নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাহিলিপাৰাৰ ঘৰখনত উশাহহীন জুবিন : অন্তিমবাৰৰ বাবে হিয়াৰ আমঠুৰ কাষত পিতৃ, আত্মীয়-স্বজন

বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰ : অৱশেষত কাহিলিপাৰাৰ ঘৰখনলৈ অনা হ’ল হিয়াৰ আমঠু জুবিন গাৰ্গৰ নশ্বৰ দেহ। বিমানবন্দৰৰ পৰা অজস্ৰ গুণমুগ্ধই আপোন শিল্পীগৰাকীৰ নিথৰ দেহ কফিনত ভৰাই লৈ আহিল কাহিলিপাৰাৰ জুবিনৰ ঘৰখনলৈ।

পিতৃ, পৰিয়াল, আত্মীয়-স্বজনৰ বাবে শেষবাৰলৈ হাৰ্টথ্ৰবৰ নিথৰ দেহ লৈ অনা হ’ল ফুলেৰে সজাই। ১৯ ছেপ্টেম্বৰৰ পৰা জুবিনক এবাৰ চাবলৈ ৰৈ আছিল পিতৃ, আত্মীয়-কুটুম। অৱশেষত প্ৰাণাধিক ভালপোৱা জুবিনক শেষ শ্ৰদ্ধা জনালে পৰিয়ালৰ প্ৰতিজন সদস্যই। পিতৃ কপিল বৰঠাকুৰ, পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নীৰ লগতে প্ৰতিজন আত্মীয়ই শেষবাৰলৈ জুবিনৰ মুখখন চাই জনালে শ্ৰদ্ধাঞ্জলি। পুত্ৰক শেষবাৰৰ বাবে স্নেহ পৰশ দিলে পিতৃয়ে। পৰিয়ালৰ প্ৰতিজনে জুবিনলৈ যাচিলে অশ্ৰুসিক্ত অঞ্জলি। কাহিলিপাৰাৰ ঘৰখনতে পৰিয়ালে সংগ্ৰহ কৰিলে জুবিনৰ ভৰিৰ চাপ।

শুকুৰবাৰে অগণন গুণমুগ্ধক কন্দুৱাই এই সংসাৰৰ পৰা মেলানি মাগিছিল অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গে ৷ অসম আৰু অসমীয়াক শোকসাগৰত পেলাই জুবিনে অকাল মৃত্যুক সাবটিছিল সুদূৰ ছিংগাপুৰত ৷ সেই তেতিয়াৰ পৰা এতিয়াও প্ৰিয় শিল্পীগৰাকীৰ বাবে বাসগৃহৰ বাহিৰতে ৰৈ আছে হাৰ্টথ্ৰবৰ অলেখ গুণমুগ্ধই।

You might also like