ৰূপম দত্তৰ ‘লাইফ অৱ এ ড্রাইভাৰ–কেবিনৰ ইপাৰে’ উন্মোচনঃ গ্রন্থ ৰূপত লিপিবদ্ধ হ’ল নৈশবাছ চলোৱাৰ ১৫ বছৰীয়া বাস্তৱ অভিজ্ঞতা
নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ প্রায় ১৫ বছৰ ধৰি নাইট ছুপাৰ চলোৱাৰ অভিজ্ঞতাক সম্বল হিচাপে লৈ ৰূপম দত্তই লিখি উলিয়াইছে ‘লাইফ অৱ এ ড্রাইভাৰ–কেবিনৰ ইপাৰে’ নামৰ উপন্যাসখন৷ ড্রাইভাৰৰ জীৱন সংগ্রাম, প্রেম, ঘাত–প্রতিঘাতৰ ওপৰত বাস্তৱসন্মত অভিজ্ঞতাৰে লিখি উলিওৱা এই উপন্যাসখন আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়৷ এই উপলক্ষে গুৱাহাটী প্রেছ ক্লাবত আয়োজিত গাম্ভীর্যপূর্ণ অনুষ্ঠানত উপন্যাসখন উন্মোচন কৰে বিশিষ্ট ঔপন্যাসিক ফণীন্দ্র কুমাৰ দেৱচৌধুৰী, সাহিত্যিক ড০ জয়ন্ত মাধৱ বৰা আৰু প্রণয় বৰদলৈয়ে৷ গ্রন্থখন উন্মোচন কৰি ফণীন্দ্র কুমাৰ দেৱচৌধুৰীয়ে বাস্তৱভিত্তিক অভিজ্ঞতাৰ ওপৰত উপন্যাসখন লিখি উলিওৱাৰ বাবে লেখক ৰূপম দত্তক অভিনন্দন জ্ঞাপন কৰে৷ তেওঁ লগতে কয় যে লেখকে নিজেই ১৫ বছৰ ধৰি চালকৰ বৃত্তিত নিয়োজিত থাকি এই উপন্যাসখন বাস্তৱিক অভিজ্ঞতাৰে লিখি উলিয়াইছে৷
উন্মোচক দেৱচৌধুৰীয়ে ভাষণ প্রসংগত অন্যান্য বৃত্তিৰ ওপৰতো বাস্তৱিক অভিজ্ঞতাৰে সাহিত্য চর্চা কৰিবলৈ আহ্বান জনায়৷ বিশেষকৈ লেখক–সাহিত্যিকসক আন বৃত্তিত নিয়োজিত থাকি কল্পনা আৰু অভিজ্ঞতাৰ ওপৰতহে উপন্যাস, গল্প, লিখে৷ কিন্তু ৰূপম দত্তই বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ ওপৰত উপন্যাসখন লিখিছে৷ এই উপন্যাসখন পাঠক সমাজে আদৰি ল’ব বুলি তেওঁ আশা প্রকাশ কৰে৷ অসমী গগৈয়ে আঁত ধৰা এই গ্রন্থ উন্মোচনী অনুষ্ঠানত প্রকাশক অনিল বৰুৱাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷