🔹 প্রিয় শিল্পী জুবিনৰ মৃত্যুৰ পিছতেই বেপাৰী শ্যামকানুৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ
বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰ : ছিংগাপুৰত দুর্ভাগ্যজনকভাৱে মৃত্যুক আঁকোৱালি লোৱা যুৱপ্রজন্মৰ হার্টথ্র’ব জুবিন গার্গৰ এই পৰিণতিৰ বাবে বেপাৰী শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে অসমবাসী৷ শদিয়াৰ পৰা ধুবুৰীলৈ ক্ষোভৰ উদ্গীৰণ ঘটাই শিল্পীগৰাকীৰ অনুৰাগী তথা গুণমুগ্ধসকলে চৰকাৰৰ পৰা মাথোঁ বিচাৰিছে বেপাৰী শ্যামকানু মহন্তৰ কঠোৰ শাস্তি৷
উল্লেখ্য যে পৰহি দুর্ভাগ্যজনক ঘটনাটো সংঘটিত হোৱাৰ পাছতে দায়সৰা মন্তব্য আগবঢ়াই আত্মপক্ষ সমর্থনৰ চেষ্টা চলাইছিল নর্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তই৷ তেওঁ ঘটনাটো সংঘটিত হোৱাৰ সময়ত বিজনেছ মীটত ব্যস্ত হৈ থকাৰ অজুহাত দিয়াৰ লগতে জুবিন গার্গৰ উক্ত ঘটনাৰ সৈতে কোনোপধ্যে জড়িত নাছিল বুলি মন্তব্য কৰিছে৷ ছিংগাপুৰৰ অসম এছ’চিয়েচনৰ সদস্যসকলৰ সৈতে গুৱাহাটীৰ পৰাই আগতীয়াকৈ জুবিন গার্গে সাঁতুৰিবলৈ যোৱাৰ পৰিকল্পনা ঠিক কৰিছিল বুলি কয় শ্যামকানু মহন্তই৷ অসমীয়া জাতীয় জীৱনৰ হার্টথ্র’ব জুবিন গার্গৰ দুর্ভাগ্যজনক মৃত্যুৰ পাছত নিজৰ ভুল স্বীকাৰ কৰাটো দূৰৰে কথা, ওলোটাকৈ চালে–বেৰে কোবোৱা মন্তব্যৰে সমগ্র ঘটনাটো বিপথে পৰিচালিত কৰাৰ চেষ্টা চলোৱা বেপাৰী শ্যামকানু মহন্তক ফাঁচি দিয়াৰ দাবী তুলিছে অনুৰাগী সমাজে৷ ৰাজ্যজুৰি বিভিন্ন থানাত অনুৰাগীসকলে ফেষ্টিভেলটোৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ লগতে মৰিগাঁৱত প্রাক্তন ছাত্র সতীর্থ সন্মিলনৰ মৰিগাঁও জিলা সমিতিয়ে পুত্তলিকা দাহ কৰি প্রতিবাদ সাব্যস্ত কৰে৷ মৰমৰ শিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ পিছতো কিয় তেওঁক বিদেশী ৰাষ্ট্রলৈ নিয়া হ’ল এয়া এক ৰহস্য বুলি মন্তব্য কৰি অনুৰাগীসকলে তদন্তৰ ক্ষেত্রত মুখ্যমন্ত্রীৰ হস্তক্ষেপ কামনা কৰিছে৷
উল্লেখ্য যে ঘটনাটো সন্দর্ভত বেপাৰী শ্যামকানু মহন্তই দায়সৰা মন্তব্য আগবঢ়োৱাৰ সময়তে শিল্পীগৰাকীৰ সৈতে থকা এগৰাকী সহযোগী হৰেশ্বৰ মহন্তই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে৷ যি সময়ত শ্যামকানু মহন্তই জুবিন গার্গে স্বইচ্ছাই ছিংগাপুৰলৈ যোৱা বুলি মন্তব্য কৰিছে, সেই সময়তে হৰেশ্বৰ মহন্তই সদৰী কৰা মতে, নর্থ–ইষ্ট ফেষ্টিভেলৰ আয়োজকে ছিংগাপুৰলৈ যাবলৈ খুব হেঁচা দি থকা বুলি জুবিন গার্গে তেওঁৰ আগত প্রকাশ কৰিছিল৷ ছিংগাপুৰলৈ যোৱাৰ দুদিন পূর্বে জুবিন গার্গে ছিংগাপুৰলৈ যাবলৈ তেওঁৰ মন নাই বুলি মন্তব্য কৰাৰ লগতে চিনেমাৰ কাম, ডাবিং আদি আছে বুলি প্রকাশ কৰিছিল৷ তালৈ যোৱা–নোযোৱাৰ ক্ষেত্রতো চিন্তা কৰিম বুলি তেওঁৰ আগত কৈছিল৷ এনেধৰণৰ বিস্ফোৰক অভিযোগ উত্থাপিত হোৱাৰ পিছত শিল্পীগৰাকীৰ অনুৰাগী তথা গুণমুগ্ধসকলে বেপাৰী শ্যামকানু মহন্তৰ গীতানগৰত থকা বাসগৃহৰ সন্মুখত তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ মৰমৰ শিল্পীগৰাকীক ঘূৰাই দিয়াৰ দাবী জনোৱা অনুৰাগীসকলে অভিযুক্ত শ্যামকানু মহন্তক কঠোৰৰ পৰা কঠোৰ শাস্তি দিবলৈ চৰকাৰক দাবী জনাইছে৷ যদি চৰকাৰে এই কাম কৰিব নোৱাৰে, তেন্তে শ্যামকানু মহন্তক ৰাইজৰ মাজলৈ উলিয়াই দিয়াৰো সকীয়নি সামাজিক মাধ্যমযোগে বিভিন্ন অনুৰাগীয়ে কৰিছে৷ অকল সেয়াই নহয়, একাংশ অনুৰাগীয়ে স্বঘোষিত উদ্যোগী শ্যামকানু মহন্তৰ ঘৰৰ সন্মুখত মূত্র বিসর্জনৰ দৰে নিকৃষ্ট পন্থা অৱলম্বন কৰি হ’লেও ক্ষোভৰ উদ্গীৰণ ঘটাব বুলি সামাজিক মাধ্যমত মন্তব্য কৰিছে৷