নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ট্রেড ইউনিয়নৰ দেশজোৰা সাধাৰণ ধর্মঘট–চকা বন্ধ

নিয়মীয়া বার্তা, ৭ জানুৱাৰীঃ কেন্দ্রীয় চৰকাৰৰ শ্রমিক–কৃষকবিৰোধী নীতি তথা জনবিৰোধী বিপজ্জনক আর্থিক নীতিসমূহৰ প্রতিবাদত অহা ৮ জানুৱাৰীৰ পুৱা ৬ বজাৰ পৰা ৯ জানুৱাৰীৰ পুৱা ৬ বজালৈ ৰাষ্ট্রজোৰা সাধাৰণ ধর্মঘট তথা চকা বন্ধৰ কার্যসূচী ৰূপায়ণ কৰিব কেন্দ্রীয় ট্রেড ইউনিয়নৰ সন্মিলিত মঞ্চই৷

অসমতো ৮ জানুৱাৰীত এই ধর্মঘট কার্যসূচী ৰূপায়ণ কৰা হ’ব৷ শ্রমিক–কর্মচাৰী সংগঠনসমূহে আহ্বান জনোৱা এই ধর্মঘটত অসমৰ দহটা ৰাজনৈতিক দলৰ উমৈহতীয়া মঞ্চ বাঁও গণতান্ত্রিক মঞ্চ, অসমে পূর্ণ সমর্থন আগবঢ়াইছে৷

মঞ্চই ৮ জানুৱাৰীত ৰাজ্যখনত কল–কাৰখানা, দোকান–পোহাৰ, যান–বাহন, অফিচ–আদালত, চৰকাৰী–বেচৰকাৰী উদ্যোগ প্রতিষ্ঠান, শিক্ষানুষ্ঠান বন্ধ ৰাখি মোদী চৰকাৰৰ জনবিৰোধী আর্থিক নীতি, সংবিধানবিৰোধী ‘কা’ তথা অসমবিৰোধী নীতিসমূহৰ বিৰুদ্ধে শক্তিশালী প্রতিবাদ সাব্যস্ত কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে৷

You might also like