নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতীগাঁৱৰ ফিলিপছ বেকাৰীত তলা খাদ্য সুৰক্ষাৰ

নিয়মীয়া বার্তা, ৭ জানুৱাৰীঃ খাদ্য সুৰক্ষা বিভাগৰ নীতি–নিয়ম উলংঘাৰে মহানগৰীত একাংশ অসাধু লোকে ব্যৱসায় চলাই আহিছে৷ অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্রস্তুত কৰি মহানাগৰিকৰ জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই অনা হোটেল, ৰেষ্টুৰেণ্ট তথা ব্যৱসায়িক প্রতিষ্ঠানত খাদ্য সুৰক্ষা বিভাগে অভিযান চলাই ইতিপূর্বে বহু প্রতিষ্ঠান ছীল কৰিছে যদিও পুনৰ সেইসমূহ সক্রিয় হৈ উঠিছে৷

সোমবাৰে কামৰূপ মহানগৰ জিলা খাদ্য সুৰক্ষা বিভাগে হাতীগাঁৱৰ সিজুবাৰীত থকা নিউ ফিলিপছ বেকাৰীক অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য–সামগ্রী প্রস্তুত কৰা গোপন খবৰৰ ভিত্তিত অতর্কিতে অভিযান চলায়৷ খাদ্য সুৰক্ষা বিভাগৰ পৰিদর্শক তৰুণ দাসৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে প্রতিষ্ঠানখনত অভিযান চলাই অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্রস্তুত কৰা ধৰা পেলায়৷ খাদ্য সুৰক্ষা বিভাগৰ অভিযানকাৰী দলটিয়ে ব্যৱসায়িক প্রতিষ্ঠানখন সাত দিনৰ বাবে বন্ধ কৰি দিয়ে৷

অৱশ্যে সাত দিনৰ ভিতৰত উপযুক্ত ব্যৱস্থা গ্রহণ কৰি ব্যৱসায়িক প্রতিষ্ঠানৰ গৰাকীয়ে খাদ্য সুৰক্ষা বিভাগক অৱগত কৰালে পুনৰ পৰিদর্শন কৰা হ‘ব বুলি পৰিদর্শক দাসে জানিবলৈ দিয়ে৷

ইপিনে এই অভিযানকাৰী দলটোৱে পাঞ্জাবাৰীস্থিত ৰিপ’জ বেকাৰীৰ লগতে ছয়মাইলৰ আন কেইবাখনো প্রতিষ্ঠানত অভিযান চলোৱা বুলি জানিব পৰা গৈছে৷

You might also like