নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰৰ সিদ্ধান্তক আদৰণি কর্মচাৰী সন্থাৰ

এনএইচএমৰ চাকৰিৰ কার্যকাল ৬০ বছৰলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ ৰাষ্ট্রীয় স্বাস্থ্য মিছন চমুকৈ এন এইচ এমৰ ঠিকাভিত্তিক কর্মচাৰীসকলৰ চাকৰিৰ কার্যকাল ৬০ বছৰলৈ বৃদ্ধিত অনুমোদন দিছে ৰাজ্য চৰকাৰে৷ যোৱা ২২ ডিচেম্বৰত মন্ত্রী পৰিষদৰ বৈঠকৰ এই সিদ্ধান্তক আদৰণি জনাইছে এন এইচ এম কর্মচাৰী সন্থাই৷ এক প্রেছ বিবৃতিত এন এইচ এম কর্মচাৰী সন্থাই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা জ্ঞাপন কৰে৷ লগতে দেশৰ ভিতৰত অসমে এন এইচ এম কর্মচাৰীসকলৰ চাকৰিৰ কার্যকাল ৬০ বছৰলৈ বৃদ্ধি কৰাটো এক যুগান্তকাৰী পদক্ষেপ বুলি সন্থাই অভিহিত কৰিছে৷ পৰৱর্তী সময়ত এই সুবিধাবোৰ কর্মচাৰীসকলে যাতে সোনকালে লাভ কৰিব পাৰে, তাৰ প্রতি দৃষ্টি ৰাখিবলৈ কর্মচাৰী সন্থাই চৰকাৰক আহ্বান জনাইছে৷ ইফালে, অহা জানুৱাৰী মাহত এন এইচ এম কর্মচাৰী সন্থাই এখন জাতীয় অভিৱর্তন অনুষ্ঠিত কৰিব৷ এই অধিৱেশনত মুখ্যমন্ত্রী আৰু স্বাস্থ্যমন্ত্রী উপস্থিত থাকিব বুলি কর্মচাৰী সন্থাৰ সভাপতি ড০ মলয় কুমাৰ দাস আৰু ভাৰপ্রাপ্ত সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়াই জানিবলৈ দিছে৷

You might also like