প্ৰচাৰ কৰাৰ লগতে ছৱিখনত অভিনয় কৰা অভিনেতা অভিনেত্ৰী সকলক চিনাকী কৰি দি ছৱিখন সকলোকে উপভোগ কৰাৰ বাবে আহ্বান জনায় শিল্পীগৰাকীয়ে৷ ইপিনে জুবিন গাৰ্গে চান্দমাৰী বিহু সমিতিক ক্ষমা খুজিবলৈ প্ৰদান কৰা আদেশ সম্পৰ্কত বিহু কমিটিয়ে কৰা মন্তব্যৰ ওপৰত সাংবাদিকৰ আগত কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰিলে জুবিন গাৰ্গে৷ সাংস্কৃতিক মঞ্চত পাঠশালা ৰঙালী বিহু সন্মিলনীয়ে বজালীৰ গৌৰৱ, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা ‘IIT Topper Award’ লাভ কৰাৰ লগতে NASA দ্বাৰা আয়োজিত ৫৫ তম Lunar and Planetary Science Conference ত ভাৰতক প্ৰতিনিধিত্ব কৰি আন্তৰ্জাতিক পৰ্যায়ত অসমৰ নাম উজলোৱা কৃশাংগী কাশ্যপ আৰু অসম তথা ভাৰতৰ গৌৰৱ বিশিষ্ট বন্যপ্ৰাণী বিজ্ঞানী ড° পূৰ্ণিমা দেৱী বৰ্মণক মন্ত্ৰী তথা পাঠশালা ৰঙালী বিহুৰ মুখ্য পৃষ্ঠপোষক ৰঞ্জিত কুমাৰ দাস, বিশিষ্ট উদ্যোগপতি তথা মুখ্য পৃষ্ঠপোষক নিপন কুমাৰ তালুকদাৰে বিশেষভাবে সম্বৰ্ধনা জ্ঞাপন কৰে৷
প্ৰেৰক কল্যাণ কলিতা